বেংগালুৰু : বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰত বুধবাৰে সংঘটিত পদপিষ্টৰ ঘটনা সন্দৰ্ভত চাৰিগৰাকী লোকক আটক কৰা হৈছে । এই লোককেইগৰাকীক সম্প্ৰতি কুব্বন পাৰ্ক আৰক্ষী থানাত জোৰা কৰি থকা হৈছে । এই বিষয়ে সদৰী কৰিছে শীৰ্ষ আৰক্ষী বিষয়াই ।
উল্লেখ্য় যে, ৩৫ হাজাৰ আসন বিশিষ্ট ষ্টেডিয়ামখনত আৰচিবিৰ এই বিজয় উৎসৱৰ সময়ত লাখ লাখ লোক একেলগে সমবেত হোৱাৰ সময়ত এগৰাকী মহিলাকে ধৰি এঘাৰজন লোকৰ মৃত্যু হোৱাৰ পিচতেই এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত তদন্ত ঘোষণা কৰা হয় ।
এই সন্দৰ্ভত আৰক্ষী বিষয়াই উল্লেখ কৰিছে যে শেশাদ্ৰিপুৰ মহকুমাৰ এচিপি প্ৰকাশে আৰচিবি পৰিচালনা বিপণন বিভাগৰ নিখিল চোচালে আৰু ডিএনএ মেনেজমেন্টৰ সুনীল মথিউ, কিৰণ আৰু সুমনক নিজৰ জম্মাত লৈছে আৰু এতিয়া তেওঁলোকক অধিক তদন্তৰ বাবে সোধা-পোচা কৰিছে ।
বিজয় উৎসৱৰ বিষয়ে তথ্য আৰচিবিৰ আনুষ্ঠানিক X একাউন্টত দিয়া হৈছিল । ইয়াৰ ওপৰত ভিত্তি কৰিয়েই লাখ লাখ আনুৰাগীয়ে একেলগে আবেলি সমবেত হৈছিল । এই ঘটনাক লৈ শোকপ্ৰকাশ কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰাৰ পিচত গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়াত নিখিলক মুম্বাইলৈ যাবৰ বাবে চেষ্টা চলাওতেই বিমানবন্দৰলৈ যোৱাৰ সময়ত আটক কৰা হয় ।
তদুপৰি মঞ্চৰ নিৰাপত্তাৰ বাবে দায়িত্বপ্ৰাপ্ত ডিএনএ প্ৰতিষ্ঠানৰ তিনিগৰাকী লোককো আটক কৰা হৈছে । চাৰিওগৰাকীকে গ্ৰেপ্তাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিচতেই অধিক সোধাপোচা কৰা লগতে সন্ধিয়া আদালতত প্ৰদৰ্শন কৰা হ’ব ।
উল্লেখ্য় যে, প্ৰথমবাৰৰ বাবে আই পি এলৰ খিতাপ দখল কৰাৰ পিছত বেংগালুৰুত উপস্থিত হৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ দলটো ৷ দলটোক অভিনন্দন জনাবলৈ এম চিন্নাস্বামী ষ্টেডিয়ামত সমবেত হৈছিল লাখ লাখ ক্ৰিকেট অনুৰাগী ৷