ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে চাৰণ বিলত নাওখেল প্ৰতিযোগিতা - NATIONAL SPORTS DAY 2024
Kenoing training center in Charan Beel :মেজৰ ধ্যান চান্দৰ সোঁৱৰণত পালন কৰি অহা হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস । এই উপলক্ষে কেনয়িং আৰু কায়কিং জলক্ৰীড়া ক্ষেত্ৰত আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ ।

Published : August 31, 2024 at 5:36 PM IST
ধিং, ৩১ আগষ্ট: অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত শনিবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে মৰিগাঁৱৰ চাৰণ বিলত অনুষ্ঠিত হয় নাওখেল । কেনয়িং আৰু কায়কিং জলক্ৰীড়া ক্ষেত্ৰত অনুষ্ঠিত এই পৰম্পৰাগত নাওখেল প্ৰতিযোগিতাখনি উদ্বোধন কৰে ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচাই ।
এই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস মৰিগাঁও জিলাৰ চাৰণ বিলত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ তৎপৰতাত জলক্ৰীড়া প্ৰকল্পত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় নাওখেল । মেজৰ ধ্যান চান্দৰ সোঁৱৰণত ভাৰত চৰকাৰে উদযাপন কৰি আহিছে এই দিৱসটো । ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস বিগত বৰ্ষসমূহৰ দৰে এইবাৰ অসম চৰকাৰে মৰিগাঁও জিলাত উদযাপন কৰাত জিলাখনৰ ক্ৰীড়া অনুৰাগীৰ লগতে খেলুৱৈসকল উৎসাহিত হৈ পৰে ।
নেল' ব'ট মুকলি :
অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই পতাকা জোকাৰি পৰম্পৰাগত নাওখেলৰ শুভাৰম্ভ কৰাৰ লগতে মেজৰ ধ্যান চান্দৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পৰ্টুগালৰ পৰা অনা এখন নেল' ব'ট খেলুৱৈসকলৰ বাবে মুকলি কৰে । মন্ত্ৰী নন্দিতা গাৰ্লোচাই এই প্ৰতিযোগিতাখনি ইয়াত আয়োজন কৰা সন্দৰ্ভত কয়,"গুৱাহাটীৰ বাহিৰত প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাখনি আয়োজন কৰাৰ সুযোগ লাভ কৰিছো । " মন্ত্ৰীগৰাকীক সংগ দিয়ে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কৌচাৰ জামিল হিলালীয়ে ।
আনহাতে, মন্ত্ৰীগৰাকীয়ে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সৈতে ব'টত উঠি চাৰণ বিলৰ নৈসৰ্গিক পৰিবেশ উপভোগ কৰে । মৰিগাঁৱত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা নাওখেল প্ৰতিযোগিতাত বহুকেইজন লোকে অংশগ্ৰহণ কৰে । মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাও এই অনুষ্ঠানটোত উপস্থিত থাকে ।

