ETV Bharat / sports

আই পি এল ২০২৫ৰ বঁটাপ্ৰাপকৰ সম্পূৰ্ণ তালিকা - IPL 2025 PRIZE MONEY

কেৱল বিজয়ী আৰু বিজেতা দলেই নহয় বহু খেলুৱৈয়ে লাভ কৰিলে পুৰস্কাৰ ।

IPL 2025 Prize Money
আই পি এল ২০২৫ৰ বঁটাপ্ৰাপকৰ সম্পূৰ্ণ তালিকা (IANS photo)
author img

By ETV Bharat Assamese Team

Published : June 4, 2025 at 2:34 PM IST

7 Min Read

আহমেদাবাদ: অৱশেষত পূৰণ হ'ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সপোন । ১৭ বছৰীয়া হতাশাৰ অন্তত মঙলবাৰে টাটা আই পি এলৰ ফাইনেলত পঞ্জাবক পৰাস্ত কৰি খিতাপ দখল কৰে বেংগালুৰুৱে । ৰজত পাটিদাৰৰ নেতৃত্বাধীন আৰ চি বিয়ে শ্ৰেয়স আয়াৰ নেতৃত্বাধীন পঞ্জাব কিংছক ৬ ৰাণত পৰাস্ত কৰে ।

খেলৰ পাছত বিজয়ী আৰু বিজেতা দলৰ লগতে প্লে অফৰ আন দুটা দলেও কোটি কোটি টকাৰ পুৰস্কাৰ লাভ কৰে । ইয়াৰ লগতে গোটেই ছিজনটোত আকৰ্ষণীয় প্ৰদৰ্শন কৰি পুৰস্কাৰ লাভ কৰা খেলুৱৈসকলেও বহু টকা লাভ কৰিছে ।

আই পি এলত কোটি কোটি টকাৰ পুৰস্কাৰ

ক্ৰিকেট অনুৰাগীসকলে নিশ্চয় ভাবিছে যে এইবাৰ আই পি এল ২০২৫ৰ শীৰ্ষ ৪ দল আৰু তাৰকা খেলুৱৈক বি চি চি আয়ে কিমান পুৰস্কাৰ দিলে ? আচলতে আই পি এল ২০২৫ৰ নগদ পুৰস্কাৰ সন্দৰ্ভত বি চি চি আয়ে কোনো আপডেট দিয়া নাই । এনে পৰিস্থিতিত ২০২২ চনৰ পৰা বিজয়ী আৰু বিজেতা দলক ব'ৰ্ডে সমান নগদ পুৰস্কাৰ দিয়ে বুলি ধাৰণা কৰা হৈছে ।

অৱশ্যে আই পি এলৰ নগদ পুৰস্কাৰৰ অন্তিম পৰিৱৰ্তন ২০২২ চনত কৰা হৈছিল । সেই সময়ত আই পি এল খিতাপ জয়ী দলটোক ২০ কোটি টকা আৰু বিজেতা দলটোক ১৩.৫ কোটি টকা দিয়া হৈছিল । কোৱালিফায়াৰ-২ত পৰাস্ত হোৱা দলটোক ৭ কোটি আৰু এলিমিনেটৰত পৰাস্ত হোৱা দলটোক ৬.৫ কোটি টকা দিয়া হৈছিল ।

আই পি এল ২০২৫ৰ নগদ পুৰস্কাৰ :

  • বিজয়ী দল (আৰ চি বি) - ২০ কোটি
  • বিজেতা (পি বি কে এছ) - ১৩.৫ কোটি
  • কোৱালিফায়াৰ-২ত দলৰ পৰাজিত (এম আই)- ৭ কোটি
  • এলিমিনেটৰত পৰাজিত দল (জিটি)- ৬.৫ কোটি

আই পি এলত বিজয়ী আৰু বিজেতা দলৰ বাহিৰেও আন ৮ টা বঁটা প্ৰদান কৰা হয় । ইয়াৰ ভিতৰত আছে অ'ৰেঞ্জ কেপ, পাৰ্পল কেপ, ইমাৰ্জিং প্লেয়াৰ অৱ দ্য ছিজন, ছুপাৰ ষ্ট্ৰাইকাৰ অৱ দ্য ছিজন, মষ্ট ভেলুৱেবল প্লেয়াৰ অৱ দ্য ছিজন, পাৱাৰ প্লেয়াৰ অৱ দ্য ছিজন, মষ্ট ছিক্সছ অৱ দ্য ছিজন আৰু গেম চেঞ্জাৰ অৱ দ্য ছিজন । ইমাৰ্জিং প্লেয়াৰ অৱ দ্য ছিজনক ২০ লাখ টকাৰ নগদ পুৰস্কাৰ আৰু বাকী সকলোকে ১০ লাখ টকাকৈ প্ৰদান কৰা হয় ।

