ETV Bharat / sports

নতুন ৰূপত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী

অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ তৃতীয় ক্লাষ্টাৰ ফুটবল প্ৰতিযোগিতা ।

Bordoloi Trophy 2025
নতুন ৰূপত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 30, 2025 at 7:20 AM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট : অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, গুৱাহাটী ক্ৰীড়া সন্থা আৰু গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত শালমাৰা চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হৈছে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ তৃতীয় ক্লাষ্টাৰ ফুটবল প্ৰতিযোগিতা । বুধবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গোলাঘাটৰ জিলা আয়ুক্ত পুলক মহন্ত । প্ৰথমে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে জিলা আয়ুক্ত পুলক মহন্তই ।

৭০ সংখ্যক ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী

উদ্বোধনী অনুষ্ঠানত গোলাঘাট ক্ৰীড়া সন্থাৰ উপ-সভাপতি নৃপেন বৰুৱা, সম্পাদক সঞ্জীৱ সন্দিকৈ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ তৃতীয় ক্লাষ্টাৰ ফুটবল প্ৰতিযোগিতাৰ অধ্যক্ষ পৰিক্ষিত দত্ত, প্ৰাক্তন বৰদলৈ ফুটবল খেলুৱৈ দিলীপ গগৈ আদিকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তি তথা ক্ৰীড়াবিদ উপস্থিত থাকে ।

নতুন ৰূপত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী (ETV Bharat)

গোলাঘাটত ৮ দলৰ মাজত খেল

জিলাখনৰ ৮ টা ফুটবল দলে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা আয়ুক্ত পুলক মহন্তই । এই প্ৰতিযোগিতাত বিজয়ী হোৱা দলে পৰৱৰ্তী সময়ত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ তৃতীয় ক্লাষ্টাৰ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব । বুধবাৰে প্ৰথম খেলখন সৰুপথাৰ একাদশ আৰু বোকাখাত একাদশৰ মাজত অনুষ্ঠিত কৰা হয় ।

এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি জিলা আয়ুক্ত পুলক মহন্তই কয়, "গোলাঘাট ক্ৰীড়া সন্থাৰ সৌজন্যত আজিৰে পৰা ক্লাষ্টাৰ তৃতীয় বৰদলৈ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে । এইবাৰ প্ৰায় ৫ হাজাৰ খেলুৱৈ সমগ্ৰ অসমতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু দেৱজিৎ শইকীয়াৰ নেতৃত্বত বৰদলৈ ট্ৰফী এইবাৰ পুনৰুজ্জীৱিত হৈছে যাৰ বাবে এইবাৰ ভাল ফলাফল দেখা যাব ।"

আনহাতে এই প্ৰতিযোগিতা সম্পৰ্কে গোলাঘাট ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৈয়ে কয়, "লোকপ্ৰিয় গোপীনাথ বৰদলৈ তৃতীয় ক্লাষ্টাৰ ফুটবল প্ৰতিযোগিতাখন গুৱাহাটী ক্ৰীড়া সন্থাই প্ৰথমবাৰৰ বাবে অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰাৰ লগতে গোলাঘাটতো অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে । যাৰ বাবে গুৱাহাটী ক্ৰীড়া সন্থাক আমি ধন্যবাদ জ্ঞাপন কৰিছো । ৮ টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা ১৩ ফেব্ৰুৱাৰীলৈ চলিব । এই প্ৰতিযোগিতাৰ পৰা অসমৰ বাবে বহু খেলুৱৈ উলিয়াই আনিব পাৰিম বুলি আমি আশাবাদী ।"

লগতে পঢ়ক :আৰ্থিকদীনতা কেতিয়াও বাধা হ'ব নোৱাৰে... - BRAHMAPUTRA VOLLEYBALL LEAGUE