নতুন দিল্লী: ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২০২৫ বৰ্ষৰ বাবে টীম ইণ্ডিয়াৰ আন্তঃৰাষ্ট্ৰীয় ঘৰুৱা ছিজনৰ সূচী ঘোষণা কৰিছে । এই আগন্তুক ছিজনত ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজৰ সৈতে দুখন টেষ্ট মেচ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু ৫ খন টি-২০ মেচ খেলা দেখা যাব ।
ভাৰতে ৱেষ্ট ইণ্ডিজৰ সৈতে দুখন টেষ্ট মেচৰ শৃংখলা খেলিব
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এই ঘৰুৱা শৃংখলা আৰম্ভ হ’ব আই ডি এফ চিৰ ফাৰ্ষ্ট বেংক টেষ্ট ছিৰিজৰ পৰা ৷ এই ছিৰিজৰ প্ৰথমখন টেষ্ট মেচ চলিত বৰ্ষৰ ২ অক্টোবৰত আহমেদাবাদত আৰম্ভ হ’ব । ১০ অক্টোবৰৰ পৰা কলকাতাত অনুষ্ঠিত হ’ব শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট ।
দক্ষিণ আফ্ৰিকাৰ সৈতে ভাৰতে টেষ্ট, এদিনীয়া আৰু টি-২০ খেলিব
ৱেষ্ট ইণ্ডিজৰ শৃংখলাৰ পিছত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আই ডি এফ চি ফাৰ্ষ্ট বেংক টেষ্ট ছিৰিজ খেলিব । ১৪ নৱেম্বৰত নতুন দিল্লীত আৰম্ভ হ’ব এই দুখন মেচৰ টেষ্ট শৃংখলাটো ৷ আনহাতে, ২২ নৱেম্বৰৰ পৰা দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব গুৱাহাটীত ।
🚨Announcement🚨
— BCCI (@BCCI) April 2, 2025
Fixtures for #TeamIndia (Senior Men) international home season for 2025 announced.
Test series against West Indies, followed by an all-format series against South Africa.
Guwahati to host its maiden Test
Details 🔽https://t.co/s1HyuWSDL2
ইয়াৰ পিছতে ডিচেম্বৰ মাহত ভাৰত আৰু দক্ষিণ আফ্ৰিকাই তিনিখন খেলৰ এদিনীয়া শৃংখলা খেলিব । ৩০ নৱেম্বৰত ৰাঁচীত প্ৰথমখন এদিনীয়া, ৩ ডিচেম্বৰত ৰায়পুৰত দ্বিতীয়খন এদিনীয়া আৰু ৬ ডিচেম্বৰত ভাইজাগত তৃতীয় তথা অন্তিমখন এদিনীয়া অনুষ্ঠিত হ’ব ।
ইয়াৰ পিছত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাত অংশগ্ৰহণ কৰিব ৷ ৯ ডিচেম্বৰত কটকত প্ৰথমখন টি-২০, ১১ ডিচেম্বৰত চণ্ডীগড়ত দ্বিতীয়, ১৪ ডিচেম্বৰত ধৰ্মশালাত তৃতীয়, ১৭ ডিচেম্বৰত লক্ষ্ণৌত চতুৰ্থ আৰু ১৯ ডিচেম্বৰত আহমেদাবাদত পঞ্চমখন টি-২০ মেচ অনুষ্ঠিত হ’ব ।
কিমান সময়ৰ পৰা আৰম্ভ হ’ব মেচ
এই শৃংখলাৰ সকলো টেষ্ট মেচ ভাৰতীয় সময় অনুসৰি পুৱা ৯.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব ৷ আনহাতে এদিনীয়া খেলসমূহ দিনৰ ১.৩০ বজাৰ পৰা আৰম্ভ হোৱাৰ লগতে পাঁচোখন টি-২০ মেচ নিশা ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব ।
Delighted to help connect cricket with visionary leadership in Mumbai where it was a true honour to meet His Highness @HamdanMohammed with @ImRo45, @hardikpandya7, and @surya_14kumar. These moments typify the uniting influence of cricket worldwide. pic.twitter.com/znTkXnJ22O
— Jay Shah (@JayShah) April 9, 2025
ডুবাইৰ ক্ৰাউন প্ৰিন্সক সাক্ষাৎ ভাৰতীয় ক্ৰিকেটাৰৰ
এই সূচী প্ৰকাশৰ লগে লগে আজি ভাৰতীয় এদিনীয়া আৰু টেষ্টৰ অধিনায়ক ৰোহিত শৰ্মা, টি-২০ ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই আই চি চিৰ অধ্যক্ষ তথা বি চি চি আইৰ প্ৰাক্তন সম্পাদক জয় শ্বাহৰ সৈতে ডুবাইৰ ক্ৰাউন প্ৰিন্স শ্বেখ হামদান বিন মহম্মদ আল মাকতুমক সাক্ষাৎ কৰে । ডুবাই-ভাৰত ব্যৱসায়িক মঞ্চৰ সময়ত মুম্বাইত এই বৈঠক অনুষ্ঠিত হয় ।
লগতে পঢ়ক: গুৱাহাটীত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ: ঘোষণা কৰিলে বি চি চি আয়ে