মল্লযুঁজাৰু বজৰং পুনিয়াক দ্বিতীয়বাৰলৈ নিলম্বিত কৰিলে এণ্টি ড’পিং এজেন্সী - Wrestler Bajrang Punia
Bajrang Punia Suspended: পুনৰায় এণ্টি ড’পিং এজেন্সীৰ দ্বাৰা নিলম্বিত হৈছে ভাৰতীয় মল্লযুঁজাৰু বজৰং পুনিয়া ৷ এক জাননী জাৰি কৰি সংস্থাটোৱে এই কথা ঘোষণা কৰে ৷ পঢ়ক বিতং খবৰ ...

Published : June 23, 2024 at 7:10 PM IST
স্প’ৰ্টছ ডেস্ক, 23 জুন : ভাৰতীয় ক্ৰীড়াক্ষেত্ৰলৈ দুঃখবৰ ৷ পুনৰ এবাৰ ৰাষ্ট্ৰীয় ড'পিং প্ৰতিৰোধী সংস্থা(এন এ ডি এ)ই আনুষ্ঠানিকভাৱে জাননী জাৰি কৰি নিলম্বন কৰিছে ভাৰতীয় মল্লযুঁজাৰু বজৰং পুনিয়াক ৷
খেলুৱৈগৰাকীয়ে নিজৰ প্ৰস্ৰাৱৰ নমুনা দিবলৈ অস্বীকাৰ কৰাৰ বাবেই সংস্থাই গ্ৰহণ কৰে এই সিদ্ধান্ত ৷ অৱশ্যে সংস্থাই সাময়িকভাৱেহে গ্ৰহণ কৰিছে এনে সিদ্ধান্ত ৷
লগতে পঢ়ক: পেৰিছ অলিম্পিকৰ পূৰ্বে সাময়িকভাৱে নিলম্বিত বজৰং পুনিয়া - Wrestler Bajrang Punia
উল্লেখ্য যে, চলিত বৰ্ষৰে 10 মাৰ্চত শোণিপটত অনুষ্ঠিত হোৱা অনুশীলনৰ সময়ত পুনিয়াই নিজৰ প্ৰস্ৰাৱৰ নমুনা দিবলৈ অস্বীকাৰ কৰিছিল ৷ যাৰ বাবে তেওঁক সাময়িকভাৱে ৰাষ্ট্ৰীয় ড'পিং প্ৰতিৰোধী সংস্থাই নিলম্বন কৰিছিল ৷
বিগত বৃহস্পতিবাৰে সংস্থাটোৱে পুনৰ এক নিৰ্দেশনা জাৰি কৰি মল্লযুঁজাৰুগৰাকীক 11 জুলাইৰ ভিতৰত নিলম্বনৰ সন্দৰ্ভত উত্তৰ দিবলৈ আহ্বান জনায় ৷
পুনিয়াৰ প্ৰাৰম্ভিক অস্থায়ী নিলম্বনৰ আদেশৰ পিছত মল্লযুঁজাৰুগৰাকীয়ে নমুনা দিবলৈ অস্বীকাৰৰ নকৰাৰ কথা সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ প্ৰকাশ কৰিছিল ৷ তদুপৰি সংস্থাটোৱে তেওঁলোকৰ নমুনা সংগ্ৰহ কৰিবলৈ প্ৰেৰণ কৰা কিটৰ ম্যাদ উকলি যোৱাৰ সন্দৰ্ভতো মল্লযুঁজাৰুগৰাকীয়ে সংস্থাৰ পৰা মতামত বিচাৰিছিল ৷
লগতে পঢ়ক: পেৰিছ অলিম্পিকৰ অৰ্হতাৰ দৌৰৰ পৰা বাহিৰ বজৰং পুনিয়া আৰু ৰবি দহিয়া
আশ্বৰ্যজনকভাৱে পৰৱৰ্তী সময়ত এণ্টি ড'পিং ডিচিপ্লিনেৰী পেনেলে (এডিএপি) ৩০ বছৰীয়া ভাৰতীয় মল্লযুঁজাৰু বজৰং পুনিয়াৰ বিৰুদ্ধে নিলম্বন প্ৰত্যাহাৰ কৰি এণ্টি-ড'পিং ডিচিপ্লিনেৰী পেনেলে এই বছৰৰ মাৰ্চ মাহত সংঘটিত হোৱা ড'পিং বিৰোধী নিয়ম উলংঘনৰ অভিযোগত বজৰঙক আনুষ্ঠানিকভাৱে অভিযুক্ত নকৰা বুলিও স্পষ্ট কৰে ৷
উল্লেখ্য যে, প্ৰায়ে ভাৰতীয় মল্লযুঁজাৰুগৰাকী সংবাদ শীৰ্ষত থকাটো পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ বজৰং পুনিয়া, অলিম্পিয়ান সাক্ষী মালিক আৰু বিনেশকে ধৰি অন্যান্য শীৰ্ষ মল্লযুঁজাৰুৰ সৈতে বিজেপিৰ প্ৰাক্তন সাংসদ তথা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্ৰীজভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ আগশাৰীত আছিল ৷
লগতে পঢ়ক: অলিম্পিকৰ কোৱালিফায়াৰত ভাগ নলয় বজৰং পুনিয়াই

