ETV Bharat / sports

ভাৰত-বাংলাদেশ টী-20 শৃংখলা, ঘৰুৱা দলত অন্তৰ্ভুক্ত ৰিয়ান পৰাগ - India vs Bangladesh T20 squad

India vs Bangladesh T20 series : বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টী-20 শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা ৷ ১৫ জনীয়া তালিকাত নাম অন্তৰ্ভুক্ত ৰিয়ান পৰাগৰ ৷

India vs Bangladesh T20 series
ভাৰতীয় পুৰুষ ক্ৰিকেট দল (AFP)
author img

By ETV Bharat Sports Team

Published : September 28, 2024 at 10:50 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : ৬ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব ভাৰত-বাংলাদেশ টি-২০ শৃংখলা ৷ উক্ত শৃংখলাৰ বাবে শনিবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ঘোষণা কৰিলে ১৫ জনীয়া ঘৰুৱা দল ৷ শৃংখলাৰ ভাৰতীয় দলটোত স্থান লাভ কৰিছে ৰিয়ান পৰাগেও ৷

উল্লেখ্য যে শৃংখলাৰ তিনিখন খেল অনুষ্ঠিত হ’ব ক্ৰমে গোৱালিয়ৰ, নতুন দিল্লী আৰু হায়দৰাবাদত ৷ সেই অনুসৰি ১ অক্টোবৰ দেওবাৰে প্ৰথমখন খেল অনুষ্ঠিত হ’ব গোৱালিয়ৰত ৷ দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব ৯ অক্টোবৰ বুধবাৰে নতুন দিল্লীত ৷ তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হ’ব হায়দৰাবাদত ৷ তিনিওখন খেলৰ সময় সন্ধিয়া ৭ বজা ৷

বি চি চি আয়ে ঘোষণা কৰা ভাৰতীয় দলটোৰ নেতৃত্বত থাকিব সূৰ্য কুমাৰ যাদৱ ৷ আনহাতে দলটোত স্থান লাভ কৰা বাকীসকল খেলুৱৈ হ'ল ক্ৰমে অভিষেক শৰ্মা, সঞ্জু ছেমচন, ৰিংকু সিং, হাৰ্ডিক পাণ্ডিয়া, ৰিয়ান পৰাগ, নীতিশ কুমাৰ ৰেড্ডী, শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণৈ, বৰুণ চক্ৰৱৰ্তী, জীতেশ শৰ্মা, অৰ্শদ্বীপ সিং, হৰ্ষিত ৰাণা আৰু মায়ংক যাদৱ ৷

ইয়াৰে সঞ্জু ছেমচন প্ৰথম পচন্দৰ উইকেট কীপাৰ হিচাবে অন্তৰ্ভুক্ত কৰা হৈছে ৷ আনহাতে জিতেশ শৰ্মাক অন্তভুক্ত কৰা হৈছে বেকআপ কীপাৰ হিচাবে ৷

উল্লেখ্য যে আঙুলিৰ আঘাতৰ বাবে দুলীপ ট্ৰফী খেলিব পৰা নাছিল সূৰ্য কুমাৰ যাদৱে ৷ কিন্তু বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এই শৃংখলাত প্ৰত্যাৱৰ্তন ঘটিল যাদৱৰ ৷ ইফালে টেষ্টৰ নিয়মীয়া খেলুৱৈ শুভমান গিল, যশস্বী জয়ছৱাল, কুলদীপ যাদৱ, অক্ষৰ পেটেল আৰু ঋষভ পন্ত অন্তৰ্ভুক্ত নহ’ল এই শৃংখলাৰ তালিকাত ৷

লগতে পঢ়ক : এখন অবিশ্বাস্য ক্ৰিকেট মেচ; মাথো এটা বলত সংগ্ৰহ 286 ৰাণ

ঋষভ পন্তৰ পিছত ভয়ংকৰ দুৰ্ঘটনাত পতিত এইগৰাকী ক্ৰিকেটাৰ; ভিডিঅ’ দেখিলে হতবাক হৈ পৰিব ক্ৰিকেটপ্ৰেমী