ETV Bharat / sports

কাৰ্লোছ আলকাৰাজে ইতিহাস ৰচিলে, একেৰাহে দ্বিতীয়বাৰৰ বাবে ফ্ৰেন্স অ’পেনৰ খিতাপ দখল

বিশ্বৰ শীৰ্ষস্থানৰ ইটালীৰ জানিক চিনাৰক পৰাস্ত কৰি ফ্ৰেন্স অ’পেন ২০২৫ৰ খিতাপ দখল স্পেইনৰ কাৰ্লোছ আলকাৰাজৰ ।

FRENCH OPEN 2025
ফ্ৰেন্স অ’পেন ২০২৫ (AFP Photo)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 1:28 PM IST

3 Min Read
Choose ETV Bharat

পেৰিছ: স্পেইনৰ তাৰকা টেনিছ খেলুৱৈ কাৰ্লোছ আলকাৰাজে দেওবাৰে ফ্ৰেন্স অ’পেন ২০২৫ৰ খিতাপ অৰ্জন কৰি ইতিহাস ৰচনা কৰে । স্পেনিছ খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাখনত দৰ্শনীয় জয়ৰ জৰিয়তে ৩টা চেম্পিয়নশ্বিপ পইণ্ট ৰক্ষা কৰি পুৰুষৰ একক গ্ৰেণ্ড শ্লেমৰ ফাইনেলত জয়ী হোৱা অ’পেন যুগৰ প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে ।

আলকাৰাজে বিশ্বৰ শীৰ্ষস্থানৰ ইটালীৰ জানিক চিনাৰক পাঁচ ছেটৰ শ্বাহৰুদ্ধকৰ ফাইনেল খেলখনত পৰাস্ত কৰি খিতাপ দখল কৰে ৷ এই মেচখন এতিয়ালৈকে হোৱা ফ্ৰেন্স অ’পেন ফাইনেলৰ অন্যতম শ্ৰেষ্ঠ মেচ হিচাপে পৰিচিত হ’ব । স্পেইনৰ খেলুৱৈগৰাকীয়ে প্ৰথম ২টা ছেটত পৰাস্ত হোৱাৰ পাছত বিশ্বৰ ১ নম্বৰ খেলুৱৈগৰাকীক ৪-৬, ৬-৭ (৪-৭), ৬-৪, ৭-৬ (৭-৩), ৭-৬ (১০-২) ছেটত পৰাস্ত কৰে । দুয়োগৰাকী খেলুৱৈৰ মাজত প্ৰায় ৫ ঘণ্টা ৩০ মিনিট ধৰি খেলখন চলিছিল । যিখন ফ্ৰেন্স অ’পেনৰ ফাইনেলৰ এতিয়ালৈকে হোৱা আটাইতকৈ দীঘলীয়া মেচ আছিল ৷ পূৰ্বৰ আটাইতকৈ দীঘলীয়া ফাইনেল মেচখন ৪ ঘণ্টা ৪২ মিনিটত সময় চলিছিল ।

এই জয়ৰ ফলত আলকাৰাজে দ্বিতীয়টো ৰ’লেণ্ড গাৰোছৰ খিতাপ আৰু সামগ্ৰিকভাৱে পঞ্চমটো ডাঙৰ খিতাপ, যাৰ ফলত তেওঁ শ্লেম ফাইনেলত ৫-০ৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় । ইয়াৰ লগতে গুস্তাভো কুয়েৰ্টেন আৰু ৰাফেল নাডালৰ পিছত এই শতিকাত তেওঁ ফ্ৰেন্স অ’পেনৰ খিতাপ সফলতাৰে অক্ষুণ্ণ ৰখা তৃতীয়জন ব্যক্তি হিচাপে পৰিগণিত হয় ।

