ETV Bharat / sports

ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা: কোন হ'ব নতুন অধিনায়ক ? - INDIA U19 SQUAD FOR ENG TOUR

বি চি চি আয়ে ভাৰতীয় ক্ৰিকেট দলৰ আগন্তুক ইংলেণ্ড ভ্ৰমণৰ বাবে ১৬ জনীয়া দল ঘোষণা কৰিছে ।

India U19 Squad
ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা (IANS)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 2:57 PM IST

3 Min Read

নতুন দিল্লী : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে আগন্তুক ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতৰ ১৬ জনীয়া ১৯ বছৰ অনূৰ্ধ্বৰ দল ঘোষণা কৰিছে । দুয়োটা দলে ২৪ জুনৰ পৰা ২৩ জুলাইলৈ ৫ খন এদিনীয়া আৰু দুখন টেষ্ট মেচ খেলিব । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ত চেন্নাই ছুপাৰ কিংছৰ হৈ আকৰ্ষণীয় প্ৰদৰ্শন কৰা আয়ুষ মাত্ৰেক দলটোৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । ইফালে উইকেটকীপাৰ-বেটছমেন অভিজ্ঞান কুণ্ডুক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে ।

চলিত ছিজনৰ মাজভাগত চি এছ কেত যোগদান কৰা আই পি এল ২০২৫ৰ অন্যতম আকৰ্ষণীয় খেলুৱৈ হৈছে আয়ুষ মাত্ৰে । তেওঁ এতিয়ালৈকে মাত্ৰ ৬ খন মেচত গড়ে ৩৪.৩৩ আৰু আকৰ্ষণীয় ষ্ট্ৰাইক ৰেটত মুঠ ২০৬ ৰাণ সংগ্ৰহ কৰিছে । য'ত এক আকৰ্ষণীয় অৰ্ধশতকো অন্তৰ্ভুক্ত আছে । চি এছ কেৰ সৈতে অতি কম সময় থাকিয়ে ২৮ টা চাৰি আৰু ৮ টা ছিক্সাৰ কোবাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

ইফালে ২০২৫ চনৰ আই পি এলত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ১৪ বছৰীয়া বেটছমেন বৈভৱ সূৰ্যবংশীকো এই দলত অন্তৰ্ভুক্ত কৰিছে বি চি চি আয়ে । এই ছিজনৰ মাজভাগত অভিষেক ঘটা বৈভৱে ৭ খন মেচ খেলি ২০৬.৫৫ ষ্ট্ৰাইক ৰেটত গড়ে ৩৬ত ২৫২ ৰাণ সংগ্ৰহ কৰিছে । এই সময়ছোৱাত বৈভৱে ১ টা শতক আৰু ১ টা অৰ্ধশকতো কৰিছে । এজন ভাৰতীয় হিচাপে ৩৪ টা বলত দ্ৰুত শতক অৰ্জন কৰি এই ছিজনত কেইবাটাও অভিলেখ ভংগ কৰিছে বৈভৱে ।

আগন্তুক ইংলেণ্ড ভ্ৰমণত এই দুগৰাকী ছুপাৰষ্টাৰ খেলুৱৈৰ ওপৰত সকলোৰে দৃষ্টি থাকিব আৰু এই ভ্ৰমণত তেওঁলোকৰ ৰেড বলৰ দক্ষতাও পৰীক্ষা হ'ব । তেওঁলোকৰ উপৰিও ইংলেণ্ড ভ্ৰমণত ভাৰতৰ ১৯ বছৰ অনূৰ্ধ্বৰ বাবে গুৰুত্বপূৰ্ণ হ'ব হৰবংশ সিং, কনিষ্ক চৌহান, আদিত্য ৰাণা আৰু অনমলজিৎ সিঙৰ দৰে খেলুৱৈৰ অংশগ্ৰহণ ।

ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল : আয়ুষ মাত্ৰে (অধিনায়ক), বৈভৱ সূৰ্যবংশী, বিহান মালহোত্ৰা, মৌল্যৰাজ সিং চাৱড়া, ৰাহুল কুমাৰ, অভিজ্ঞান কুণ্ডু (উপ অধিনায়ক/উইকেটকীপাৰ), হৰবংশ সিং (উইকেটকীপাৰ), আৰ এছ অম্বৰীশ, কনিষ্ক চৌহান, খিলান পেটেল, হেনিল পেটেল, যুধাজিত গুহা, প্ৰণৱ ৰাঘৱেন্দ্ৰ, মহম্মদ এনান, আদিত্য ৰাণা, অনমলজিৎ সিং ।

ৰিজাৰ্ভ খেলুৱৈ : নমন পুষ্পক, ডি দীপেশ, বেদান্ত ত্ৰিবেদী, বিকল্প তিৱাৰী, অলংকৃত ৰাপোল (উইকেটকীপাৰ)

ভাৰতৰ ইংলেণ্ড ভ্ৰমণৰ সম্পূৰ্ণ সূচী

২৪ জুন (মঙলবাৰ) - লাফব'ৰ' বিশ্ববিদ্যালয়ত এদিনীয়া অনুশীলন মেচ

২৭ জুন (শুকুৰবাৰ) - হোভত প্ৰথম এদিনীয়া

৩০ জুন (সোমবাৰ) - নৰ্থাম্পটনত দ্বিতীয় এদিনীয়া

২ জুলাই (বুধবাৰ) - নৰ্থাম্পটনত তৃতীয় এদিনীয়া

৫ জুলাই (শনিবাৰ) - ৱৰ্চেষ্টাৰত চতুৰ্থ এদিনীয়া

৭ জুলাই (সোমবাৰ) - ৱৰ্চেষ্টাৰত পঞ্চম এদিনীয়া

১২ জুলাই (শনিবাৰ)ৰ পৰা ১৫ জুলাইলৈ - বেকেনহামত প্ৰথমখন টেষ্ট মেচ

২০ জুলাইৰ পৰা ২৩ জুলাইলৈ - চেল্মছফৰ্ডত দ্বিতীয় টেষ্ট মেচ

লগতে পঢ়ক :বাংলাদেশক পৰাস্ত কৰি ইতিহাস ৰচিলে UAE দলে - UAE VS BAN

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.