মুম্বাই: টীম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণৰ সময়সূচী ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ঘোষণা কৰিছে । এই ভ্ৰমণত টীম ইণ্ডিয়াই ৩খন মেচৰ এদিনীয়া শৃংখলা আৰু সমান সংখ্যক টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলা খেলিব । আটাইকেইখন খেল মিৰপুৰ আৰু চট্টগ্ৰামত অনুষ্ঠিত হ’ব । ভাৰতীয় ক্ৰিকেট দলটোৱে ১৭ আগষ্টৰ পৰা ৩১ আগষ্টলৈ চুবুৰীয়া দেশ বাংলাদেশ ভ্ৰমণ কৰিব ।
ভাৰতৰ বাংলাদেশ ভ্ৰমণৰ সময়সূচী
১৭ আগষ্টৰ পৰা ৩ মেচৰ এদিনীয়া শৃংখলাৰ সৈতে হোৱাইট বল ছিৰিজৰ বাবে ভাৰতৰ বাংলাদেশ ভ্ৰমণ আৰম্ভ হ’ব । প্ৰথম আৰু দ্বিতীয় এদিনীয়া ক্ৰমে ১৭ আগষ্ট আৰু ২০ আগষ্টত মিৰপুৰত অনুষ্ঠিত হ’ব । ইয়াৰ পিছত দুয়োটা দলে তৃতীয়খন এদিনীয়াৰ বাবে চট্টগ্ৰামলৈ যাত্ৰা কৰিব, য’ত ২৩ আগষ্টত অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলাৰ অন্তিমখন খেল ।
Dates announced for #TeamIndia's tour of Bangladesh.
— BCCI (@BCCI) April 15, 2025
The Senior Men's Team will play three T20Is and as many ODIs against Bangladesh.#BANvIND pic.twitter.com/xRnQa0BlZL
২৬ আগষ্টৰ পৰা আৰম্ভ হ’ব টি-২০ শৃংখলা
২৬ আগষ্টৰ পৰা আৰম্ভ হ’ব দুয়োখন দেশৰ মাজত ৩খন মেচৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলা । চট্টগ্ৰামত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টি-২০ মেচত ভাৰত আৰু বাংলাদেশ দুয়োটা দলৰ মাজত সংঘৰ্ষ হ’ব । টি-২০ শৃংখলাৰ বাকী দুখন খেলৰ বাবে দুয়োটা দলে পুনৰ মিৰপুৰলৈ উভতি আহিব, য’ত ২৯ আগষ্ট আৰু ৩১ আগষ্টত ভাৰত আৰু বাংলাদেশৰ মাজত দ্বিতীয় আৰু তৃতীয় টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হ’ব ।
ভাৰতৰ বাংলাদেশ ভ্ৰমণৰ সম্পূৰ্ণ সময়সূচী :
ভাৰত বনাম বাংলাদেশৰ ৩ মেচৰ এদিনীয়া শৃংখলাৰ সূচী
- প্ৰথম এদিনীয়া - ১৭ আগষ্ট (মীৰপুৰ)
- দ্বিতীয় এদিনীয়া - ২০ আগষ্ট (মীৰপুৰ)
- তৃতীয় এদিনীয়া - ২৩ আগষ্ট (চট্টগ্ৰাম)
ভাৰত বনাম বাংলাদেশ ৩ মেচ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ সূচী
- প্ৰথম টি-২০ মেচ - ২৬ আগষ্ট (চট্টগ্ৰাম)
- দ্বিতীয় টি-২০ মেচ - ২৯ আগষ্ট (মীৰপুৰ)
- তৃতীয় টি-২০ মেচ - ৩১ আগষ্ট (মীৰপুৰ)