নাই মেছি, নাই ৰোনাল্ডো; সন্মানীয় বেলন ডিঅ'ৰ বঁটাৰ বাবে কোনে লাভ কৰিছে মনোনয়ন ?
লিঅ'নেল মেছি আৰু ক্রিষ্টিয়ানো ৰোনাল্ডোক এই সন্মানীয় বেলন ডিঅ’ৰ বঁটাৰ বাবে মনোনীত ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই ৷

Published : August 9, 2025 at 7:47 AM IST
হায়দৰাবাদ : ২০২৫ বৰ্ষৰ সন্মানীয় বেলন ডি’অৰ বঁটাৰ বাবে পুৰুষ-মহিলা উভয়ৰে মনোনীত ব্যক্তিসকলৰ নাম ঘোষণা কৰা হৈছে । লগতে আন কেইবাটাও খিতাপৰ প্ৰাৰ্থীৰ নামো ঘোষণা কৰা হৈছে । এই বঁটা প্ৰদান অনুষ্ঠান চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব ।
এই অনুষ্ঠানত বছৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ফুটবলাৰসকলক সন্মান জনোৱাৰ লগতে তেওঁলোকক স্বীকৃতি প্ৰদান কৰা হয় । এই তালিকাত আশা কৰা ধৰণৰ কিছু ব্যক্তিৰ নাম বাছনিত উঠিছে যদিও ইয়াত এনে কিছু নামো অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰ এক আচৰিত ধৰণৰ ।
উল্লেখ্য যে এইবাৰ এনে আন এটা বছৰ, য’ত দুগৰাকী ফুটবল কিংম্বদন্তি লিয়নেল মেছি আৰু ক্রিষ্টিয়ানো ৰোনাল্ডো নাই ৷ এই তালিকাখনে এইটো প্ৰদৰ্শন কৰিছে যে ফুটবলে নিজৰ পথ সলনি কৰি আছে আৰু নতুন খেলুৱৈসকলে আত্মপ্ৰকাশ কৰিছে ।
Here are the 2025 Ballon d'Or nominees!#ballondor pic.twitter.com/tehmbU4R0j
— Ballon d'Or (@ballondor) August 7, 2025
মুখ্য প্ৰতিদ্বন্দ্বী
আউছমান ডেম্বেলে (Ousmane Dembele) : এই বঁটাৰে সন্মানিত হ’বলগা মুখ্য প্ৰাৰ্থীৰ ভিতৰত আছে পি এছ জিৰ তাৰকা খেলুৱৈগৰাকী । তেওঁ ক্লাবটোৰ বাবে তৃতীয় খিতাপ বিজয়ী ছিজনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ইয়াৰ ভিতৰত ক্লাবৰ প্ৰথমটো চেম্পিয়নছ লীগ বিজয়ো আছে । আমেৰিকাত অনুষ্ঠিত ফিফা ক্লাব বিশ্বকাপৰ সময়তো তেওঁ দলটোৰ অংশ আছিল । তেওঁ ৩৫টা গ’ল আৰু ১৬টা সহায়কৰ আকৰ্ষণীয় পৰিসংখ্যাৰে ছিজনটো সমাপ্ত কৰে ।
ৰাফিনা (Raphinha) : ব্ৰাজিলৰ খেলুৱৈগৰাকীয়ে বিগত ছিজনত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিছিল । তেওঁ বাৰ্চিলোনাৰ লা লিগা বিজয়ী ছিজনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তেওঁৰ মুখ্য অৱদানৰ বাবেই দলটোক চেম্পিয়নছ লীগৰ ছেমি ফাইনেলতো প্ৰৱেশ কৰাত সহায় কৰিছিল । লগতে ইউৰোপৰ আটাইতকৈ ডাঙৰ প্ৰতিযোগিতাখনৰ বাবে খিতাপৰ প্ৰতিদ্বন্দ্বী আছিল । ৩৪টা গ’ল আৰু ২৫টা সহায়কৰে তেওঁ ছিজনটো সমাপ্ত কৰে ।
লেমিন ইয়ামাল (Lamine Yamal) : ১৭ বছৰীয়া স্পেনিছ ফুটবলাৰগৰাকীয়ে বৰ্তমান ইউৰোপত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । যোৱা ছিজনত বাৰ্চিলোনাৰ সফলতাত মুখ্য ভূমিকা লোৱা এইগৰাকী যুৱ তাৰকাই ৰাফিনৰ সৈতে এক উল্লেখনীয় যুটি বান্ধি সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় । ইতিমধ্যে তেওঁ যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । বিগত ছিজনটো তেওঁ ১৮টা গ’ল আৰু ২৫টা সহায়কেৰে অন্ত পেলাইছিল ।
মনোনয়নৰ সম্পূৰ্ণ তালিকা
জুড বেলিংহাম, ভিক্টৰ জিয়’কেৰেছ, স্কট মেকট’মিনে, আৰ্লিং হালেণ্ড, আচ্ৰাফ হাকিমি, অউছমেন ডেম্বেলে, নুনো মেণ্ডেছ, মহম্মদ চালাহ, জিয়ানলুইজি ডনাৰুমা, জোৱাও নেভেছ, লাউটাৰো মাৰ্টিনেজ, ডিজায়াৰ ডৌ, ভাৰ্জিল ভান ডাইক, মাইকেল অলিছ, ডেনজেল ডামফ্ৰিজ, কোল পামৰ, চেৰহৌ গুইৰাচি, পেড্ৰি, ৰাফিনহা, ডেক্লান ৰাইচ, ফেবিয়ান ৰুইজ, হেৰী কেন, খভিচা কোৱাৰাটস্কেলিয়া, ৰবাৰ্ট লেৱাণ্ডোস্কি, ভিনিচিয়াছ জুনিয়ৰ, এলেক্সিছ মেক এলিষ্টাৰ, ভিটিনহা, ফ্লৰিয়ান উইৰ্টজ, কাইলিয়ান এমবাপে, লেমিন ইয়ামাল ।
বেলন ডিঅ'ৰ কি ?
উল্লেখ্য যে ফুটবল জগতৰ আটাইতকৈ সন্মানীয় ব্যক্তিগত বঁটা হৈছে বেলন ডিঅ'ৰ । ফ্ৰান্সৰ এখন ফৰাচী ফুটবল আলোচনীয়ে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰে । ভোটদানৰ জৰিয়তে এই বঁটাৰ বিজয়ীসকলক নিৰ্ণয় কৰা হয় । ফ্ৰান্স ফুটবল আৰু সতীৰ্থ ফ্ৰান্সৰ প্ৰকাশন ল’ইকুইপৰ সাংবাদিকসকলে একত্ৰিত হৈ যোৱা ছিজনত খেলুৱৈসকলৰ প্ৰদৰ্শনৰ ভিত্তিত ৩০ জন খেলুৱৈক এই বঁটাৰ বাবে মনোনীত কৰে ।
মনোনয়ন সম্পূৰ্ণ হোৱাৰ পিছত ফিফাৰ ৰেংকিঙৰ শীৰ্ষ ১০০ খন দেশৰ প্ৰতিখনৰ পৰা এজনকৈ ফুটবল সাংবাদিকক তেওঁলোকৰ শীৰ্ষ ১০ জন খেলুৱৈক ক্ৰম অনুসাৰে বাবে ভোট দিবলৈ আমন্ত্ৰণ জনোৱা হয় ।

