ETV Bharat / sports

উভতি ধৰিবলৈ সাজু অষ্ট্ৰেলিয়া; এডিলেইড টেষ্টৰ বাবে দল ঘোষণা

AUS vs IND 2nd Test: প্ৰথমখন টেষ্টত হাৰৰ সন্মুখীন হোৱা অষ্ট্ৰেলিয়াই দ্বিতীয় টেষ্টৰ বাবে ঘোষণা কৰিছে দলটো ৷

Border Gavaskar Trophy 2024
অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দল (AP PHOTO)
author img

By ETV Bharat Sports Team

Published : November 28, 2024 at 5:23 PM IST

2 Min Read
Choose ETV Bharat

স্প’ৰ্টছ ডেস্ক: 6 ডিচেম্বৰৰ পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন মেচ ৷ এডিলেইডত অনুষ্ঠিত হ’বলগীয়া এই মেচখনৰ বাবে ঘৰুৱা দল অষ্ট্ৰেলিয়াই দল ঘোষণা কৰিছে ৷

দ্বিতীয়খন টেষ্টৰ বাবে দলটোত কিছু সালসলনি ঘটোৱা হৈছে ৷ ভাৰতৰ 'এ' ৰ বিৰুদ্ধে দুখন খেলৰ শৃংখলাত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰা আনকেপড অলৰাউণ্ডাৰ বো ৱেবষ্টাৰক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন খেলৰ বাবে অষ্ট্ৰেলিয়াৰ টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

বো ৱেবষ্টাৰৰ কঠোৰ পৰিশ্ৰমৰ ফল

ৱেবষ্টাৰে এতিয়ালৈকে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত 5000 তকৈও অধিক ৰাণ আৰু প্ৰায় 150 টা প্ৰথম শ্ৰেণীৰ উইকেট দখল কৰিছে । ভাৰতৰ বিৰুদ্ধে অনানুষ্ঠানিক টেষ্ট শৃংখলাত ৱেবষ্টাৰে 72.50 গড়ে 145 ৰাণ সংগ্ৰহ কৰি অষ্ট্ৰেলিয়াৰ হৈ দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীত পৰিগণিত হৈছে । তেওঁ দলটোৰ হৈ সাতটা উইকেটো দখল কৰিছিল ৷ ফলস্বৰূপে তেওঁক অষ্ট্ৰেলিয়ান দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

মিচেল মাৰ্শৰ আঘাতক লৈ চলি থকা উদ্বেগৰ মাজতে অলৰাউণ্ডাৰ বো ৱেবষ্টাৰক অষ্ট্ৰেলিয়াৰ টেষ্ট দলত স্থান দিয়া হৈছে ৷ মাৰ্শে পাৰ্থ টেষ্টত 17 অভাৰ বলিং কৰিছিল, যিটো 2019 অভেল টেষ্টৰ পিছত টেষ্টত তেওঁৰ সৰ্বাধিক বলিং প্ৰদৰ্শন আছিল ।

ইতিমধ্যে টীম ইণ্ডিয়াই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী 2024 ৰ প্ৰথমখন টেষ্টত জয়লাভ কৰি শৃংখলাটোত 1-0 ৰ অগ্ৰগতি লাভ কৰিছে ৷

এডিলেইড টেষ্টৰ বাবে অষ্ট্ৰেলিয়াৰ দলটো

পেট কামিন্স (অধিনায়ক), স্কট বোলেণ্ড, এলেক্স কেৰী, জছ হেজলউড, ট্ৰেভিছ হেড, জছ ইংগলিছ, উছমান খাৱাজা, মাৰ্নাছ লাবুচাগনে, নাথান লিয়ন, মিচেল মাৰ্শ, নাথান মেকচুইনি, ষ্টিভ স্মিথ, মিচেল ষ্টাৰ্ক আৰু বো ৱেবষ্টাৰ ৷

লগতে পঢ়ক: পাৰ্থৰ শতকৰে টেষ্ট ৰেংকিঙত বৃহৎ উত্থান বিৰাট কোহলীৰ