ETV Bharat / sports

জয় শ্বাহে কাৰ্যভাৰ চম্ভালাৰ দুদিন পূৰ্বে পাকিস্তানত বৃহৎ আঘাত হনাৰ সম্ভাৱনা

ICC Champions Trophy: 29 নৱেম্বৰৰ দিনটো পাকিস্তানৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন ৷ এই দিনটোতে গ্ৰহণ কৰা হ’ব চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ৷

Champions Trophy 2025
আই চি চি চেম্পিয়নছ ট্ৰফী 2025 (Getty Image)
author img

By ETV Bharat Sports Team

Published : November 27, 2024 at 1:32 PM IST

4 Min Read
Choose ETV Bharat

স্প’ৰ্টছ ডেস্ক: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে(আই চি চি) শুকুৰবাৰে অৰ্থাৎ 29 নৱেম্বৰত এক গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান জনাইছে ৷ এই বৈঠকত আগন্তুক চেম্পিয়নছ ট্ৰফীৰ সময়সূচীৰ সন্দৰ্ভত গ্ৰহণ কৰা হ’ব চূড়ান্ত সিদ্ধান্ত ৷

বিগত সময়ত ভাৰত-পাকিস্তানৰ মাজত অব্যাহত থকা মতানৈক্যৰ বাবে এই বৈঠক অনুষ্ঠিত কৰাত বিলম্ব হোৱা বুলি সদৰী কৰিছে আই চি চিয়ে ৷ বৈঠকখন ভাৰ্চুৱেল প্ৰক্ৰিয়াৰে অনুষ্ঠিত হ’ব ৷

হাইব্ৰিড মডেল এটা সম্ভাৱ্য বিকল্প

চেম্পিয়নছ ট্ৰফী 2025 ৰ আয়োজকৰ দায়িত্বত থকা পাকিস্তানে নিজৰ দেশতে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ স্থিতি অটুট ৰাখিছে ৷ কিন্তু পাকিস্তানত চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণৰ বাবে টীম ইণ্ডিয়াক কোনো কাৰণতে দেশখন ভ্ৰমণ কৰিবলৈ অনুমতি প্ৰদান নকৰে ভাৰত চৰকাৰে ৷

তেনেক্ষেত্ৰত পাকিস্তানৰ বাবে আছে এটাই বিকল্প, সেয়া হৈছে হাইব্ৰিড মডেল ৷ 2008 চনৰ মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণ(26/11) ৰ পিছৰে পৰা পাকিস্তান ভ্ৰমণ কৰা নাই ভাৰতে ৷

বি চি চি আইয়ে প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হোৱাটো বিচাৰে ৷ বি চি চি আইয়ে দিয়া পৰামৰ্শ অনুসৰি, সংযুক্ত আৰৱ আমিৰশ্বাহীত চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হোৱা উচিত ৷ পিছে আয়োজক দেশখনে বৰ্তমানলৈকে এই ফৰ্মূলাৰ প্ৰতি সেউজ সংকেত প্ৰদান কৰা নাই ৷

বিগত বছৰত ভাৰতে ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত পাকিস্তানে এছিয়া কাপ হাইব্ৰিড মডেলত অনুষ্ঠিত কৰিছিল । ভাৰতে নিজৰ আটাইকেইখন মেচ বিশেষকৈ ছেমি ফাইনেল আৰু ফাইনেল মেচ দুখন শ্ৰীলংকাত খেলিছিল ৷

জয় শ্বাহে এক ডিচেম্বৰত আই চি চিৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিব

আই চি চিৰ এজন মুখপাত্ৰৰ মতে, "চেম্পিয়নছ ট্ৰফীৰ সময়সূচী সন্দৰ্ভত আলোচনা কৰিবলৈ 29 নৱেম্বৰত আই চি চি ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হ'ব" ৷ বি চি চি আইৰ সচিব জয় শ্বাহে 1 ডিচেম্বৰত আই চি চিৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰাৰ দুদিনপূৰ্বে এই গুৰুত্বপূৰ্ণ ভাৰ্চুৱেল বৈঠকখন অনুষ্ঠিত হ’ব ।

আই চি চিৰ বৰ্তমানৰ পৰিচালনাৰ ওপৰত কিয় প্ৰশ্ন উত্থাপন কৰা হৈছে ?

