ETV Bharat / sports

BCCI য়ে মূল পৃষ্ঠপোষকৰ বাবে জাৰি কৰিলে নিবিদা, এই কোম্পানীসমূহক কৰিলে নিষিদ্ধ

ড্ৰিম ১১ৰ বিদায়ৰ পিছৰে পৰা বি চি চি আইয়ে মূল পৃষ্ঠপোষকৰ সন্ধান কৰি আহিছে ।

TEAM INDIA TITLE SPONSOR
ভাৰতীয় ক্ৰিকেট দল (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : September 2, 2025 at 10:23 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ৰাষ্ট্ৰীয় দলৰ মূল পৃষ্ঠপোষকৰ অধিকাৰ লাভৰ বাবে নতুন নিবিদা জাৰি কৰিছে । যাৰ বাবে ব’ৰ্ডে আমন্ত্ৰণ পত্ৰও জাৰি কৰিছে । য’ত নিবিদাকাৰীসকলৰ বাবে বিশদ চৰ্ত আৰু নিয়মসমূহ শ্বেয়াৰ কৰা হৈছে । এই পত্ৰখন ২ ছেপ্টেম্বৰৰ পৰা আগ্ৰহী নিবিদাকাৰীসকলৰ বাবে উপলব্ধ হ’ব আৰু নিবিদা জমা দিয়াৰ শেষ তাৰিখ ১৬ ছেপ্টেম্বৰ নিৰ্ধাৰণ কৰা হৈছে ।

উল্লেখ্য যে, শেহতীয়াকৈ সংসদে অনলাইন গেমিং বিল গৃহীত কৰাৰ পিছত ভাৰতীয় ক্ৰিকেটে ৰিয়েল মানি গেমিং প্লেটফৰ্ম আৰু ক্ৰিপ্টো কোম্পানীৰ এপ্লিকেচন নিষিদ্ধ কৰিছিল । যাৰ বাবে ফেণ্টাচি স্প’ৰ্টছ কোম্পানী ড্ৰিম ১১ৰ সৈতে বি চি চি আইৰ চুক্তিও হঠাতে শেষ হৈ গ’ল । ড্ৰিম ১১ৰ মূল পৃষ্ঠপোষক হিচাপে ২০২৩ চনৰ জুলাইৰ পৰা ২০২৬ চনলৈকে তিনি বছৰৰ চুক্তি আছিল । যিটো ৩৫৮ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল, কিন্তু এবছৰ বাকী থকা অৱস্থাত চুক্তি শেষ হয় ।

পৃষ্ঠপোষক অবিহনে এছিয়া কাপ খেলিব টীম ইণ্ডিয়াই

এতিয়া বি চি চি আইয়ে নতুন পৃষ্ঠপোষক বিচাৰিছে । যাৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে আৰু ইয়াৰ বাবে শেষ তাৰিখ ১৬ ছেপ্টেম্বৰ । এই অনুসৰি ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এছিয়া কাপত ভাৰতীয় পুৰুষ দলটোৱে কোনো মূল পৃষ্ঠপোষক নোহোৱাকৈ খেলিব । কাৰণ তেওঁলোকৰ প্ৰথমখন মেচ ১০ ছেপ্টেম্বৰত আৰু দ্বিতীয়খন মেচ ১৪ ছেপ্টেম্বৰত আছে । কিন্তু মহিলা দলটোৱে ৩০ ছেপ্টেম্বৰৰ পৰা নিজৰ ঘৰুৱা খেলপথাৰত মহিলা এদিনীয়া বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব । সেই সময়লৈকে বি চি চি আইৰ মূল পৃষ্ঠপোষক পোৱাৰ সম্পূৰ্ণ আশা ।

এই কোম্পানীসমূহে পৃষ্ঠপোষকতাৰ বাবে নিবিদা দিব নোৱাৰে

বি চি চি আইয়ে নিজৰ নিবিদাত স্পষ্ট কৰি দিছে যে ব’ৰ্ডত মদ, ধঁপাত, বাজী, ৰিয়েল মানি গেমিং, ক্ৰিপ্টোকাৰেন্সী আৰু পৰ্ণগ্ৰাফীৰ ব্ৰেণ্ড বা জনসাধাৰণৰ নৈতিকতাক আঘাত কৰা কোনো কোম্পানীক এই নিবিদাত অন্তৰ্ভুক্ত কৰা নহ’ব ।

লগতে পঢ়ক : কোটিপতি হ’ব ৪টা মহিলা ক্ৰিকেট দল, অভিলেখ সংখ্যক পুৰস্কাৰৰ ধন ঘোষণা কৰি সকলোকে আচৰিত কৰিলে আই চি চিয়ে

গুৱাহাটীত মহিলা বিশ্বকাপৰ উদ্বোধনী খেলৰ লগতে হ'ব চাৰিখন মেচ: নবেম্বৰত প্ৰথমবাৰৰ বাবে টেষ্ট মেচ

এছিয়া কাপত ৰোহিত শৰ্মা-বিৰাট কোহলীৰ অভিলেখ ভংগৰ সম্ভাৱনা, কাৰ ভাগ্যত মিলিব এই সুযোগ