ETV Bharat / sports

আধৰুৱা হৈ ৰ’ৱ মেৰী-অনলাৰ প্ৰেম কাহিনী; বিবাহ বিচ্ছেদৰ বাবে সাজু দম্পতীটো !

অৱসান হোৱাৰ দিশে বহু চৰ্চিত এক প্ৰেম কাহিনী ৷ স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ দিশে আগবাঢ়িছে বক্সাৰ মেৰী কমে !

Boxing Legend Mary Kom Reportedly Parts Ways With Husband K Onler After Massive Financial Blow
বক্সাৰ মেৰী কম (IANS)
author img

By ETV Bharat Assamese Team

Published : April 12, 2025 at 10:59 AM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : বিগত কেইবাদিনো ভাৰতৰ তাৰকাসকলৰ বিবাহ বিচ্ছেদৰ খবৰে যথেষ্ট চৰ্চা লাভ কৰিছে । এইবাৰ খবৰ আহিছে এগৰাকী তাৰকাৰ খেলুৱৈৰ ৷ নাম মেৰী কম ৷

ভাৰতীয় বক্সাৰ মেৰী কমৰ জীৱনৰ এক খবৰে দখল কৰিছে বাতৰিৰ শিৰোনাম ৷ খবৰটো হৈছে মেৰী কমৰ বিবাহ বিচ্ছেদক লৈ ৷ হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি মেৰী কমে তেওঁৰ স্বামীৰ অনলাৰ (কাৰুং অনখোলা) সৈতে বিবাহ বিচ্ছেদৰ দিশে আগবাঢ়িছে । বাতৰি অনুসৰি, এই দম্পতীটোৱে বিগত কিছুদিন ধৰি পৃথকে পৃথকে বাস কৰি আছে ।

মণিপুৰৰ নিৰ্বাচনত অনলাৰে পৰাজয়ৰ পিছতে দুয়োৰে মাজত কিছু সংঘাতে দেখা দিছিল ৷ জানিব পৰা মতে, নিৰ্বাচনী প্ৰচাৰত মেৰী কমে অনলাৰ নামত প্ৰায় ২-৩ কোটি টকা ব্যয় কৰিছিল । কিন্তু নিৰ্বাচনত পৰাজয়ে তেওঁলোকৰ সম্পৰ্কত অতি বেয়া প্ৰভাৱ পেলায় আৰু ক্ৰমান্বয়ে দুয়োৰে মাজত ফাট মেলিবলৈ ধৰে ।

Boxing Legend Mary Kom
বক্সাৰ মেৰী-অনলাৰ বিবাহ বিচ্ছেদ ! (Getty Images)

প্ৰতিবেদন অনুসৰি, মেৰী নিজৰ ফৰিদাবাদৰ ঘৰলৈ গুচি গৈছে আৰু তেওঁৰ লগত চাৰিটা সন্তান আছে ৷ আনহাতে, তেওঁৰ স্বামী অনলাৰ দিল্লীত আছে ।

দম্পতীটোৰ এক ঘনিষ্ঠ সূত্ৰই কয়, "মেৰী নিজৰ চাৰিটা সন্তানৰ সৈতে ফৰিদাবাদলৈ গুচি গৈছে, আনহাতে অনলাৰে নিজৰ পৰিয়ালৰ কিছু সদস্যৰ সৈতে দিল্লীত আছে । নিৰ্বাচনৰ পিছত তেওঁলোকৰ মাজত মতানৈক্য বাঢ়িবলৈ ধৰে । নিৰ্বাচনী প্ৰচাৰৰ সময়ত হোৱা আৰ্থিক লোকচান (প্ৰায় ২-৩ কোটি টকা)ৰ বাবে মেৰী অসন্তুষ্ট হোৱা বুলি জানিব পৰা গৈছে ।’’

হিন্দুস্তান টাইমছৰ প্ৰতিবেদনত আৰু কোৱা হৈছে, ‘‘অনলাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী নাছিল ৷ কিন্তু মেৰীয়ে অনলাৰক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ জোৰ দিছিল ৷ মেৰীৰ কথা মতে, অনলাৰক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । অৱশ্যে নিৰ্বাচনত অনলাৰ পৰাজয়ৰ পিছত দুয়োৰে মাজত কথাবোৰ পূৰ্বৰ দৰে নাছিল ৷ ক্ৰমাৎ দুয়োৰে মাজত মতানৈক্য বৃদ্ধি পাবলৈ ধৰিলে ।’’

উল্লেখ্য যে, ছয় বাৰৰ বিশ্ব চেম্পিয়ন তথা অলিম্পিক পদক বিজয়ী মেৰী কমে ২০০৫ চনত অনলাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । দুবছৰৰ পিছত তেওঁলোকৰ যমজ পুত্ৰ আৰু ২০১৩ চনত আন এজন পুত্ৰৰ জন্ম হয় । ২০১৮ চনত দম্পতীটোৱে এগৰাকী কন্যা সন্তানক দত্তক লয় । বৰ্তমান তেওঁলোকৰ ৪টা সন্তান আছে ।

লগতে পঢ়ক : বিশ্ব বক্সিং কাপত ভাৰতীয় বক্সাৰসকলৰ অসাধাৰণ প্ৰদৰ্শন, ৬টা পদক লাভ

লগতে পঢ়ক : নভবাকৈয়ে ইচ্ছা পূৰণ হ'ল এগৰাকী অনুৰাগীৰ