চতুৰ্থ ছেটত ৩-৫ আৰু সামগ্ৰিকভাৱে ১-২ ছেটত পিছ পৰি থকা কাৰ্লোছে ০-৪০ ত নিজৰ খিতাপ ৰক্ষা কৰিবলৈ আটাইতকৈ দুৰ্বল অৱস্থাত আছিল । কিন্তু স্পেনিছ তাৰকাগৰাকীয়ে ইয়াৰ পাছত ঐতিহাসিক প্ৰত্যাৱৰ্তন কৰিছিল আৰু তেওঁ তিনিটা চেম্পিয়নশ্বিপ পইণ্টৰ সন্মুখীন হৈছিল আৰু ইটোৰ পিছত সিটোকৈ আটাইকেইটা ৰক্ষা কৰিছিল । ইয়াৰ পাছতে আলকাৰাজে পৰৱৰ্তী ছেটত চিনাৰৰ ছাৰ্ভিচ ভাঙি ৫-৫ ছেটত সমতা স্থাপন কৰে ৷

পঞ্চম ছেটৰ প্ৰথমখন খেলতো আলকাৰাজে চিনাৰৰ ছাৰ্ভিচ ভাঙি ১-০ ছেটত অগ্ৰগতি লাভ কৰে । দুয়োজন খেলুৱৈয়ে নিজৰ ছাৰ্ভিচ ধৰি ৰাখিছিল আৰু আলকাৰাজে মেচখন জয়ী হোৱাৰ সম্ভাৱনা দেখা গৈছিল । অৱশ্যে এইবাৰ চিনাৰে আলকাৰাজৰ ছাৰ্ভিচ ভাঙি ৫-৫ ছেটত সমতা স্থাপন কৰে । মেচখন টাইব্ৰেকাৰত সোমাই পৰে, য’ত আলকাৰাজে ১০-২ ছেটত জয়লাভ কৰে । ফাইনেলত তিনিটা চেম্পিয়নশ্বিপ পইণ্ট ৰক্ষা কৰি আলকাৰাজে অ’পেন যুগত গ্ৰেণ্ড শ্লেম জয় কৰা তৃতীয়জন খেলুৱৈ হিচাপে পৰিগণিত হয় ।

উল্লেখ্য যে মেচখনত আলকাৰাজে দুটা ছেট পিছ পৰি আছিল আৰু তৃতীয় আৰু চতুৰ্থ ছেটত তেওঁ প্ৰত্যাৱৰ্তন কৰিছিল । দুটা ছেট পিছ পৰি ফ্ৰেন্স অ’পেনৰ ফাইনেলত জয়ী হোৱা খেলুৱৈৰ সংখ্যা অতি কম ।

প্ৰথম দুটা ছেট হেৰুৱাই ফ্ৰেন্স অ’পেনৰ ফাইনেলত জয়ী হোৱা খেলুৱৈ :

  • নোভাক জ’কভিচ - ২০২১ - বনাম ডেনিল মেডভেডেভ ৬-৭(৬), ২-৬, ৬-৩, ৬-২, ৬-৪
  • গাষ্টান গৌডিঅ' - ২০০৪ - বনাম গুইলেৰ্মো ক'ৰিয়া ০-৬, ৩-৬, ৬-৪, ৬-১, ৮-৬
  • আন্দ্ৰে আগাছি - ১৯৯৯ - বনাম আন্দ্ৰেই মেডভেডেভ ১-৬, ২-৬, ৬-৪, ৬-৩, ৬-৪
  • ইভান লেণ্ডল - ১৯৮৪ - বনাম জন মেকএনৰো ৩-৬, ২-৬, ৬-৪, ৭-৫, ৭-৫
  • ব্জৰ্ন বৰ্গ - ১৯৭৪ - বনাম মেনুৱেল অৰেণ্টেছ ২-৬, ৬-৭(৭), ৬-০, ৬-১, ৬-১

লগতে পঢ়ক : ফ্ৰেন্স অ’পেনৰ ছেমি ফাইনেলত পৰাজয়ৰ পাছত অৱসৰৰ ইংগিত ন’ভাক জ’কভিচৰ

বিশ্বৰ এক নম্বৰ খেলুৱৈক পৰাস্ত কৰি ইতিহাস ৰচনা কোকো গ'ফৰ