খেল পথাৰত ধোনীৰ প্ৰৱেশৰ লগে লগেই কুইন্টন ডি ককৰ পত্নীয়ে লাভ কৰিলে ৱাৰ্ণিং - IPL 2024 LSG Vs CSK
LSG Vs CSK: শনিবাৰে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে খেলখনত ৯ টা বলত অপৰাজিত ২৮ ৰান সংগ্ৰহ কৰি এম এছ ধোনীৰ কেমিঅ’ই যথেষ্ট চৰ্চা লাভ কৰে । কুইণ্টন ডি ককৰ পত্নী ছাশা ডি ককেও তেওঁৰ খেলপথাৰত সময়ত শব্দৰ মাত্ৰা প্ৰকাশ কৰি দেশত ধোনিৰ জনপ্ৰিয়তাৰ ইংগিত দিয়ে ।


Published : April 20, 2024 at 5:22 PM IST
নিউজ ডেস্ক, ২০ এপ্ৰিল: শুকুৰবাৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ষ্টেডিয়ামত খেলা আই পি এৰ ৩৪ সংখ্যক মেচখনত যেতিয়া এম এছ ধোনীয়ে বেটিঙৰ বাবে খেলপথাৰলৈ খোজ দিছিল, তেতিয়া গোটেই ষ্টেডিয়ামখনতেই তেওঁৰ অনুৰাগীৰ উছাহৰ বাবে তীব্ৰ কোলাহলৰ সৃষ্টি হৈছিল । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অপেনাৰ কুইণ্টন ডি ককৰ পত্নী ছাশা ডি ককে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ জৰিয়তে এম এছ ধোনীয়ে বেটিং কৰিবলৈ খেল পথাৰলৈ অহাৰ সময়ত শব্দৰ মাত্ৰা মাপ কৰি স্ক্ৰীণ শ্বট শ্বেয়াৰ কৰিছিল, যিয়ে ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে লাভ কৰা বিপুল জনপ্ৰিয়তাৰ ইংগিত দিয়ে ।
ধোনীয়ে মাত্ৰ ৯ টা বলৰ সন্মুখীন হৈ অপৰাজিত ২৮ ৰান সংগ্ৰহ কৰে । তেওঁৰ ৩ টা বাউণ্ডেৰী আৰু ২ টা ছিক্সাৰ কোবায় । তেওঁৰ এই ইনিংছে দলটোক স্ক’ৰ ব’ৰ্ডত ১৭৬/৬ ৰান সংগ্ৰহ কৰাত সহায় কৰে । ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে দেশত অনুৰাগীৰ বিপুল সমাদৰ লাভ কৰে আৰু যেতিয়াই তেওঁ খেলপথাৰত বেটিং কৰিবলৈ ৱাক ইন কৰে তেতিয়াই ষ্টেডিয়ামত সদায় অনুৰাগীৰ কোলাহল দেখা যায় ।
লক্ষ্ণৌৰ খেলুৱৈ কুইণ্টন ডি ককৰ পত্নীয়েও ধোনীৰ জনপ্ৰিয়তাক চিত্ৰিত কৰি তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন ছবি শ্বেয়াৰ কৰিছিল । য’ত প্ৰকাশ পাইছিল যে তেওঁ সোমাই অহাৰ লগে লগে শব্দৰ মাত্ৰা ৯৫ ডেচিবেল স্পৰ্শ কৰিছিল । অৱশ্যে স্মাৰ্টৱাচত প্ৰদৰ্শিত বাৰ্তাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । ইয়াৰ উপৰিও প্ৰকাশ পাইছে যে এই স্তৰত মাত্ৰ ১০ মিনিট সময় থাকিলে সাময়িকভাৱে মানুহে শ্ৰৱণ ক্ষমতা হেৰুৱাব পাৰে ।
"উচ্চ পৰিৱেশ । শব্দৰ মাত্ৰা ৯৫ ডেচিবেল স্পৰ্শ কৰিছে । এই স্তৰত মাত্ৰ ১০ মিনিট সময় থাকিলে সাময়িকভাৱে শ্ৰৱণ ক্ষমতা হেৰুৱাব পাৰে ।"
ধোনীয়ে কিছু উজ্জ্বল পাৱাৰ-হিটিঙেৰে দৰ্শকক মনোৰঞ্জন দিছিল । যি দৰ্শকক তেওঁৰ ভিনটেজ সংস্কৰণৰ কথাও সোঁৱৰাই দিছিল । চি এছ কেয়ে নিৰ্ধাৰণ কৰা লক্ষ্যক এল এছ জিয়ে সহজেই খেদি অতিক্ৰম কৰে । তেওঁলোকৰ দুয়োজন অ’পেনাৰ কুইণ্টন ডি কক আৰু কে এল ৰাহুল দুয়োৱেই অৰ্ধশতক অৰ্জন কৰিছিল আৰু ১৪ অভাৰলৈকে কোনো উইকেটৰ পতন ঘটা নাছিল । অপেনিং পাৰ্টনাৰশ্বিপে বিজয়ৰ ভেটি স্থাপন কৰে, ফলত ফ্ৰেঞ্চাইজিটো ৮ উইকেটত জয়লাভ কৰে ।
লগতে পঢ়ক: টিম ডেভিদ আৰু কায়েৰন পোলাৰ্ডক আচৰণবিধি ভংগ কৰাৰ বাবে জৰিমনা - IPL 2024

