নতুন দিল্লী: ভাৰতীয় প্ৰিমিয়াৰ লীগ (IPL) 2025 ৰ মাজতেই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (BCCI) এ সোমবাৰে 2024-25 চনৰ বাবে কেন্দ্ৰীয় চুক্তি আৰু খেলুৱৈ ৰিটেইনাৰশ্বিপৰ ঘোষণা কৰিছে । ৩৪ গৰাকী খেলুৱৈয়ে বি চি চি আইৰ চুক্তিত স্থান লাভ কৰিবলৈ সক্ষম হৈছে । এই কেন্দ্ৰীয় চুক্তিত টেষ্ট অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে T20 ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো গ্ৰেড 'এ+' ত স্থান পাবলৈ সক্ষম হৈছে । ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ উপৰি এই তালিকাত স্থান লাভ কৰা খেলুৱৈসকল হৈছে যশপ্ৰীত বুমৰাহ আৰু ৰৱীন্দ্ৰ জাডেজা ।
উল্লেখ্য় যে শ্ৰেয়াস আয়াৰ আৰু ঈশান কিষাণে বিগত বৰ্ষত নিৰ্ধাৰিত মেচসমূহত অনুপস্থিত থকা বাবে তালিকাৰ পৰা বাদ পৰিছিল যদিও এইবাৰ কেন্দ্ৰীয় চুক্তিৰ তালিকাত স্থান লাভ কৰিছে । অৱশ্য়ে এই দুগৰাকী খেলুৱৈয়ে গ্ৰেড 'বি'তহে অন্তৰ্ভুক্ত হৈছে ।
🚨 𝗡𝗘𝗪𝗦 🚨
— BCCI (@BCCI) April 21, 2025
BCCI announces annual player retainership 2024-25 - Team India (Senior Men)#TeamIndia
Details 🔽https://t.co/lMjl2Ici3P pic.twitter.com/CsJHaLSeho
খেলুৱৈ আৰু গ্ৰেড শ্ৰেণীৰ তালিকা
গ্ৰেড 'এ+':
ৰোহিত শৰ্মা, বিৰাত কোহলি, জশপ্ৰীত বুমৰাহ আৰু ৰৱীন্দ্ৰ জাডেজা ।
গ্রেড 'এ':
মহম্মদ ছিৰাজ, কে এল ৰাহুল, শুভমন গিল, হাৰ্ডিক পাণ্ডিয়া,মহম্মদ ছামি আৰু ঋষভ পন্ট ।
গ্ৰেড 'বি':
শ্ৰেয়াস আয়াৰ, সূৰ্যকুমাৰ যাদৱ, কুলদীপ যাদৱ, যশস্বী জয়ছোৱাল আৰু আক্ষৰ পেটেল ।
গ্ৰেড 'চি':
ৰিংকু সিং, তিলক বৰ্মা, ঈশান কিষাণ, অর্শদ্বীপ সিং, প্ৰসিদ্ধ কৃষ্ণা, সঞ্জু ছেমছন, মুকেশ কুমাৰ, ধ্ৰুৱ জুৰেল, ছাৰফৰাজ খান, ৰজত পাটিদাৰ, নীতীশ কুমাৰ ৰেড্ডী, অভিষেক শৰ্মা, আকাশ দ্বীপ, বৰুণ চক্রৱৰ্তী, হৰ্ষিত ৰাণা, ৰৱি বিষ্ণই, শিৱম ডুবে, ৰিতুৰাজ গায়কৱাড় আৰু ৱাশ্বিংটন সুন্দৰ ।

খেলুৱৈ চুক্তি শ্ৰেণী আৰু বেতন :
গ্ৰেড 'এ+'ত অন্তৰ্ভুক্ত খেলুৱৈয়ে লাভ কৰিব বছৰি ৭ কোটি টকাকৈ । গ্রেড 'এ'ত থকা খেলুৱৈয়ে ৫ কোটি টকা লাভ কৰাৰ বিপৰীতে গ্ৰেড 'বি'ত খেলুৱৈয়ে ৩ কোটি আৰু গ্ৰেড 'চি'ৰ খেলুৱৈয়ে ১ কোটি টকাকৈ লাভ কৰিব ।