নতুন দিল্লী : ভাৰত আৰু পাকিস্তানৰ মাজত চলিত উত্তেজনাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে এইবাৰৰ এছিয়া কাপ আৰু উইমেন ইমাৰ্জিং টীমৰ এছিয়া কাপত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক খাৰিজ কৰিছে বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই ।
শেহতীয়াকৈ প্ৰকাশ পোৱা বাতৰি অনুসৰি, বিচিচিআয়ে এছিয়ান ক্ৰিকেট কাউন্সিলক দুয়োটা ইভেণ্টৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে । এই ইভেণ্ট দুটা হৈছে অহা মাহত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া উইমেন ইমাৰ্জিং টীম এছিয়া কাপ আৰু ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া পুৰুষ এছিয়া কাপ ।
শইকীয়াই এই বাতৰি স্পষ্টভাৱে অস্বীকাৰ কৰি দাবী কৰে যে বিচিচিআয়ে এনে কোনোধৰণৰ আলোচনা কৰা নাই বা এচিচিৰ অনুষ্ঠান সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । বিচিচিআইৰ সচিবগৰাকীয়ে এই প্ৰতিবেদনসমূহক ‘‘গুজৱ আৰু কাল্পনিক’’ বুলিও অভিহিত কৰে ।
BCCI Secretary Saikia dismisses reports of pulling out of ACC events, calls them " speculative and imaginary"
— ANI Digital (@ani_digital) May 19, 2025
read @ANI Story | https://t.co/UExoLKtsnS#BCCI #AsiaCup #TeamIndia #DevajitSaikia pic.twitter.com/d30n7plNgh
"আজি পুৱাৰে পৰা আমাৰ দৃষ্টিগোচৰ হৈছে যে বিচিচিআয়ে এছিয়া কাপ আৰু উইমেন ইমাৰ্জিং টীম এছিয়া কাপ এই দুয়োটা এচিচি ইভেণ্টতে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্তৰ বিষয়ে কিছু বাতৰি প্ৰকাশ পাইছে । এনে বাতৰিৰ কোনো ভিত্তি নাই আৰু সত্যৰ ওপৰত নিৰ্ধাৰিত নহয় । এতিয়ালৈকে বিচিচিআয়ে পৰৱৰ্তী এচিচি ইভেণ্ট সন্দৰ্ভত আলোচনাও কৰা নাই বা এনে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই, এচিচিলৈ লিখাটোতে দূৰৈৰে কথা । বৰ্তমান সময়ত আমাৰ প্ৰধান গুৰুত্ব হৈছে চলত আইপিএল আৰু পৰৱৰ্তী ইংলেণ্ড শৃংখলা, পুৰুষ আৰু মহিলা উভয়ৰে ।" ANI ৰ আগত দেৱজিৎ শইকীয়াই কয় ।
তেওঁ লগতে কয় যে এছিয়া কাপৰ বিষয়টো বা এচিচিৰ আন কোনো ইভেণ্টৰ বিষয়টো কোনো স্তৰতে আলোচনালৈ অহা নাই; সেয়েহে ইয়াৰ ওপৰত প্ৰকাশিত যিকোনো বাতৰি বা প্ৰতিবেদন সম্পূৰ্ণ উৰাবাতৰি আৰু কাল্পনিক ।
উল্লেখ্য যে, ভাৰত হৈছে বৰ্তমান এছিয়া কাপৰ চেম্পিয়ন আৰু সহযোগী আয়োজক । ২০২৩ চনত ভাৰতে এছিয়া কাপৰ বাবে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰাত ভাৰতৰ খেলৰ নিৰপেক্ষ স্থান হিচাপে শ্ৰীলংকাক বাছি লোৱা হৈছিল ।
আনহাতে, চলিত বৰ্ষৰ আৰম্ভণিতে পাকিস্তানে চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰিছিল যদিও ভাৰতে পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰাত নিজৰ সকলো মেচ ডুবাইত খেলিছিল ।
এচিচিৰ নেতৃত্বত আছে পাকিস্তান ক্ৰিকেট বোৰ্ডৰ অধ্যক্ষ মহছিন নাকভি । পাকিস্তানৰ আভ্যন্তৰীণ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰা পিচিবিৰ অধ্যক্ষগৰাকীয়ে শ্ৰীলংকান ক্ৰিকেটৰ (এছএলচি) সভাপতি ছাম্মি ছিলভাৰ উত্তৰাধিকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ।