ইংলেণ্ডৰ সৈতে ৫খন টি-২০ আৰু ৩খন এদিনীয়া খেলিব ভাৰতে, BCCI য়ে প্ৰকাশ কৰিছে শৃংখলাৰ সম্পূৰ্ণ সূচী
টীম ইণ্ডিয়া ইংলেণ্ডলৈ গৈ ৫ খন টি-২০ আৰু ৩ খন এদিনীয়া মেচ খেলিব । বি চি চি আইয়ে ঘোষণা কৰিথে এই শৃংখলাৰ সূচী হৈছে ।

Published : July 24, 2025 at 10:30 PM IST
নতুন দিল্লী : ভাৰতীয় ক্ৰিকেট দলটোৱে বৰ্তমান ইংলেণ্ড ভ্ৰমণত আছে য’ত পাঁচখন টেষ্টৰ শৃংখলা অনুষ্ঠিত হৈছে । এই শৃংখলাত তিনিখন মেচ খেলা হৈছে আৰু চতুৰ্থখন মেচ বৰ্তমান মানচেষ্টাৰত চলি আছে । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অধীনত হ’বলগীয়া এই শৃংখলাত কেৱল টেষ্ট মেচহে অনুষ্ঠিত হ’ব । ইফালে দুয়োখন দেশৰ মাজত শৃংখলা এদিনীয়া আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচৰো ঘোষণা কৰা হৈছে ।
অহা বছৰৰ সূচী ঘোষণা
ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে অহা বছৰৰ গ্ৰীষ্মকালত অৰ্থাৎ ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া খেলসমূহৰ সময়সূচী ঘোষণা কৰিছে । নিউজীলেণ্ড, পাকিস্তান আৰু শ্ৰীলংকাৰ উপৰিও ইংলেণ্ড দলৰ ভাৰতীয় দলৰ সৈতেও সংঘৰ্ষ হোৱা দেখা যাব । ভাৰত আৰু ইংলেণ্ডে পাঁচখন খেলৰ টি-২০ শৃংখলাৰ পিছত তিনিখন এদিনীয়া মেচ অনুষ্ঠিত কৰিব । ইয়াৰ সূচীও ঘোষণা কৰা হৈছে ।
কেতিয়া খেলিব টি-২০ ছিৰিজ
প্ৰায় গোটেই জুলাই মাহটো ইংলেণ্ডত থাকিব ভাৰতীয় ক্ৰিকেট দল । ভাৰত আৰু ইংলেণ্ডৰ মাজত প্ৰথমখন টি-২০ মেচ ২০২৬ চনৰ ১ জুলাইত অনুষ্ঠিত হ’ব । ইয়াৰ পিছত পৰৱৰ্তী মেচ ৪, ৭ আৰু ৯ জুলাইত অনুষ্ঠিত হ’ব । অহা ১১ জুলাইত অনুষ্ঠিত হ’ব টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ পঞ্চমখন খেল । ইয়াৰ পিছত দুদিনৰ বিৰতিৰ পিছত আৰম্ভ হ’ব এদিনীয়া শৃংখলা ।
5⃣ T20Is. 3⃣ ODIs
— BCCI (@BCCI) July 24, 2025
📍 England
Fixtures for #TeamIndia's limited over tour of England 2026 announced 🙌#ENGvIND pic.twitter.com/Bp8gDYudXW
১৪ জুলাইত শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব । ১৬ জুলাইত অনুষ্ঠিত হ’ব শৃংখলাৰ দ্বিতীয়খন খেল । ১৮ জুলাইত তৃতীয় আৰু অন্তিমখন এদিনীয়া খেল অনুষ্ঠিত হ’ব । ইয়াৰ লগে লগে শৃংখলাৰ সামৰণি পৰিব । এই শৃংখলাখন যথেষ্ট দীঘলীয়া হ’ব, য’ত মুঠ ৮খন মেচ অনুষ্ঠিত হ’ব । শৃংখলাৰ ৪ খন টি-২০ মেচ নিশা ১১ বজাৰ পৰা আৰম্ভ হ’ব, আনহাতে এখন মেচ নিশা ৭ বজাত অনুষ্ঠিত হ’ব । এই শৃংখলাৰ তিনিওখন এদিনীয়া মেচ ৫:৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব ।
ভাৰত বনাম ইংলেণ্ড টি-২০ শৃংখলাৰ সূচী :
১ জুলাই : প্ৰথম টি-২০ মেচ
৪ জুলাই : দ্বিতীয়খন টি-২০ মেচ
৭ জুলাই : তৃতীয় টি-২০ মেচ
৯ জুলাই : চতুৰ্থ টি-২০ মেচ
১১ জুলাই: ৫ম টি-২০ মেচ
ভাৰত বনাম ইংলেণ্ডৰ এদিনীয়া শৃংখলাৰ সূচী :
১৪ জুলাই : প্ৰথম এদিনীয়া
১৬ জুলাই : দ্বিতীয় এদিনীয়া
১৮ জুলাই : তৃতীয় এদিনীয়া
এই শৃংখলাত অনুৰাগীয়ে ৰোহিত আৰু কোহলীক একচনত দেখা পাব । দুয়োজনে কেৱল এদিনীয়া খেলতহে খেলি আছে, কাৰণ ৰোহিত আৰু বিৰাটে টি-২০ আৰু টেষ্ট ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে । ইয়াৰ বাবে অনুৰাগীসকলে অপেক্ষা কৰি আছে কেতিয়া এদিনীয়া মেচ অনুষ্ঠিত হ’ব আৰু এই দুগৰাকী খেলুৱৈক ক্ৰীজত দেখা যাব ।

