ETV Bharat / sports

চেম্পিয়নছ ট্ৰফীবিজয়ী টীম ইণ্ডিয়ালৈ বৃহৎ পৰিমাণৰ নগদ ধনৰ পুৰস্কাৰ ঘোষণা বি চি চি আইৰ - CASH PRIZE FOR TEAM INDIA

৯ মাৰ্চত ডুবাইত চেম্পিয়নছ ট্ৰফী জয় কৰা টীম ইণ্ডিয়াৰ বাবে বি চি চি আয়ে ৫৮ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে ।

Cash Prize For Team India
চেম্পিয়নছ ট্ৰফী, ২০২৫ গ্ৰহণৰ পিছত টীম ইণ্ডিয়াৰ সদস্যসকলৰ উল্লাস (AP)
author img

By ETV Bharat Assamese Team

Published : March 20, 2025 at 2:31 PM IST

3 Min Read

হায়দৰাবাদ : চেম্পিয়নছ ট্ৰফী, ২০২৫ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ আৰু অনা-খেলুৱৈলৈ নগদ ধনৰ পুৰস্কাৰ ঘোষণা বি চি চি আইৰ । যোৱা ৯ মাৰ্চত ডুবাইত চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰা টীম ইণ্ডিয়াৰ খেলুৱৈ, প্ৰশিক্ষণ আৰু সহায়ক কৰ্মচাৰী তথা পুৰুষ বাছনি সমিতিৰ সদস্যসকলক সন্মান জনোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে ৫৮ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে ।

উল্লেখ্য যে কেপ্টেইন ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে প্ৰতিযোগিতাখনত আধিপত্য বিস্তাৰ কৰি ফাইনেললৈ অগ্ৰসৰ হোৱাৰ পথত চাৰিখনকৈ মেচত প্ৰত্যয়জনক বিজয় সাব্যস্ত কৰে । দলটোৱে বাংলাদেশৰ বিৰুদ্ধে ছয় উইকেটৰ দৃঢ়তাপূৰ্ণ জয়েৰে অভিযান আৰম্ভ কৰে । ইয়াৰ পিছত লীগৰ দ্বিতীয়খন মেচত পাকিস্তানৰ বিৰুদ্ধে ছয় উইকেটৰ বিজয় নিশ্চিত কৰে । আনহাতে, গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচতো নিউজীলেণ্ডক পৰাস্ত কৰে ৰোহিত বাহিনীয়ে । ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক চাৰি উইকেটত পৰাস্ত কৰাৰ পূৰ্বে মেন ইন ব্লুৱে নিউজীলেণ্ডৰ বিৰুদ্ধে ৪৪ ৰাণৰ বিজয়েৰে জয়ৰ ধাৰা অব্যাহত ৰাখে ।

দলটোৰ খেলুৱৈসকলৰ সামূহিক প্ৰদৰ্শনৰ সৌজন্যত ভাৰতে ফাইনেলত অন্তিম চাৰিটা উইকেট হাতত থকা অৱস্থাত নিউজীলেণ্ডক পৰাস্ত কৰে । আনহাতে, এই ট্ৰফী জয়েৰে ৰোহিত শৰ্মা আই চি চি খিতাপৰ ক্ষেত্ৰত ভাৰতৰ দ্বিতীয় সৰ্বাধিক সফল অধিনায়ক হিচাপে পৰিগণিত হয় । আনহাতে, হোৱাইট বল ক্ৰিকেটৰ আই চি চি টুৰ্ণামেণ্টত ভাৰতে শেহতীয়া 13 খন মেচৰ জয়ৰ ধাৰা অব্যাহত ৰাখে ।

বি চি চি আইৰ সভাপতি ৰজাৰ বিন্নীয়ে কয়, "আই চি চিৰ ইটোৰ পিছত সিটো খিতাপ জয় কৰাটো বিশেষ আৰু এই পুৰস্কাৰে বিশ্বৰ মঞ্চত টীম ইণ্ডিয়াৰ নিষ্ঠা আৰু উৎকৰ্ষতাক স্বীকৃতি দিব । নগদ ধন বঁটা পৰ্দাৰ আঁৰত থাকি কঠোৰ পৰিশ্ৰম কৰা সকলৰো স্বীকৃতি । আই চি চি অনূৰ্ধ্ব-১৯ মহিলা বিশ্বকাপ বিজয়ৰ পিছত ২০২৫ চনত এইটো আমাৰ দ্বিতীয় আই চি চি ট্ৰফী বিজয় আৰু ই আমাৰ দেশত শক্তিশালী ক্ৰিকেট পৰিৱেশক প্ৰতিফলিত কৰে ।"

আনহাতে, বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই কয়, "বি চি চি আয়ে খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীসকলক এই উপযুক্ত পুৰস্কাৰেৰে সন্মানিত কৰিবলৈ পাই গৌৰৱান্বিত বোধ কৰিছোঁ । বিশ্ব ক্ৰিকেটত তেওঁলোকৰ আধিপত্য বহু বছৰৰ কঠোৰ পৰিশ্ৰম আৰু কৌশলগত কাৰ্যকৰীকৰণৰ ফল । এই বিজয়ে হোৱাইট বলৰ ক্ৰিকেটত ভাৰত যে শীৰ্ষ স্থানৰ দল সেইটো প্ৰতিপন্ন কৰিছে আৰু আমি নিশ্চিত যে দলটোৱে অনাগত বছৰবোৰতো এই উৎকৃষ্টতা অব্যাহত ৰাখিব । খেলুৱৈসকলে প্ৰদৰ্শন কৰা নিষ্ঠা আৰু প্ৰতিশ্ৰুতিয়ে এক নতুন গুণমান স্থাপন কৰিছে আৰু আমি নিশ্চিত যে ভাৰতীয় ক্ৰিকেটে বিশ্বৰ মঞ্চত এক নতুন মাত্ৰালৈ অগ্ৰসৰ হৈ থাকিব ।"

ইফালে বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই কয়, "এই নগদ পুৰস্কাৰ সমগ্ৰ প্ৰতিযোগিতাখনত দলটোৱে প্ৰদান কৰা উৎকৃষ্ট প্ৰদৰ্শনৰ প্ৰতি শ্ৰদ্ধা । খেলুৱৈসকলে চাপৰ মাজতো উল্লেখনীয় মনোবল প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকৰ সফলতা সমগ্ৰ দেশৰ উচ্চাকাংক্ষী ক্ৰিকেটাৰসকলৰ বাবে এক অনুপ্ৰেৰণা । দলটোৱে পুনৰবাৰ প্ৰমাণ কৰিছে যে ভাৰতীয় ক্ৰিকেট দক্ষতা, মানসিক দৃঢ়তা আৰু বিজয়ী মানসিকতাৰ এক শক্তিশালী ভেটিৰ ওপৰত নিৰ্মিত ।"

লগতে পঢ়ক :হেমন্ত কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ BFI-ৰ সভাপতিৰ; অভিযোগ খণ্ডন নিলম্বিত সচিবপ্ৰধানৰ - BFI CHIEF ON HEMANTA KALITA
লগতে পঢ়ক :ৰাজস্থান ৰয়েলছৰ অধিনায়ক হ'ব ৰিয়ান; যোগ্যতা প্ৰদৰ্শনৰ সুৱৰ্ণ সুযোগ - RR NEW CAPTAIN RIYAN PARAG

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.