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে এলিমিনেটৰত পৰাস্ত হৈ গুজৰাট টাইটানছে (জিটি) আই পি এল ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম নহ'ল যদিও তেওঁলোকৰ বেটছমেন সাই সুদৰ্শন আৰু বলাৰ প্ৰসিদ্ধ কৃষ্ণ ছুপাৰষ্টাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হয় । সাই সুদৰ্শনে ছিজনৰ সৰ্বাধিক ৰাণৰ বাবে অ'ৰেঞ্জ কেপ আৰু সৰ্বাধিক উইকেটৰ বাবে প্ৰসিদ্ধ কৃষ্ণই পাৰ্পল কেপ লাভ কৰে ।

অ'ৰেঞ্জ কেপ-সাই সুদৰ্শন

গুজৰাট টাইটানছৰ তাৰকা বেটছমেন সাই সুদৰ্শনে ২০২৫ চনৰ আই পি এলত গড়ে ৫৪.২১ আৰু ১৫৬.১৭ ষ্ট্ৰাইক ৰেটত ১৫ খন মেচত ৭৫৯ ৰাণ সংগ্ৰহ কৰি অ'ৰেঞ্জ কেপ লাভ কৰে । ইয়াৰ উপৰিও তেওঁ প্ৰতিযোগিতাখনত ১ শতক আৰু ৬ টা অৰ্ধশতক অৰ্জন কৰে । য'ত তেওঁৰ সৰ্বাধিক স্ক'ৰ হৈছে অপৰাজিত ১০৮ ৰাণ ।

সুদৰ্শনে গোটেই ছিজনটোত ব্যতিক্ৰমী প্ৰদৰ্শনৰ বাবে ইমাৰ্জিং প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ বঁটাও লাভ কৰে । প্ৰতিযোগিতাখনত তেওঁ ৮৮ টা চাৰিটা কোবায় -যিকোনো খেলুৱৈৰ দ্বাৰা সৰ্বাধিক আৰু এই ছিজনত ১৪৯৫ টা সৰ্বাধিক ফেণ্টাচী পইণ্ট লাভ কৰে ।

পাৰ্পল কেপ - প্ৰসিদ্ধ কৃষ্ণ

গুজৰাট টাইটানছৰ তাৰকা বলাৰ প্ৰসিদ্ধ কৃষ্ণই ১৯.৫২ গড়ে ১৫ খন মেচত ২৫ টা উইকেট দখল কৰি পাৰ্পল কেপৰ সন্মান লাভ কৰে । তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল (৪/৪১) । এই তালিকাত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ নুৰ আহমেদ (১৪ খন মেচত ২৪ উইকেট), আৰ চি বিৰ জছ হেজলউড (১২ খন মেচত ২২ উইকেট), এম আইৰ ট্ৰেণ্ট বল্ট (১৬ খন মেচত ২২ উইকেট) আৰু পি বি কে এছৰ বলাৰ অৰ্শ্বদীপ সিং (১৭ খন মেচত ২১ উইকেট) অন্তৰ্ভুক্ত আছে ।

মষ্ট ভেলুৱেবল খেলুৱৈ - সূৰ্যকুমাৰ যাদৱ

মুম্বাই ইণ্ডিয়ানছৰ বেটছমেন সূৰ্যকুমাৰ যাদৱে এই ছিজনৰ মষ্ট ভেলুৱেবল খেলুৱৈৰ বঁটা লাভ কৰে । এম আইয়ে ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰাৰ পাছতো সূৰ্যকুমাৰৰ বিস্ফোৰক বেটিং হৈ থাকিল আৰু তেওঁ ৩২০.৫ এমভিপি পইণ্ট লাভ কৰে । টি-২০ত একেৰাহে ১৬ টা ইনিংছত ২৫ ৰাণতকৈ অধিক ৰাণ সংগ্ৰহ কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয় সূৰ্যকুমাৰ যাদৱ ।

