ETV Bharat / sports

টীম ইণ্ডিয়াৰ নতুন টেষ্ট অধিনায়ক ঘোষণা, জানো আহক ৰোহিত শৰ্মাৰ উত্তৰাধিকাৰী কোন ? - TEAM INDIA NEW TEST CAPTAIN

শনিবাৰে বি চি চি আইয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ উত্তৰাধিকাৰীৰ নাম ঘোষণা কৰে ।

TEAM INDIA NEW TEST CAPTAIN
শুভমন গিল, ঋষভ পণ্ট, সৰফৰাজ খান আৰু ৰবীন্দ্ৰ জাডেজা (ANI Photo)
author img

By ETV Bharat Assamese Team

Published : May 24, 2025 at 10:48 PM IST

3 Min Read

মুম্বাই : দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ নতুন টেষ্ট অধিনায়কৰ নাম ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে । বি চি চি আইয়ে প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিছে তাৰকা বেটছমেন শুভমন গিলক । আজিৰ পৰা ভাৰতীয় টেষ্ট ক্ৰিকেটত আৰম্ভ হৈছে গিল যুগ । প্ৰথম ভ্ৰমণতে ইংলেণ্ডৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব যুৱ অধিনায়কগৰাকী । ইংলেণ্ডৰ কঠিন পৰিস্থিতিত বৃহৎ ফলাফল লাভৰ বাবেও নতুন অধিনায়কগৰাকীৰ ওপৰত হেঁচা পৰিব ।

গিল অধিনায়ক আৰু পণ্ট উপ অধিনায়ক

বাওঁহাতৰ তাৰকা উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্টক উপ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । জছস্প্ৰিত বুমৰাহে এই ভূমিকা পালন কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত অধিনায়কত্বৰ দৌৰত গিল আৰু পণ্টৰ নাম আগবাঢ়ি আহিছিল । এই দুয়োগৰাকী যুৱ খেলুৱৈয়ে বিগত কেইবছৰমানৰ পৰা উৎকৃষ্ট ক্ৰিকেট খেলি টীম ইণ্ডিয়াত নিজৰ স্থান নিশ্চিত কৰিছে ।

গিল এদিনীয়া আৰু টি-২০ ক্ৰিকেটতো টীম ইণ্ডিয়াৰ উপ অধিনায়ক আছিল । তেওঁ ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত সংযুক্ত আৰৱ গণৰাজ্যত ভাৰতৰ বিজয়ী চেম্পিয়নছ ট্ৰফী অভিযানত ৰোহিত শৰ্মাৰ ডেপুটি আছিল । ২৫ বছৰীয়া গিলে শেহতীয়া বছৰবোৰত এই পদত অধিষ্ঠিত হোৱা অন্যতম কনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছে ।

আই পি এলত উৎকৃষ্ট অধিনায়কত্ব

সোঁহাতৰ তাৰকা বেটছমেন শুভমন গিলে আই পি এলৰ বিগত ২টা সংস্কৰণত নিজৰ অধিনায়কত্ব প্ৰমাণ কৰিছে । আনকি বৰ্তমানৰ আই পি এল ২০২৫ত গিলৰ অধিনায়কত্বত থকা গুজৰাট টাইটানছৰ দলটোৱে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে । এতিয়া তেওঁ এই ধৰণে জাতীয় দলৰ দায়িত্ব ল’বলৈ সক্ষম হৈছে নে নাই সেয়া চাবলৈ সকলো আগ্ৰহী হ’ব ।

শুভমন গিল টেষ্ট কেৰিয়াৰ

২০২০ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটোৱা শুভমন গিলে ৩২খন টেষ্ট মেচত গড়ে ৩৫.০৫ ৰাণ কৰি ১৮৯৩ ৰাণ সংগ্ৰহ কৰিছে । এই সময়ছোৱাত তেওঁ ৫টা শতক আৰু ৭টা অৰ্ধশতক অৰ্জন কৰিছে । ঘৰুৱা ক্ষেত্ৰত আৰু বাংলাদেশত ২৫ বছৰীয়া গিলৰ প্ৰদৰ্শন ব্যতিক্ৰম নহ’লেও ভাল ।

এছিয়াত (ভাৰতত ১১৭৭ আৰু বাংলাদেশত ১৫৭) খেলৰ ৩৫ ইনিংছত ৫ শতক আৰু ৫ অৰ্ধশতকৰে গড়ে ৪১.৬৮ ৰাণ সংগ্ৰহ কৰি ১৩৩৪ ৰাণ সংগ্ৰহ কৰিছে । অৱশ্যে বেটছমেন হিচাপে গিলে এতিয়াও এছিয়াৰ বাহিৰত নিজৰ বেটিং দক্ষতা প্ৰমাণ কৰিব পৰা নাই ।

লগতে পঢ়ক : শুভমিন গিলৰ কান্ধত গুৰু ভাৰ: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত দলত স্থান পালে কোনে কোনে

শুভমন গিলৰ কান্ধত টীম ইণ্ডিয়াৰ টেষ্ট দলৰ দায়িত্ব, সুদৰ্শন আৰু নায়াৰৰ সুযোগ লাভৰ সম্ভাৱনা

ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা: কোন হ'ব নতুন অধিনায়ক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.