চেম্পিয়নছ ট্ৰফী 2025 ৰ সময়সূচী আৰু স্থানক লৈ সৃষ্টি হোৱা মতভেদৰ বাবে অধ্যক্ষ গ্ৰেগ বাৰ্কেলি আৰু চি ই অ’-কে ধৰি আই চি চিৰ বৰ্তমানৰ পৰিচালনা সমিতিক লৈ উত্থাপিত হৈছে বহু প্ৰশ্ন ৷ এই সমস্যা সমাধানত কিহৰ বাবে পলম হৈছে আৰু শেষ মুহূৰ্তলৈকে কিয় ইয়াক পিছুৱাই দিয়া হৈছে, সেই সন্দৰ্ভতো উত্থাপন হৈছে প্ৰশ্ন ৷

1996 চনৰ বিশ্বকাপৰ পিছত এয়া পাকিস্তানৰ প্ৰথমটো আই চি চি ইভেণ্ট

টীম ইণ্ডিয়াই পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰাৰ পৰিপ্ৰেক্ষিতত হাইব্ৰিড মডেলেই হৈছে চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত কৰাৰ উৎকৃষ্ট বিকল্প ৷ সূত্ৰসমূহে সদৰী কৰা অনুসৰি, 70 নিযুত আমেৰিকান ডলাৰৰ হোষ্টিং মাচুলৰ উপৰিও হাইব্ৰিড মডেলত সন্মত প্ৰকাশ কৰিলে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক প্ৰদান কৰা হ’ব বিত্তীয় উদগনিমূলক ধন ৷ ইতিমধ্যে পি চি বি-য়ে কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিৰ ষ্টেডিয়ামসমূহৰ মেৰামতিৰ লগতে নবীকৰণৰ বাবে ব্যয় কৰিছে মিলিয়ন ডলাৰ ।

1996 চনৰ বিশ্বকাপৰ সহ আয়োজকৰ দায়িত্বত থকাৰ পিছত এয়া হ’ব পাকিস্তানৰ বাবে প্ৰথমটো আই চি চি ইভেণ্ট ৷ 2009 চনত শ্ৰীলংকাৰ ক্ৰিকেট দলটোক কঢ়িয়াই অনা বাছত হোৱা ভয়ংকৰ আক্ৰমণৰ পিছত ইংলেণ্ড, অষ্ট্ৰেলিয়াকে ধৰি শীৰ্ষৰ দলবোৰে বহুবছৰ ধৰি দেশখন ভ্ৰমণ কৰাৰ পৰা বিৰত আছিল ৷

2021 চনত আই চি চিয়ে পাকিস্তানক চেম্পিয়নছ ট্ৰফী আয়োজনৰ অধিকাৰ প্ৰদান কৰাৰ পিছৰে পৰা পি চি বিয়ে দেশৰ সকলো খেল আয়োজন কৰিবলৈ অনুৰাগীসকলৰ নিৰন্তৰ চাপৰ সন্মুখীন হৈ আহিছে । পি চি বিয়ে লগতে ভাবুকি দিছে যে যদি ভাৰতে চেম্পিয়নছ ট্ৰফীৰ বাবে দেশখন ভ্ৰমণ নকৰে, তেন্তে ভৱিষ্যতৰ আই চি চি ইভেণ্টৰ বাবে তেওঁলোকে দেশখনৰ ৰাষ্ট্ৰীয় দলসমূহক ভাৰতলৈ প্ৰেৰণ নকৰে ।

অৱশ্যে পাকিস্তানে যোৱা বছৰ এদিনীয়া বিশ্বকাপৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল ৷ যিটো বিগত সাত বছৰৰ ভিতৰত দলটোৰ প্ৰথম বিদেশ ভ্ৰমণ আছিল । ভাৰত আৰু পাকিস্তান দুয়োটাই কেৱল আই চি চি ইভেণ্ট আৰু এছিয়া কাপতহে এখন দেশে আনখন দেশৰ সৈতে খেলত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: বেকফুটত বি চি চি আই ! চেম্পিয়নছ ট্ৰফীৰ সন্দৰ্ভত পাকিস্তানে লাভ কৰিলে এইখন দেশৰ সমৰ্থন