ETV Bharat / sports

চেম্পিয়নছ ট্ৰফী ২০২৫: ভাৰতীয় জাৰ্চীত পাকিস্তানক স্থান দিবলৈ অস্বীকাৰ বিচিচিআইৰ

সংবাদ মাধ্যমৰ সুত্ৰমতে বিচিচিআয়ে ভাৰতৰ জাৰ্চীত চেম্পিয়নছ ট্ৰফীৰ আয়োজক পাকিস্তানৰ নাম ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰিছে।

CHAMPIONS TROPHY
চেম্পিয়নছ ট্ৰফী- ফাইল ছবি (এএফপি)
author img

By ETV Bharat Assamese Team

Published : January 22, 2025 at 10:24 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদঃ আকৌ এক নতুন বিতৰ্কৰ আৱৰ্তত চেম্পিয়নছ ট্ৰফী ২০২৫ ৷ সংবাদ সংস্থা আইএএনএছৰ এক প্ৰতিবেদন মতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড চমুকৈ বিচিচিআয়ে আগন্তুক চেম্পিয়নছ ট্ৰফীৰ বাবে আয়োজক ৰাষ্ট্ৰ পাকিস্তানৰ নাম মুদ্ৰিত জাৰ্চী পিন্ধিবলৈ আপত্তি জনাইছে ৷

লগতে আন কিছু সংখ্যক সংবাদ মাধ্যমৰ প্ৰতিবেদনত এইটোও দাবী কৰা হৈছে যে ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাৰ এনে সিদ্ধান্তই আয়োজক পাকিস্তান ক্ৰিকেট ব'ৰ্ডক (পিচিবি) ক্ষোভিত কৰি তুলিছে আৰু তেওঁলোকে বিষয়টো সমাধানৰ বাবে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (আইচিচি) হস্তক্ষেপ বিচাৰিছে।

এই সন্দৰ্ভত পিচিবিৰ এজন বিষয়াই অভিযোগৰ সুৰত কৈছে যে বিচিচিআয়ে ৰাজনীতিক ক্ৰিকেটৰ সৈতে জড়িত কৰিছে।

"বিচিচিআয়ে ক্ৰিকেটৰ মাজলৈ ৰাজনীতিক টানি আনিছে, যিটো খেলবিধৰ বাবে একেবাৰে ভাল কথা নহয়। তেওঁলোকে পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰিছিল। উদ্বোধনী অনুষ্ঠানৰ বাবে তেওঁলোকে তেওঁলোকৰ অধিনায়কক (পাকিস্তানলৈ) পঠিয়াব নিবিচাৰে, এতিয়া বাতৰি আহিছে যে তেওঁলোকে তেওঁলোকৰ জাৰ্চীত আয়োজক ৰাষ্ট্ৰৰ (পাকিস্তান) নাম ছপা হোৱাটো নিবিচাৰে। আমি বিশ্বাস কৰোঁ যে বিশ্ব পৰিচালনা সমিতিয়ে (আইচিচি) এনে হ'বলৈ নিদিব আৰু পাকিস্তানক সমৰ্থন কৰিব," নাম প্ৰকাশ নকৰাৰ চৰ্তত পিচিবি বিষয়াজনে সংবাদ সংস্থাটোৰ আগত সদৰী কৰে।

আইচিচি প্ৰতিযোগিতাসমূহৰ পৰম্পৰা অনুসৰি, অংশগ্ৰহণকাৰী দলবোৰে (প্ৰতিযোগিতাখন আন ঠাইত অনুষ্ঠিত হ'লেও) তেওঁলোকৰ জাৰ্চীত আয়োজক ৰাষ্ট্ৰৰ নাম খোদিত কৰাৰ প্ৰথা চলি আহিছে। উদাহৰণ স্বৰূপে, ২০২১ চনৰ টি-২০ বিশ্বকাপত, প্ৰতিযোগিতাখন ইউ.এ.ই.ত অনুষ্ঠিত হোৱা স্বত্বেও পাকিস্তানৰ জাৰ্চীত আয়োজক দেশ ভাৰতৰ নাম লিখা আছিল। তদুপৰি, যেতিয়া পাকিস্তানে ভাৰতত অনুষ্ঠিত ২০১৬ টি-২০ বিশ্বকাপ আৰু ২০২৩ এদিনীয়া বিশ্বকাপত অংশগ্ৰহণ কৰিছিল, তেওঁলোকৰ জাৰ্চীত আয়োজক ৰাষ্ট্ৰৰ নাম লিখিত আছিল।

শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্কটোৱে বিচিচিআই আৰু পিচিবিৰ মাজত চলি থকা উত্তেজনাক আৰু অধিক ইন্ধন যোগোৱা পৰিলক্ষিত হৈছে কিয়নো ইতিপূৰ্বেই ভাৰতীয় ব‘ৰ্ডে প্ৰতিযোগিতাখনত অংশ লোৱাৰ বাবে পাকিস্তানলৈ যোৱাটো অস্বীকাৰ কৰিছিল আৰু সেই কাৰণে সমাধানস্বৰূপে ভাৰতৰ মেচসমূহ ইউ.এ.ইলৈ স্থানান্তৰ কৰা হৈছিল।

স্মৰ্তব্য যে আঠদলীয় প্ৰতিযোগিতাখন ১৯ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব আৰু ৯ মাৰ্চত সমাপ্ত হ'ব। হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনৰ ১৫ খন খেল আয়োজক দেশৰ তিনিটা স্থানত অনুষ্ঠিত হ'ব - কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডি।

লগতে পঢ়ক: চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দল ঘোষণা - CHAMPIONS TROPHY 2025