ETV Bharat / sports

কানাডাৰ যুৱ সাঁতোৰবিদৰ ইতিহাস ৰচনা: ২০০ মিটাৰ ব্যক্তিগত মেডলীত বিশ্ব অভিলেখ ভংগ - SWIMMING WORLD CHAMPIONSHIPS 2025

তিনিবাৰৰ অলিম্পিক চেম্পিয়ন ছামাৰ মেকইনটছে ২০০ মিটাৰ মেডলীত ২:০৫.৭০ ছেকেণ্ডৰে বিগত তিনিদিনৰ ভিতৰত দ্বিতীয়টো বিশ্ব অভিলেখ ভংগ কৰে ।

SWIMMING WORLD CHAMPIONSHIPS 2025
কানাডাৰ সাঁতোৰবিদ ছামাৰ মেকইনটছ (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : June 10, 2025 at 6:32 PM IST

2 Min Read

নতুন দিল্লী: জুলাই আৰু আগষ্ট মাহত ছিংগাপুৰত অনুষ্ঠিত হ’বলগীয়া বিশ্ব চেম্পিয়নশ্বিপ ২০২৫ ৰ বাবে কানাডাৰ সাঁতোৰ ট্ৰায়েলত আগবঢ়োৱা ছামাৰ মেকইনটছৰ প্ৰদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

সোমবাৰে ভিক্টোৰিয়াত ২০০ মিটাৰ মেডলীত অংশগ্ৰহণ কৰি আন এক বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয় ছামাৰ মেকইনটছে ৷

২০১৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত কাটিংকা হোছ্জুৰ ২:০৬.১২ ছেকেণ্ড সময়ৰে দ্বিতীয়টো বিশ্ব অভিলেখ ভংগ কৰে । ছামাৰে এই প্ৰদৰ্শন আগবঢ়ায় ২:০৫.৭০ ছেকেণ্ডত ৷ তদুপৰি ২:০৬ ছেকেণ্ডৰ ভিতৰত এই টাস্ক সম্পূৰ্ণ কৰা প্ৰথমগৰাকী মহিলা সাঁতোৰবিদত পৰিণত হয় ছামাৰ ।

এই সফলতাৰ পিছত মেকইনটছে কয় ‘‘এয়া কল্পনাতীত আৰু মই ভাবো ২০০ মিটাৰ আই এম মোৰ শীৰ্ষ পাঁচ-ছয়ৰ দৌৰৰ ভিতৰত অন্যতম, য’ত মই সঁচাকৈয়ে ভাল প্ৰদৰ্শন কৰিব লাগিব । ইয়াত ভুলৰ কোনো স্থান নাই আৰু এইটো মোৰ বাবে একপ্ৰকাৰৰ স্প্ৰিণ্ট ইভেণ্ট । মুঠতে মই ইয়াক লৈ অতি সুখী আৰু ই মোক ছিংগাপুৰলৈ যোৱাত বহু আত্মবিশ্বাস দিছে ।’’

বেকষ্ট্ৰ’ক লেগত তেওঁৰ টাইমিঙে (৩০.৮০) তেওঁৰ বাবে গতি নিৰ্ধাৰণ কৰিছিল ৷ কাৰণ যোৱা বছৰ কানাডাৰ ২:০৬.৫৬ ছেকেণ্ডৰ অভিলেখতকৈ ই এক ছেকেণ্ড বেছি দ্ৰুত আছিল ।

সোমবাৰে নিশা মেকইনটছে ৮০০ মিটাৰ দৌৰত ৮:০৫.০৭ ছেকেণ্ডত তৃতীয় দ্ৰুততম সময়ৰ অভিলেখ স্থাপন কৰে ৷ মঙলবাৰে সাঁতোৰবিদগৰাকীয়ে ২০০ মিটাৰ বাটাৰফ্লাই ষ্টাইলত সাঁতুৰিব । চীনৰ লিউ জিগেৰ ২:০১.৮১ ছেকেণ্ডৰ বিশ্ব অভিলেখৰ পিছতে ২০০ মিটাৰ বাটাৰফ্লাইৰ ইতিহাসত দ্বিতীয় দ্ৰুততম সময় (২:০৩.০৩) ত সাঁতোৰ সমাপ্ত কৰে কানাডাৰ খেলুৱৈগৰাকীয়ে ৷

এই ছিজনত বিশ্ব চেম্পিয়নশ্বিপৰ বাবে মেকইনটছে ৫ টা ব্যক্তিগত ইভেণ্টত সাঁতোৰাৰ পৰিকল্পনা কৰিছে । এইদৰে তেওঁ একক বিশ্ব চেম্পিয়নশ্বিপত (২০০৭) ৫ টা ব্যক্তিগত স্বৰ্ণপদক লাভ কৰাৰ পিছত অনন্য কৃতিত্ব অৰ্জন কৰাৰ সমান সুযোগ লাভ কৰিব ৷

২০০৮ চনৰ অলিম্পিকত তেওঁ এই কৃতিত্ব অৰ্জন কৰিছিল আৰু ৰিলেত তিনিটা স্বৰ্ণপদক লাভ কৰি তেওঁৰ মুঠ ব্যক্তিগত পদক আঠটালৈ বৃদ্ধি কৰিছিল ।

লগতে পঢ়ক: আই চি চি হল অৱ ফেমত এম এছ ধোনী: পূৰ্বে এই সন্মান লাভ কৰা ভাৰতীয় ক্ৰিকেটাৰসকলক জানেনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.