বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ দলীয় শাখাত চীনৰ খিতাপ
অসমৰ বাবে সৌভাগ্য়ৰ কথা যে পৃথিৱীৰ সকলো দেশেই আমিনগাঁৱলৈ আহিছে: হিমন্ত বিশ্ব শৰ্মা

Published : October 11, 2025 at 8:07 PM IST
বাইহাটা চাৰিআলি: পোন প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত বি ডব্লিউ এফ (BWF) বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ দলীয় খিতাপ দখল কৰিলে চীনে । দলীয় শাখাৰ নতুন চেম্পিয়ন চীনে পৰাজিত কৰে ইণ্ডোনেছিয়াক । চূড়ান্ত মেচখনত ইণ্ডোনেছিয়াক ২-০ ছেটৰ ব্য়ৱধানত পৰাস্ত কৰি চীনে পিন্ধিলে বিজয় মুকুট ।
আমিনগাঁৱৰ নেচনেল স্কীল অৱ এক্সেলেঞ্চত চলি থকা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ দলীয় শাখাৰ আজি ফাইনেল খেলত ইণ্ডোনেছিয়াক ২-০ ছেটত পৰাজিত কৰি চীন চেম্পিয়ন হয় । খেলৰ শেষত অনুষ্ঠিত বঁটা বিতৰণী সভাত চেম্পিয়ন দলটোক বঁটা প্ৰদান কৰে বেডমিণ্টন ফেডাৰেচন অৱ ইণ্ডিয়াৰ সভাপতি তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে ভাৰতে প্ৰথমবাৰৰ বাবে এই বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ দলীয় শাখাত ছেমিফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হয় ।
অসমৰ বাবে সৌভাগ্য়ৰ কথা :
এই বঁটা বিতৰণী অনুষ্ঠানৰ পিছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "এটা সপোন আছিল অসমত বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাৰ । ভাৰতীয় বেডমিণ্টন সংস্থা আৰু অসম বেডমিণ্টন সংস্থাৰ উদ্য়োগত আমিনগাঁও ইণ্ডোৰ ষ্টেডিয়ামত বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে । ফাইনেলত চীনে জয়লাভ কৰিছে । ভাৰতেও ছেমি ফাইনেললৈ যাবলৈ সক্ষম হৈছে । অসমৰ বাবে এইটো এটা সৌভাগ্য়ৰ কথা যে পৃথিৱীৰ সকলো দেশেই আমিনগাঁৱলৈ আহিছে । ক্ৰীড়ামোদী ৰাইজক আমিনগাঁৱলৈ আহি বেডমিণ্টন উপভোগ কৰিবলৈ আহ্বান জনাইছো ।"
উল্লেখ্য় যে বৃহস্পতিবাৰে কোৰিয়াক পৰাস্ত কৰি বিশ্ব জুনিয়ৰ মিক্সড টিম বেডমিণ্টন চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি ভাৰতে প্ৰতিযোগিতাখনৰ ইতিহাসত প্ৰথমটো পদক লাভ কৰে ।

