মুম্বাই: ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে টীম ইণ্ডিয়াৰ(পুৰুষ দলৰ) ২০২৫ চনৰ ঘৰুৱা শৃংখলাৰ খেলৰ কথা বুধবাৰে ঘোষণা কৰে ৷ বি চি চি আয়ে প্ৰকাশ কৰা অনুসৰি, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাই কিছু ৰোমাঞ্চকৰ কাৰ্যসূচীৰে চলিত ছিজনত ভাৰত ভ্ৰমণ কৰিব ৷ এই কাৰ্যসূচী আৰম্ভ হ’ব ২ অক্টোবৰৰ পৰা । গুৱাহাটীতো পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা হ’ব টেষ্ট মেচ ৷
২ অক্টোবৰৰ পৰা আহমেদাবাদত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন খেলৰ শৃংখলাৰ প্ৰথমখন টেষ্টৰ জৰিয়তে ঘৰুৱা ছিজন আৰম্ভ হ’ব ভাৰতৰ । ১০ অক্টোবৰত কলকাতাত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট । ইয়াৰ পিছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অল ফৰ্মেট ছিৰিজ অনুষ্ঠিত হ’ব ৷ ১৪ নৱেম্বৰৰ পৰা নতুন দিল্লীত এই ছিৰিজৰ প্ৰথমখন টেষ্টৰ হ’ব আৰম্ভণি ।
🚨Announcement🚨
— BCCI (@BCCI) April 2, 2025
Fixtures for #TeamIndia (Senior Men) international home season for 2025 announced.
Test series against West Indies, followed by an all-format series against South Africa.
Guwahati to host its maiden Test
Details 🔽https://t.co/s1HyuWSDL2
বি চি চি আইৰ এক বিবৃতিত কোৱা হৈছে, "ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২০২৫ চনৰ বাবে টীম ইণ্ডিয়াৰ আন্তঃৰাষ্ট্ৰীয় ঘৰুৱা ছিজনৰ সূচী ঘোষণা কৰি আনন্দিত হৈছে । আগন্তুক ছিজনে ৰোমাঞ্চকৰ খেলৰ প্ৰতিশ্ৰুতি দিছে, কাৰণ ভাৰতে ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট মেচ, আন্তঃৰাষ্ট্ৰীয় এদিনীয়া আৰু আন্তঃৰাষ্ট্ৰীয় টি-২০ খেলৰ জৰিয়তে সমুখ সমৰত নামিব ৷"
ৱেষ্ট ইণ্ডিজ শৃংখলাৰ পিছত ভাৰতে দক্ষিণ আফ্ৰিকাক তিনিওটা ফৰ্মেটতে এক আকৰ্ষণীয় প্ৰতিযোগিতাৰ বাবে আদৰণি জনাব । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলা ঐতিহাসিক হ’ব কাৰণ গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব টেষ্ট মেচ । ১৪ নৱেম্বৰৰ পৰা নতুন দিল্লীত আৰম্ভ হ’ব এই শৃংখলা ৷ ২২ নৱেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট ।
ইয়াৰ পিছতে ভাৰত আৰু দক্ষিণ আফ্ৰিকাই ডিচেম্বৰ মাহত তিনিখন মেচৰ এদিনীয়া শৃংখলা আৰু পাঁচখন খেলৰ টি-২০ শৃংখলাত অংশগ্ৰহণ কৰিব আৰু ফাইনেল মেচখন আহমেদাবাদত অনুষ্ঠিত হ’ব । ৩০ নৱেম্বৰৰ পৰা ৰাঁচীত এদিনীয়া মেচ আৰম্ভ হ’ব আৰু তাৰপিছত ক্ৰমে ৩ আৰু ৬ ডিচেম্বৰত ৰায়পুৰ আৰু বিশাখাপট্টনমত শৃংখলাৰ দ্বিতীয় আৰু তৃতীয়খন এদিনীয়া মেচ অনুষ্ঠিত হ’ব ।
৯ ডিচেম্বৰৰ পৰা কটকত আৰম্ভ হ’ব টি-২০ ৰ মেচসমূহ ৷ এই মেচসমূহ ক্ৰমে নিউ চণ্ডীগড় (১১ ডিচেম্বৰ), ধৰমশালা (১৪ ডিচেম্বৰ), লক্ষ্ণৌ (১৭ ডিচেম্বৰ) আৰু আহমেদাবাদ (১৯ ডিচেম্বৰ) ত অনুষ্ঠিত হ’ব ।
লগতে পঢ়ক: পুৰুষ এছিয়া কাপত অংশগ্ৰহণৰ বাবে ভাৰত ভ্ৰমণ কৰিব পাকিস্তানৰ হকী দলে