ETV Bharat / sports

'ভাৰত নাহিলেও কোনো আপত্তি নাই': চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে প্ৰাক্তন স্পিনাৰ বিস্ফোৰক মন্তব্য - Champions Trophy 2025

Champions Trophy 2025: চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতে পাকিস্তান ভ্ৰমণ কৰিব নে নাই তাক লৈ বিতৰ্ক অব্যাহত আছে । তাৰ মাজতে পাকিস্তানৰ প্ৰাক্তন স্পিনাৰ ছাকলেইন মুস্তাকে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে । কি কৈছে জানো আহক ।

Champions Trophy 2025
ভাৰত নাহিলেও কোনো আপত্তি নাই (IANS Photos)
author img

By ETV Bharat Sports Team

Published : August 3, 2024 at 9:07 PM IST

3 Min Read
Choose ETV Bharat

স্পৰ্টছ ডেস্ক,৩ আগষ্ট : ২০২৫ চনত পাকিস্তানত অনুষ্ঠিত হ'ব চেম্পিয়নছ ট্ৰফী । এই প্ৰতিযোগিতাৰ বাবে ভাৰতে পাকিস্তান ভ্ৰমণ কৰিব নে নকৰে, তাক লৈ বিতৰ্ক চলি আছে । তাৰ মাজতে পাকিস্তানৰ এগৰাকী প্ৰাক্তন স্পিনাৰে ভাৰত সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে । প্ৰাক্তন স্পিনাৰ ছাকলেইন মুস্তাকে কয় যে ৮ টা দলৰ টুৰ্ণামেণ্টৰ বাবে ভাৰত দেশখনলৈ আহে নে নাই সেয়া তেওঁৰ বাবে গুৰুত্বপূৰ্ণ নহয় ।

উল্লেখ্য যে পাকিস্তান পুৰুষৰ এছিয়া কাপ ২০২৩ ৰ আয়োজক আছিল । কিন্তু ভাৰতে দেশখন ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিচত শ্ৰীলংকাক হাইব্ৰীড মডেলত প্ৰতিযোগিতাখন আয়োজন কৰাৰ বাবে অন্যতম স্থান হিচাপে বাছনি কৰা হৈছিল । নিৰাপত্তাৰ কথা চিন্তা কৰি বাবে ভাৰতে ২০০৮ চনৰ পুৰুষ এছিয়া কাপৰ পিচৰ পৰা পাকিস্তানত খেলা নাই ।

ছাকলেইন মুস্তাকৰ প্ৰতিক্ৰিয়া :

মুস্তাকে কয়, "এইটো সাধাৰণ কথা, যদি ভাৰতে আহিব বিচাৰে আহিব পাৰিব । যদি তেওঁলোকে আহিব নিবিচাৰে তেতিয়াও কোনো কথা নাই । ইয়াক লৈ হুলস্থুল কৰাৰ কোনো প্ৰয়োজন নাই । ইয়াৰ দ্বাৰা কোনো পক্ষ ভাল বা বেয়া নহয় । এয়া হৈছে আইচিচিৰ অনুসূচী আৰু তেওঁলোকে বিষয়টো লক্ষ্য কৰিব ।"

পাকিস্তান দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক মুস্তাকে ২০২৪ চনৰ পুৰুষ টি-২০ বিশ্বকাপত হতাশাজনকভাৱে গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হোৱাৰ পিচত পাকিস্তানৰ বৰ্তমানৰ দল পৰিচালনা সমিতিয়ে কেনেদৰে দলটোৰ নতুন অধিনায়ক নিযুক্তি দিব লাগে সেই সন্দৰ্ভতো কয় আৰু পূৰ্বৰ নিযুক্তিসমূহত দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ অভাৱৰ বাবে দুখ প্ৰকাশ কৰে । তেওঁ কয়, "বহুতে কৈছে যে বাবৰ আজমে অধিনায়কত্বৰ পৰা আঁতৰি আহি নিয়মীয়া খেলুৱৈ হিচাপে খেলিব লাগে । কিন্তু এই সকলোবোৰ কথা বাহিৰৰ পৰা আহিছে । যিয়ে বাহিৰৰ পৰা বস্তু বোৰ চাই আছে বা শুনি আছে ।"

তেওঁ কয়, "এইবোৰ বাহিৰৰ লোকৰ মন্তব্য । আমি বাহিৰৰ লোকৰ কথা শুনিব নালাগে । ভিতৰৰ লোকসকলে, যিসকলে ভিতৰৰ পৰা পৰিস্থিতিটো চাই আছে, প্ৰকৃততে কি চলি আছে সেয়া জানে আৰু দলটোক কাৰ্যকৰীভাৱে নেতৃত্ব দিবলৈ কোন সক্ষম সেয়া নিৰ্ণয় কৰা উচিত ।"

অধিনায়ক নিযুক্ত সন্দৰ্ভত তেওঁ কয়, "আমাৰ কোনো লক্ষ্য নাই । আমি কাইলৈ কি হ'ব তাক লক্ষ্য কৰো আৰু এজন অধিনায়ক নিযুক্তি কৰিলে তাৰ পিছদিনা দলটো সলনি হয় । কিয়নো এই সিদ্ধান্ত লোৱা লোকসকলে আনকি নাজানে যে তেওঁলোক কাইলৈ উপস্থিত থাকিব নে নাই, কোনো দীৰ্ঘম্যাদী পৰিকল্পনা নাথাকে ।" মুস্তাকে পাকিস্তানক তেওঁলোকৰ অধিনায়কসকলক নিৰন্তৰ সলনি নকৰিবলৈ পৰামৰ্শ দি কয় যে ই তেওঁলোকক বিশ্বমানৰ দল গঢ়ি তোলাত সহায় নকৰিব ।

লগতে পঢ়ক :চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ যাব পাৰে ভাৰতীয় দল: ৰাজীৱ শুক্লা - Champions Trophy 2025