ETV Bharat / sports

নিউজীলেণ্ড টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, বুমৰাহক উপ-অধিনায়কৰ দায়িত্ব

বিচিচিআইয়ে শুকুৰবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন খেলৰ ঘৰুৱা টেষ্ট শৃংখলাৰ বাবে পেচাৰ যশপ্ৰীত বুমৰাহক ১৫ জনীয়া ভাৰতীয় দলৰ উপ-অধিনায়ক হিচাপে মনোনীত কৰে।

INDIAN CRICKET TEAM
ভাৰতীয় দল (IANS)
author img

By ETV Bharat Assamese Team

Published : October 12, 2024 at 10:44 AM IST

2 Min Read
Choose ETV Bharat

স্পৰ্টছ ডেস্ক, 12 অক্টোবৰ: নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক তিনিখন খেলৰ টেষ্ট শৃংখলাৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল ৷ দলৰ পেছ বলিঙৰ নেতৃত্বত থকা অভিজ্ঞ ব’লাৰ যশপ্ৰীত বুমৰাহক এই শৃংখলাটোৰ বাবে উপ-অধিনায়ক হিচাপে মনোনীত কৰা হৈছে। ইয়াৰ পূৰ্বে, বুমৰাহে 2022 চনৰ জুলাইত এজবাষ্টনত ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম টেষ্ট মেচৰ সময়তো ভাৰতীয় দলক নেতৃত্ব দিছিল।

ভাৰতৰ প্ৰাক্তন পেচাৰ অজিত আগৰকাৰৰ নেতৃত্বত ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ জ্যেষ্ঠ নিৰ্বাচক সমিতিয়ে দলটো বাছনি কৰে, যাৰ ঘোষণা শুকুৰবাৰে নিশা বিচিচিআইৰ সচিব জয় শ্বাহ স্বাক্ষৰিত এক সংবাদ বিবৃতিৰ জৰিয়তে ঘোষণা কৰা হয়। অৱধাৰিতভাৱে দলটোক নেতৃত্ব দিব অধিনায়ক ৰোহিত শৰ্মাই ৷

শুভমন গিল, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, কে এল ৰাহুল, ঋষভ পন্ত, ছৰফৰাজ খান আৰু ধ্ৰুৱ জুৰেলকে ধৰি প্ৰায় সকলো নিয়মীয়া খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰা হৈছে বুমৰাহৰ নেতৃত্বত পেচ বলিং বিভাগত থাকিব মহম্মদ চিৰাজ আৰু আকাশ দীপ। স্পীন আক্ৰমণৰ দায়িত্বত থাকিব অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন, অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা, বাওঁহতীয়া স্পিনাৰ অক্ষৰ পেটেল আৰু কুলদীপ যাদৱ।

শৃংখলাটোৰ তিনিখন মেচ ক্ৰমে বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়াম, পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়াম আৰু মুম্বাইৰ প্ৰতিষ্ঠিত ৱাংখেডে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এই টেষ্ট শৃংখলা ১৬ অক্টোবৰৰ পৰা আৰম্ভ হ'ব।

নিউজীলেণ্ডৰ বিৰুদ্ধে তিনিখন টেষ্টৰ বাবে ভাৰতৰ ১৫ জনীয়া দলঃ ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গিল, বিৰাট কোহলী, কে এল ৰাহুল, ছৰফৰাজ খান, ঋষভ পন্ত (উইকেটৰক্ষক), ধ্ৰুৱ জুৰেল (উইকেটৰক্ষক), ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, আকাশ দীপ।

লক্ষ্যণীয় যে এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ল কিৱি দলৰ বিৰুদ্ধে শৃংখলাৰ বাবে দলত মহম্মদ শ্বামীৰ অনুপস্থিতি। ৩৪ বছৰীয়া খেলুৱৈগৰাকী গোৰোহাৰ আঘাতৰ সমস্যাৰ বাবে বিগত কিছু সময় ধৰি খেলপথাৰৰ বাহিৰত আছে, একেটা কাৰণতে ৰঞ্জী ট্ৰফীৰ চলিত ছিজনত তেওঁ বংগ দলৰ হৈ প্ৰাৰম্ভিক পৰ্যায়ৰ খেলবোৰত অংশ লোৱাৰ পৰাও বিৰত আছে। এই বছৰৰ আৰম্ভণিতে অস্ত্ৰোপচাৰ কৰোৱাৰ পিছত, শ্বামী এতিয়াও তেওঁৰ আঘাতৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হোৱা নাই ৷ মন কৰিবলগীয়া যে 2023 চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেল তেওঁৰ অন্তিম প্ৰতিযোগিতামূলক মেচ খেল আছিল।

লগতে পঢ়ক: ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অংশগ্ৰহণ নকৰে ৰোহিত শৰ্মাই !