হায়দৰাবাদ: আই চি চি চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে বিতৰ্কৰ সম্ভাৱনা পাকিস্তানত ৷ সামাজিক মাধ্যমত ভাইৰেল হোৱা পাকিস্তানৰ এটি ভিডিঅ’ই এতিয়া লগাইছে তোলপাৰ ৷
ভাইৰেল ভিডিঅ’টোত দেখা অনুসৰি, প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ৮ টা দলৰ ভিতৰত ষ্টেডিয়ামত সাতটা দলৰ পতাকা উৰি থকা দেখা গৈছে ৷ য’ত নাছিল মাথো ভাৰতৰ ত্ৰিৰংগা পতাকাখন ৷ বিষয়টো সন্দৰ্ভত এতিয়া আৰম্ভ হৈছে নতুন বিতৰ্ক ।
পাকিস্তান ষ্টেডিয়ামৰ পৰা অন্তৰ্ধান ভাৰতৰ পতাকা
এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত অনুৰাগীসকলে অনুমান কৰিছিল যে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) ভাৰতীয় দলটোক চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্তক লৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (পি চি বি) এইধৰণে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।
No Indian flag in Karachi: As only the Indian team faced security issues in Pakistan and refused to play Champions Trophy matches in Pakistan, the PCB removed the Indian flag from the Karachi stadium while keeping the flags of the other guest playing nations.
— Nawaz 🇵🇰 (@Rnawaz31888) February 16, 2025
- Absolute Cinema,… pic.twitter.com/2zmcATn7iQ
অৱশ্যে ভাৰতীয় পতাকাখনৰ অন্তৰ্ধান সন্দৰ্ভত এতিয়ালৈকে আই চি চিয়ে প্ৰকাশ কৰা নাই কোনো প্ৰতিক্ৰিয়া ৷
কিন্তু একাংশ অনুৰাগীৰ মতে ভাৰতীয় দলটোৱে ডুবাইত চেম্পিয়নছ ট্ৰফীৰ মেচসমূহ খেলাৰ বিষয়টোৰ সৈতে এই বিষয়ৰ কিবা সম্পৰ্ক থাকিব পাৰে । সেইবাবেই হয়তো পাকিস্তানত পৰিলক্ষিত হোৱা নাই ভাৰতৰ পতাকা ৷
উল্লেখ্য যে, যিখন দেশত আই চি চিৰ যিকোনো অনুষ্ঠান আয়োজন কৰা হয়, সেইখন দেশৰ ষ্টেডিয়ামত অনুষ্ঠানৰ শেষলৈকে অংশগ্ৰহণ কৰা সকলো দলৰ জাতীয় পতাকা উত্তোলন কৰা হয় ।
পাকিস্তানৰ তিনিখন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী
চেম্পিয়নছ ট্ৰফী ২০২৫ পাকিস্তানৰ তিনিখন ষ্টেডিয়াম ক্ৰমে, লাহোৰৰ গাদ্দাফি ষ্টেডিয়াম, কৰাচীৰ নেশ্যনেল ষ্টেডিয়াম আৰু ৰাৱালপিণ্ডি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । আনহাতে, দুখন ষ্টেডিয়াম ক্ৰমে কৰাচী আৰু লাহোৰত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছিল, যাক সামৰি প্ৰস্তুত কৰা হৈছে বিশেষ ভিডিঅ’ ।
#Pakistan didn't host #Indian flag over #Gaddafistadium and #Pakistan also hosted #Taliban 🏳️ white flag instead of #Afghanistan 🇦🇫 tri colour flag . pic.twitter.com/loccF8tjcG
— Zeitung (@Himat75) February 7, 2025
পাকিস্তানলৈ যাবলৈ অস্বীকাৰ ভাৰতীয় ক্ৰিকেট দলৰ
পাকিস্তানৰ নিৰাপত্তা সম্পৰ্কীয় সমস্যাৰ কথা উল্লেখ কৰি ভাৰতীয় দলটোৱে দেশখনত চেম্পিয়নছ ট্ৰফীৰ মেচসমূহ খেলিবলৈ অস্বীকাৰ কৰে । ইয়াৰ পিছত পাকিস্তান ক্ৰিকেট ব’ৰ্ড আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে প্ৰতিযোগিতাখনক হাইব্ৰিড পৰ্যায়লৈ ৰূপান্তৰিত কৰিবলৈ বাধ্য হয় ৷ এই চুক্তিৰ অংশ হিচাপে ভাৰতে ডুবাইত নিজৰ সকলো মেচ খেলিব ৷
১৯ ফ্ৰেব্ৰুৱাৰীৰ পৰা চেম্পিয়নছ ট্ৰফী
১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া চেম্পিয়নছ ট্ৰফী পাকিস্তানে আয়োজন কৰিছে, য’ত মুঠ ৮ টা দলে অংশগ্ৰহণ কৰিব । এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ হেতু প্ৰথমবাৰৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজে ।
সূচী অনুসৰি ১৯ ফেব্ৰুৱাৰীত পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব উদ্বোধনী মেচ । তদুপৰি ২০ ফেব্ৰুৱাৰীত ডুবাইত বাংলাদেশৰ বিৰুদ্ধে ভাৰতে আৰম্ভ কৰিব অভিযান ।
চেম্পিয়নছ ট্ৰফী ২০২৫ ত অংশগ্ৰহণ কৰা ৮ টা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে । গ্ৰুপ এ-ত ভাৰত, পাকিস্তান, বাংলাদেশ আৰু নিউজিলেণ্ড আৰু গ্ৰুপ বি-ত অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ইংলেণ্ড আৰু আফগানিস্তান আছে ।
লগতে পঢ়ক: ১৯৯৮-২০২৪ চনলৈ কোন কোন দলৰ শিৰত জিলিকিছিল চেম্পিয়নছ ট্ৰফীৰ খিতাপ