ETV Bharat / sports

বি চি চি আয়ে অতৰ্কিতে সলনি কৰিলে টীম ইণ্ডিয়াৰ কাৰ্যসূচী - INDIAN CRICKET TEAM SCHEDULE

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আকস্মিকভাৱে টীম ইণ্ডিয়াৰ ঘৰুৱা শৃংখলাৰ সূচীত সাধন কৰিছে বৃহৎ পৰিৱৰ্তন ।

INDIAN CRICKET TEAM SCHEDULE
শুভমন গিলৰ ফাইল ফটো (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 5:10 PM IST

3 Min Read

নতুন দিল্লী: ভাৰতীয় ক্ৰিকেট দলে চলিত বৰ্ষৰ ঘৰুৱা ছিজনত ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আটাইকেইটা ফৰ্মেটতে শৃংখলাত অংশগ্ৰহণ কৰিব । অক্টোবৰৰ পৰা দুয়োখন দেশৰ সৈতে শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) এই সূচীত ঘটাইছে বৃহৎ পৰিৱৰ্তন ৷

ঘৰুৱা সূচী সলনি কৰিলে বি চি চি আয়ে

২ অক্টোবৰৰ পৰা আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া দুখন টেষ্ট মেচৰ বাবে ৱেষ্ট ইণ্ডিজে প্ৰথমে ভাৰত ভ্ৰমণ কৰিব । অৱশ্যে বি চি চি আয়ে ১০ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টেষ্টৰ স্থান আকস্মিকভাৱে সলনি কৰে ।

নতুন সূচী অনুসৰি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিবলগীয়া দ্বিতীয়খন টেষ্ট কলকাতাৰ ইডেন গাৰ্ডেনৰ পৰিৱৰ্তে নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷

ইয়াৰোপৰি ১৪-১৮ নৱেম্বৰৰ ভিতৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগা দুখন মেচৰ শৃংখলাটোৰ প্ৰথমখন টেষ্ট নতুন দিল্লীৰ সলনি কলকাতাতহে অনুষ্ঠিত হ’ব । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ’বলগা তিনিখন মেচৰ এদিনীয়া আৰু পাঁচখন মেচ টি-২০ শৃংখলাটোৰ বাবে অৱশ্যে স্থানৰ কোনো পৰিৱৰ্তন কৰা নাই ব’ৰ্ডে ।

স্থান সলনিৰ সম্ভাব্য কাৰণ ?

বি চি চি আয়ে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিটোত স্থান সলনি কৰাৰ কাৰণ স্পষ্টকৈ উল্লেখ কৰা হোৱা নাই ৷ শীতকালত দিল্লীৰ কুঁৱলী ইয়াৰ কাৰণ হ’ব পাৰে ৷ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন টেষ্ট মেচ ১৪ নৱেম্বৰৰ পৰা দিল্লীত অনুষ্ঠিত হোৱাৰ কথা ৷ সেইসময়ত দেশৰ ৰাজধানী চহৰখন কুঁৱলীয়ে ঢাকি ৰাখে বাবে বি চি চি আয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি অনুমান কৰা হৈছে ৷

ইয়াৰোপৰি বি চি চি আয়ে ইণ্ডিয়া এ আৰু দক্ষিণ আফ্ৰিকা এ-ৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৩ খন এদিনীয়া মেচৰ স্থান সলনি কৰিছে ৷ এই মেচসমূহ বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামৰ পৰিৱৰ্তে ৰাজকোটৰ সৌৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷

টীম ইণ্ডিয়াৰ পৰিৱৰ্তিত সূচী প্ৰকাশ কৰিছে বি চি চি আয়ে

ভাৰত বনাম ৱেষ্ট ইণ্ডিজ টেষ্ট শৃংখলা

  • প্ৰথম টেষ্ট - ২ অক্টোবৰৰ পৰা ৬ অক্টোবৰলৈ - নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, আহমেদাবাদ
  • দ্বিতীয় টেষ্ট - ১০ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ - অৰুণ জেটলী ষ্টেডিয়াম, নতুন দিল্লী

ভাৰত বনাম দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলা

  • প্ৰথম টেষ্ট - ১৪ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰ - ইডেন গাৰ্ডেন, কলকাতা
  • দ্বিতীয় টেষ্ট - ২২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ - বৰ্ষাপাৰা ষ্টেডিয়াম, গুৱাহাটী

ভাৰত বনাম দক্ষিণ আফ্ৰিকা এদিনীয়া শৃংখলা

  • প্ৰথমখন এদিনীয়া - ৩০ নৱেম্বৰ - ৰাঁচী
  • দ্বিতীয়খন এদিনীয়া - ৩ ডিচেম্বৰ - ৰায়পুৰ
  • তৃতীয় এদিনীয়া - ৬ ডিচেম্বৰ - ভাইজাগ

ভাৰত বনাম দক্ষিণ আফ্ৰিকা টি-20 শৃংখলা

  • প্ৰথমখন টি-২০ মেচ - ৯ ডিচেম্বৰ - কটক
  • দ্বিতীয়খন টি-২০ মেচ - ১১ ডিচেম্বৰ - মুল্ল্যানপুৰ
  • তৃতীয়খন টি-২০ মেচ - ১৪ ডিচেম্বৰ - ধৰমশালা
  • চতুৰ্থখন টি-২০ মেচ - ১৭ ডিচেম্বৰ - লক্ষ্ণৌ
  • পঞ্চমখন টি-২০ মেচ - ১৯ ডিচেম্বৰ - আহমেদাবাদ

লগতে পঢ়ক: ৰোহিত-বিৰাটে এদিনীয়াৰ পৰাও ল’ব নেকি সন্ন্যাস ? বিদায় দিবলৈ এখন বিশেষ ব’ৰ্ডৰ বিশেষ আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.