এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচ ! সেউজ সংকেত কেন্দ্ৰৰ
ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলে পাকিস্তানৰ সৈতে দ্বিপাক্ষিক মেচ খেলাত বাধা আৰোপ ৷

Published : August 21, 2025 at 10:59 PM IST
নতুন দিল্লী: ভাৰত চৰকাৰে পাকিস্তানৰ সৈতে ক্ৰীড়া ইভেণ্টত নিজৰ নীতি উন্নত কৰাৰ লগতে ভাৰতীয় খেলুৱৈ আৰু দলসমূহক আন্তঃৰাষ্ট্ৰীয় মেচত পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ দিয়া হ’ব বুলি ঘোষণা কৰিছে ।
অৱশ্যে ভাৰতে দ্বিপাক্ষিক মেচত অংশগ্ৰহণৰ পৰা বিৰত থাকিব । ক্ৰীড়া মন্ত্ৰালয়ৰ এক সূত্ৰৰ উদ্ধৃতিৰে এই কথা নিশ্চিত কৰিছে সংবাদ সংস্থা এ এন আইয়ে ।
কি ক’লে ক্ৰীড়া মন্ত্ৰালয়ে ?
ক্ৰীড়া মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ উত্থানৰ কথা মনত ৰাখি আয়োজন কৰা বহুজাতিক প্ৰতিযোগিতাখনত ব্যক্তিগত খেলুৱৈ আৰু দেশসমূহৰ দলসমূহে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ।
‘‘তদুপৰি ভাৰত বা বিদেশত আন্তঃৰাষ্ট্ৰীয় আৰু বহুপক্ষীয় অনুষ্ঠানৰ ক্ষেত্ৰত আমি আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থাসমূহৰ নিয়ম আৰু আমাৰ খেলুৱৈসকলৰ স্বাৰ্থৰ দ্বাৰা পৰিচালিত হওঁ । চিৰবৈৰী দেশ দুখনৰ দ্বিপাক্ষিক ক্ৰীড়া প্ৰতিযোগিতাৰ ক্ষেত্ৰত যথাসম্ভৱ ভাৰতীয় দলসমূহে পাকিস্তানত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে নতুবা আমি পাকিস্তানী দলক ভাৰতত খেলিবলৈ নিদিওঁ’’ বুলি দেশৰ ক্ৰীড়া মন্ত্ৰালয়ে স্পষ্ট কৰে ৷
" in so far as bilateral sports events in each other's country are concerned, indian teams will not be participating in competitions in pakistan. nor will we permit pakistani teams to play in india": ministry of youth and affairs, govt of india pic.twitter.com/s1P0b1AbTT
— ANI (@ANI) August 21, 2025
এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচৰ বিৰুদ্ধে অনুৰাগীৰ ক্ষোভ
আগন্তুক এছিয়া কাপত পাকিস্তানৰ সৈতে ভাৰতীয় ক্ৰিকেট দলৰ মতানৈক্য অব্যাহত থকাৰ বাবে সৃষ্টি হোৱা ক্ষোভৰ মাজতে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতক খেলিবলৈ দিয়াত সকলোৱে বি চি চি আইক কঠোৰ সমালোচনা কৰিছে । ১৪ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপত মুখামুখি হ’ব ভাৰত-পাকিস্তান ।
এছিয়া কাপ ২০২৫ ত ভাৰত
উল্লেখ্য যে, ৯ ছেপ্টেম্বৰৰ পৰা সংযুক্ত আৰৱ আমিৰশ্বাহীত আৰম্ভ হ’ব এছিয়া কাপ ২০২৫ । এইবেলি এই প্ৰতিযোগিতাখন ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব । মুঠ ৮ টা দলে এছিয়া কাপত অংশগ্ৰহণ কৰিছে ৷ দলসমূহক দুটা গ্ৰুপত ভাগ কৰা হৈছে ।
ভাৰত, পাকিস্তান, সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু ওমানক ‘এ’ গ্ৰুপত স্থান দিয়াৰ বিপৰীতে শ্ৰীলংকা, আফগানিস্তান, বাংলাদেশ আৰু হংকঙক ‘বি’ গ্ৰুপত স্থান দিয়া হৈছে ৷
ভাৰতে ১০ ছেপ্টেম্বৰত সংযুক্ত আৰৱ আমিৰশ্বাহীৰ বিৰুদ্ধে নিজৰ অভিযান আৰম্ভ কৰিব । ইয়াৰ পিছত ভাৰতৰ দ্বিতীয়খন খেল ১৪ ছেপ্টেম্বৰত ডুবাইত পাকিস্তানৰ বিৰুদ্ধে আৰু তাৰ পিছত ১৯ ছেপ্টেম্বৰত ভাৰতৰ অন্তিমখন গ্ৰুপ মেচ হ’ব ওমানৰ বিৰুদ্ধে । ২৮ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ ফাইনেল মেচ ।
লগতে পঢ়ক: এছিয়া কাপৰ দল ঘোষণাৰ দুদিন পিছতে ভাৰতীয় ক্ৰিকেটাৰে ত্যাগ কৰিলে অধিনায়কত্ব