বৈভৱ সূৰ্যবংশীয়ে লাভ কৰিলে টাটা কাৰ্ভ

আই পি এলৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক দ্ৰুততম শতক অৰ্জন কৰা ৰাজস্থান ৰয়েলছৰ (আৰ আৰ) ১৪ বছৰীয়া যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে প্ৰথম ছিজনতে আকৰ্ষণীয় প্ৰদৰ্শন কৰে আৰু ২০৭ৰ ষ্ট্ৰাইক ৰেটত ছুপাৰ ষ্ট্ৰাইকাৰ অৱ দ্য ছিজনৰ বঁটা লাভ কৰে ।

এইসকল খেলুৱৈয়েও লাভ কৰিলে বঁটা -

খেলপথাৰত অনুশাসন প্ৰদৰ্শনৰ বাবে চেন্নাই ছুপাৰ কিংছক ছিজনৰ ফেয়াৰ প্লে বঁটা প্ৰদান কৰা হয় । ছিজনৰ শ্ৰেষ্ঠ কেচৰ বঁটা লাভ কৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ কামিন্দু মেণ্ডিছে । এই ছিজনত মহম্মদ ছিৰাজে সৰ্বাধিক ডট বল (১৫১) কৰে । ইফালে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ নিকোলাছ পুৰাণে সৰ্বাধিক ছিক্সাৰ কোবাই - মুঠ ৪০ টা ।

আই পি এল ২০২৫ বঁটা বিজয়ীৰ সম্পূৰ্ণ তালিকা :

  • আই পি এল ২০২৫ চেম্পিয়ন : ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু
  • আই পি এল ২০২৫ বিজেতা : পাঞ্জাব কিংছ
  • অ'ৰেঞ্জ কেপ : সাই সুদৰ্শন (জিটি) - ৭৫৯ ৰাণ
  • পাৰ্পল কেপ : প্ৰসিদ্ধ কৃষ্ণ (জিটি) - ২৫ উইকেট
  • মষ্ট ভেলুৱেবল খেলুৱৈ : সূৰ্যকুমাৰ যাদৱ (এম আই) - ৩২০.৫ এম ভি পি পইণ্ট
  • ইমাৰ্জিং খেলুৱৈ : বি সাই সুদৰ্শন (জিটি)
  • ছুপাৰ ষ্ট্ৰাইকাৰ : বৈভৱ সূৰ্যবংশী (আৰ আৰ) - ষ্ট্ৰাইক ৰেট- ২০৭
  • সৰ্বাধিক চাৰি : বি সাই সুদৰ্শন (জিটি) - ৮৮
  • সৰ্বাধিক ছিক্সাৰ : নিকোলাছ পুৰাণ (এল এছ জি) - ৪০
  • সৰ্বাধিক ডট বল : মহম্মদ চিৰাজ (জিটি) - ১৫১
  • ফেয়াৰ প্লে বঁটা : চেন্নাই ছুপাৰ কিংছ
  • ছিজনৰ শ্ৰেষ্ঠ কেচ : কামিন্দু মেণ্ডিছ (এছ আৰ এইচ) – বনাম চি এছ কে ডেৱাল্ড ব্ৰেভিছ
  • সৰ্বাধিক ফেণ্টাচী পইণ্ট : বি সাই সুদৰ্শন (জিটি) – ১৪৯৫ পইণ্ট

লগতে পঢ়ক :প্ৰথমবাৰৰ বাবে চেম্পিয়ন হ'ল RCB, ১৭ বছৰৰ পাচত দখল আই পি এলৰ খিতাপ - RCB WON THE TITLE OF IPL 2025

লগতে পঢ়ক :১৮ বছৰীয়া প্ৰতীক্ষাৰ অন্তত আৰচিবিৰ বিজয়ত আনন্দৰ লহৰ - RCB CLINCH FIRST IPL

লগতে পঢ়ক :কণমানি কেচুঁৱাৰ দৰে খেলপথাৰতে কান্দি উঠিল কোহলী, অনুষ্কাক আলিংগন কৰিহে হ'ল শান্ত; ভাইৰেল ভিডিঅ’ - KOHLI CRIES AFTER WINNING IPL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.