ETV Bharat / sports

বিশ্ব চেম্পিয়ন হৈ কপাল ফুলিল ভাৰতীয় কিশোৰী দলৰ; কোটি টকাৰ পুৰস্কাৰ ঘোষণা বি চি চি আইৰ

একেৰাহে দ্বিতীয়বাৰ মহিলা অনূৰ্ধ্ব-১৯ টি-২০ বিশ্বকাপ খিতাপ বিজয়ী ভাৰতীয় দলটোৰ বাবে নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে ।

ICC U19 WOMEN T20 WORLD CUP WINNER
অনূৰ্ধ্ব-১৯ টি-২০ খিতাপ দখলৰ পিছত ভাৰতীয় মহিলা দলটোৰ উল্লাস (Getty Image)
author img

By ETV Bharat Assamese Team

Published : February 3, 2025 at 4:04 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : দেওবাৰে কুৱালালামপুৰত অনুষ্ঠিত অনূৰ্ধ্ব ১৯ আই চি চি মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হয় ভাৰতীয় কিশোৰীৰ দলটো । ইফালে এই বিশ্ব খিতাপ জয়ৰ পিছতে ভাৰতীয় দলটোৰ বাবে ৫ কোটি টকাৰ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড চমুকৈ বি চি চি আয়ে ।

উল্লেখ্য যে অধিনায়ক নিকি প্ৰসাদৰ নেতৃত্বাধীন ভাৰতীয় দলটো সমগ্ৰ প্ৰতিযোগিতাখনতে অপৰাজেয় হৈ ৰয় । দলটোৱে এই বিশ্ব চেম্পিয়নশ্বিপত এক অসাধাৰণ খেল প্ৰদৰ্শন কৰে । ভাৰতে সমগ্ৰ প্ৰতিযোগিতাখনত এক নিৰ্ভীক দৃষ্টিভংগীৰে খেলপথাৰত নামি আধিপত্য বিস্তাৰ কৰে আৰু দেওবাৰে একপক্ষীয় ফাইনেল মেচত দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰি পুনৰ খিতাপ দখল কৰে ।

বি চি চি আইৰ ৫ কোটি নগদ ধনৰ পুৰস্কাৰ ঘোষণা

ভাৰতীয় দলটোৰ এই প্ৰদৰ্শনত অভিভূত বি চি চি আয়ে খেলুৱৈসকলৰ মনোবল বৃদ্ধিৰ বাবে তেওঁলোকলৈ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে । বি চি চি আয়ে জাৰি কৰা এক বিবৃতিত কয়, "মালয়েছিয়াত অনুষ্ঠিত আই চি চি অনূৰ্ধ্ব-১৯ মহিলা টি-২০ বিশ্বকাপ, ২০২৫ত সফলতাৰে নিজৰ খিতাপ অক্ষুণ্ণ ৰখাৰ বাবে বি চি চি আয়ে ভাৰতীয় অনূৰ্ধ্ব-১৯ মহিলা দলটোক অভিনন্দন জনাইছে ।"

বিবৃতিটোত লগতে কোৱা হৈছে, "এই উল্লেখখনীয় সফলতাক সন্মান জনোৱাৰ উদ্দেশ্যে বি চি চি আয়ে মুখ্য প্ৰশিক্ষক নুছিন আল খাদিৰ আৰু তেওঁৰ সহায়ক কৰ্মচাৰীৰ নেতৃত্বৰ বিজয়ী দলটোৰ বাবে নগদ ৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ।"

বি চি চি আইৰ সভাপতি ৰজাৰ বিন্নীৰ অভিনন্দন

আনহাতে, বিশ্বজয়ী দলটোক অভিনন্দন জ্ঞাপন কৰি বি চি চি আইৰ সভাপতি ৰজাৰ বিন্নীয়ে কয়, "অনূৰ্ধ্ব-১৯ মহিলা বিশ্বকাপৰ খিতাপ অক্ষুণ্ণ ৰখাৰ বাবে আমাৰ কিশোৰীসকলক অভিনন্দন জনাইছোঁ । এই ট্রফী জয়ে ভাৰতত মহিলা ক্রিকেটৰ বিকাশক প্রতিফলিত কৰে । লগতে দলৰ প্রতিগৰাকী সদস্য উদ্ভাসিত হোৱা দেখি মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ ।"

আমাৰ নাৰীশক্তিক লৈ অত্যন্ত গৌৰৱান্বিত : প্ৰধানমন্ত্ৰী মোদী

ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব চেম্পিয়ন হোৱাৰ বাবে ভাৰতৰ যুৱ মহিলা দলটোক অভিনন্দন জ্ঞাপন কৰে । X-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আমি আমাৰ নাৰীশক্তিক লৈ অত্যন্ত গৌৰৱান্বিত ! আই চি চি অনূৰ্ধ্ব-১৯ মহিলা টি-২০ বিশ্বকাপ, ২০২৫ জয় কৰাৰ বাবে ভাৰতীয় দলটোক অভিনন্দন ।"

তেওঁ লগতে কয়, "এই বিজয় আমাৰ উৎকৃষ্ট দলীয় প্ৰদৰ্শনৰ লগতে দৃঢ়তা আৰু ধৈৰ্যৰ ফল । ই অসংখ্য উদীয়মান খেলুৱৈক অনুপ্ৰাণিত কৰিব । দলটোৰ ভৱিষ্যতৰ প্রচেষ্টাৰ বাবে মই শুভকামনা জনাইছোঁ ।"

লগতে পঢ়ক :ভাৰতৰ ইতিহাস ৰচনা, একেৰাহে দ্বিতীয়বাৰলৈ মহিলাৰ ১৯ বছৰ অনুৰ্ধ টি-২০ বিশ্বকাপৰ খিতাপ দখল - IND VS SA U19 WORLD CUP
লগতে পঢ়ক :শচীন তেণ্ডুলকাৰলৈ বিচিচিআইৰ বিশেষ সন্মান, লাভ কৰিব এই বঁটা - SACHIN TENDULKAR