ভাৰতৰ আগত শিৰনত পাকিস্তানৰ, বি চি চি আইৰ ওচৰত ক্ষমা বিচাৰিলে মহছিন নকভিয়ে
টীম ইণ্ডিয়াক এছিয়া কাপৰ ট্ৰফী প্ৰদান নকৰাৰ বাবে এ চি চিৰ বৈঠকত বি চি চি আইয়ে প্ৰচণ্ড ধমক দিয়ে পিচিবিৰ অধ্যক্ষ মহছিন নকভিক ।

Published : October 1, 2025 at 9:53 PM IST
হায়দৰাবাদ: এছিয়া কাপৰ ফাইনেল মেচত ভাৰতৰ হাতত পৰাস্ত হৈ ট্ৰফী জয়ৰ পৰা বঞ্চিত হৈছিল পাকিস্তান । টীম ইণ্ডিয়াই এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি মহছিন নকভিৰ পৰা এই ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল, যিজন পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষৰ লগতে পাকিস্তানৰ গৃহমন্ত্ৰীও ।
টীম ইণ্ডিয়াৰ এই সিদ্ধান্ত প্ৰত্যক্ষ কৰাৰ পিছত নকভিয়ে এছিয়া কাপৰ বিজয়ী ট্ৰফীটো নিজৰ লগতে লৈ এখন হোটেললৈ যায় ৷ তদুপৰি ট্ৰফীৰ বিনিময়ত আন এক ইভেণ্ট অনুষ্ঠিত কৰাৰ পোষকতা কৰে, য’ত টীম ইণ্ডিয়াই তেওঁৰ পৰা ট্ৰফী আৰু পদক গ্ৰহণ কৰিব ৷
এ চি চিৰ বৈঠকত বি চি চি আইয়ে নকভিক দিলে ধমক
দৰাচলতে এছিয়ান ক্ৰিকেট কাউন্সিলৰ বৈঠকত এ চি চিৰ সভাপতি মহছিন নকভিৰ আচৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বি চি চি আইয়ে । বি চি চি আইৰ উপ-সভাপতি তথা প্ৰতিনিধি ৰাজীৱ শুক্লাই নকভিয়ে ভাৰতক ট্ৰফী প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাক তীব্ৰ গৰিহণা দিয়ে ।
বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰা খবৰ অনুসৰি শুক্লাই প্ৰশ্ন কৰে, ‘‘বিজয়ী দলটোক কিয় ট্ৰফী প্ৰদান কৰা নহ'ল ? এয়া এ চি চিৰ ট্ৰফী, কাৰো ব্যক্তিগত সম্পত্তি নহয় ।’’

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ইয়াৰ উত্তৰত মহছিন নকভিয়ে কয়, ‘‘মই বিনা কাৰণতে কাৰ্টুনৰ দৰে থিয় হৈ আছিলো । ভাৰতৰ পৰা কোনো লিখিত জাননী দিয়া হোৱা নাছিল যে তেওঁলোকে মোৰ পৰা ট্ৰফী গ্ৰহণ নকৰে । এই বিষয়টো এই বৈঠকত নহয়, বেলেগ মঞ্চত আলোচনা কৰা হ'ব ।’’
ৰাজীৱ শুক্লা আৰু আশীষ শ্বেলাৰৰ বিৰোধিতা
বি চি চি আইৰ প্ৰতিনিধি আশীষ শ্বেলাৰো ৰাজীৱ শুক্লাৰ সৈতে এ চি চিৰ বৈঠকত উপস্থিত থাকে । বৈঠকত নকভিয়ে নেপাল আৰু মংগোলিয়াক এ চি চিত অন্তৰ্ভুক্তিৰ বাবে অভিনন্দন জনায় । ভাৰত এছিয়া কাপত চেম্পিয়ন হোৱাৰ বাবে অভিনন্দন নজনোৱাক লৈ শ্বেলাৰে নকভিক কঠোৰ সমালোচনা কৰে । ইয়াৰ পিছতো নকভিয়ে ভাৰতক এছিয়া কাপ জয়ৰ বাবে অভিনন্দন জনাবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰে ।
একাংশ সংবাদ মাধ্যমত দাবী কৰা হৈছে যে এছিয়া কাপ জয়ৰ বাবে ভাৰতক অভিনন্দন নজনোৱাৰ বাবে নকভিয়ে পিছলৈ ক্ষমা খুজিছিল । তেওঁ বি চি চি আইৰ ওচৰত ক্ষমা বিচাৰি কয় যে যিটো হৈছে সেয়া ভুল আৰু এয়া হ’ব নালাগিছিল । অৱশ্যে একাংশ বাতৰিৰ পৰা অনুমান কৰিব পাৰি যে নকভিয়ে ভাৰতক অভিনন্দন নজনালে । ইয়াৰ পিছতে আশীষ শ্বেলাৰে খং আৰু ক্ষোভেৰে বৈঠকৰ পৰা প্ৰস্থান কৰে ৷
খবৰ অনুসৰি,
- বি চি চি আইয়ে কয়, ‘‘ট্ৰফী আমাক দিয়া হওক, আমি এ চি চিৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিম ।’’
- নকভিৰ প্ৰত্যুত্তৰ - আমি আলোচনা কৰিম ।
- বি চি চি আই - আলোচনা নহয়, ট্ৰফী আমাৰেই ।
অৱশ্যে ইয়াৰ পিছতো মহছিন নকভিয়ে বি চি চি আইক ট্ৰফী হস্তান্তৰ কৰিবলৈ অস্বীকাৰ কৰে ।
এই বৈঠকত এছিয়াৰ বিভিন্ন ক্ৰিকেট ব’ৰ্ডৰ সভাপতিসকলো উপস্থিত আছিল । ক’ব পাৰি যে নকবিয়ে ভাৰতক ট্ৰফী প্ৰদান নকৰাৰ স্থিতিত এতিয়াও অটল হৈয়ে আছে । অৱশ্যে সূৰ্যকুমাৰ যাদৱক এ চি চিৰ কাৰ্যালয়লৈ আহি ট্ৰফী আৰু পদক লৈ যাবলৈ কয় ৷
লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিলে তাৰকা অলৰাউণ্ডাৰে, কোন জানেনে

