ETV Bharat / sports

অনিশ্চয়তাত এছিয়া কাপ ২০২৫, এ চি চিৰ বৈঠকক লৈ বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত

২৪ জুলাইত বাংলাদেশৰ ঢাকাত এছিয়ান ক্ৰিকেট পৰিষদৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হোৱাৰ কথা।

BCCI
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : July 19, 2025 at 11:01 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : এছিয়ান ক্ৰিকেট পৰিষদৰ বাৰ্ষিক সাধাৰণ সভাত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। এ এন আই সংবাদ সংস্থাই সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰা এক প্ৰতিবেদনত কয়, "বি চি চি আইয়ে আনুষ্ঠানিকভাৱে এ চি চিৰ সভাপতি মহছিন নাকভিক জনাইছে যে যদিহে এই বৈঠক ঢাকাত অনুষ্ঠিত হয় তেন্তে তেওঁলোকে এই বৈঠকত অংশগ্ৰহণ নকৰে ।" উল্লেখ্য যে এ চি চিৰ সভাপতি হৈছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ (পি চি বি) অধ্যক্ষ মহছিন নাকভি ।

ইয়াৰ উপৰিও বি চি চি আইৰ লগতে আন বহু সদস্য ব’ৰ্ডেও ৰাজনৈতিক আৰু কূটনৈতিক কাৰণত বৈঠক বৰ্জন কৰাৰ সিদ্ধান্ত লোৱা বুলিও প্ৰতিবেদনত দাবী কৰা হৈছে । ইয়াৰ পিছতো যদি এই বৈঠক অনুষ্ঠিত হয়, তেন্তে ইয়াৰ প্ৰস্তাৱ বৰ্জন কৰা হ’ব । এ চি চিৰ সংবিধান অনুসৰি যদি এ চি চিৰ বৈঠকত ডাঙৰ সদস্য ব’ৰ্ডৰ অংশগ্ৰহণ অবিহনে কোনো সিদ্ধান্ত লোৱা হয়, তেন্তে সেইটো অবৈধ বুলি গণ্য কৰিব পাৰি ।

অনিশ্চয়তাত এছিয়া কাপ ২০২৫

প্ৰতিবেদনত কোৱা হৈছে যে বি চি চি আইয়ে এ চি চিৰ সভাপতিক বৈঠকৰ স্থান সলনি কৰিবলৈ অনুৰোধ জনাইছিল যদিও তাৰ পৰা এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই । ক্ৰমবৰ্ধমান বিৰোধিতা সত্ত্বেও এ চি চিৰ সভাপতি মহছিন নাকভিয়ে ঢাকাত বৈঠক অনুষ্ঠিত কৰাৰ বাবে অটল । যাৰ বাবে টি-২০ ফৰ্মেটত খেলা ছটা দলৰ প্ৰতিযোগিতা এছিয়া কাপ ২০২৫ৰ ভৱিষ্যত অনিশ্চয়তাৰ মাজত আছে ।

ৰাজনৈতিক সম্পৰ্কৰ বাবে লোৱা সিদ্ধান্ত

বৰ্তমান ভাৰত আৰু বাংলাদেশৰ মাজত চলি থকা উত্তেজনাপূৰ্ণ ৰাজনৈতিক সম্পৰ্কৰ বাবেই বি চি চি আইয়ে এই সিদ্ধান্ত লৈছে। শেহতীয়াকৈ বি চি চি আই আৰু বি চি বিয়ে পাৰস্পৰিক সন্মতি সাপেক্ষে ভাৰতৰ বাংলাদেশ ভ্ৰমণ ২০২৫ চনৰ আগষ্টৰ পৰা ২০২৬ চনৰ ছেপ্টেম্বৰলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এছিয়া কাপ ২০২৩ৰ বিজয়ী

এছিয়া কাপ ২০২৫ৰ আয়োজক ভাৰত আৰু এ চি চিয়ে এতিয়াও সূচী বা স্থান ঘোষণা কৰা নাই । দৰাচলতে এছিয়া কাপৰ ডিফেণ্ডিং চেম্পিয়ন ভাৰত । ২০২৩ চনত ভাৰতে এছিয়া কাপৰ বাবে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰিছিল আৰু ভাৰতৰ খেলৰ নিৰপেক্ষ স্থান হিচাপে শ্ৰীলংকাক নিৰ্বাচিত কৰা হৈছিল ।

এছিয়া কাপত সৰ্বাধিক সফল দল ভাৰত

৮ বাৰ খিতাপ দখল কৰি এই প্ৰতিযোগিতাত সৰ্বাধিক সফল দল হিচাপে পৰিগণিত হৈছে ভাৰত । শ্ৰীলংকাই ছয়বাৰ এছিয়া কাপ জয় কৰাৰ বিপৰীতে পাকিস্তানে দুবাৰকৈ জয়লাভ কৰিছে ।

লগতে পঢ়ক : এছিয়া কাপত অংশগ্ৰহণ নকৰে ভাৰতে: কঠোৰ সিদ্ধান্ত বি চি চি আইৰ