ETV Bharat / sports

টীম ইণ্ডিয়াই লাভ কৰিলে এদিনীয়াৰ নতুন অধিনায়ক, বেটছমেন হিচাপে দললৈ প্ৰত্যাৱৰ্তন ৰোহিত শৰ্মাৰ

টেষ্টৰ পিছত এদিনীয়াতো শুভমন গিলক ভাৰতীয় দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ।

TEAM INDIA ODI SQUAD
ৰোহিত-গিল (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : October 4, 2025 at 6:36 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া তিনিখন মেচৰ এদিনীয়া আৰু পাঁচখন টি-২০ শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাছনি সমিতিয়ে ভাৰতীয় দল ঘোষণা কৰিছে । শুভমন গিলক এদিনীয়া দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । শনিবাৰে আহমেদাবাদত বাছনি সমিতিৰ অধ্যক্ষ অজিত আগৰকাৰে আহ্বান কৰা বাছনি সভাত বি চি চি আইয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে । গিলে নিজৰ কেৰিয়াৰত এতিয়ালৈকে ৫৫খন এদিনীয়া খেলি ২৭৭৫ ৰাণ আৰু ৮টা শতক অৰ্জন কৰিছে ।

এই সিদ্ধান্তৰ জৰিয়তে শুভমন গিলে ৰোহিত শৰ্মাৰ ঠাইত এদিনীয়া অধিনায়ক হিচাপে নিযুক্তি লাভ কৰাৰ বিপৰীতে শ্ৰেয়াছ আয়াৰক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । ৰোহিত শৰ্মাই শেষবাৰলৈ চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিছিল আৰু তেওঁৰ অধিনায়কত্বত ভাৰতে খিতাপ দখল কৰিছিল । চলিত বৰ্ষৰ আৰম্ভণিতে টেষ্টৰ অধিনায়ক হিচাপে নিযুক্তি পোৱা শুভমন গিল সকলো ফৰ্মেটতে ভাৰতৰ বাবে সম্ভাৱ্য অধিনায়ক হিচাপে বিবেচিত হৈছে । শুভমনৰ নেতৃত্বত ভাৰতে এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফীত ২-২ ত ড্ৰ’ নিশ্চিত কৰাৰ লগতে সমালোচকক উচিত প্ৰত্যুত্তৰ দি শৃংখলাত বেটিঙৰ ক্ষেত্ৰত তাৰকা প্ৰদৰ্শন আগবঢ়ায় ।

বিৰাট আৰু ৰোহিতৰ প্ৰত্যাৱৰ্তন

ৰোহিতৰ উপৰিও বিৰাট কোহলীক এদিনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছে । দুয়োগৰাকী মহান খেলুৱৈয়ে শেষবাৰৰ বাবে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত অংশগ্ৰহণ কৰিছিল । এতিয়া দুয়োগৰাকী খেলুৱৈয়ে অষ্ট্ৰেলিয়াত আকৌ এবাৰ ভাৰতীয় জাৰ্চি পিন্ধিবলৈ সাজু হৈছে ।

জাডেজা, বুমৰাহ, আৰু হাৰ্দিক বাহিৰ

এই শৃংখলাৰ বাবে এদিনীয়া দলৰ পৰা বাদ পৰিছে বেগী বলাৰ যশপ্ৰিত বুমৰাহ আৰু অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা । অৱশ্যে বুমৰাহক টি-২০ দলত ৰখা হৈছে । হাৰ্দিক পাণ্ডিয়া দুয়োটা ফৰ্মেটৰ পৰা বাহিৰত ৰখা হৈছে ।

এদিনীয়া মেচত দুখন নতুন মুখ

এদিনীয়া দলত নতুনকৈ সংযোজন কৰা হৈছে নীতিশ কুমাৰ ৰেড্ডী আৰু ধ্ৰুৱ জুৰেলক । টি-২০ দলত বিশেষ পৰিৱৰ্তন হোৱা নাই আৰু এছিয়া কাপৰ দলটোক ধৰি ৰখা হৈছে । হাৰ্দিকৰ ঠাইত কেৱল নীতিশ কুমাৰ ৰেড্ডীকহে অন্তৰ্ভুক্ত কৰা হৈছে ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ এদিনীয়া দল

শুভমন গিল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ (উপ অধিনায়ক), অক্ষৰ পেটেল, কে এল ৰাহুল (উইকেটকীপাৰ), নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ চিৰাজ, আৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), যশস্বী জয়ছোৱাল

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ টি-২০ দল

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, শুভমন গিল (উপ অধিনায়ক), তিলক বাৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা (উইকেটকীপাৰ), বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, আৰ্শদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, সঞ্জু চেমচন (উইকেটকীপাৰ), ৰিংকু সিং, ৱাশ্বিংটন সুন্দৰ ।

ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সম্পূৰ্ণ সূচী

১৯ অক্টোবৰ, প্ৰথম এদিনীয়া, পাৰ্থ

২৩ অক্টোবৰ - দ্বিতীয় এদিনীয়া, এডিলেইড

২৫ অক্টোবৰ - তৃতীয় এদিনীয়া, ছিডনী

২৯ অক্টোবৰ - প্ৰথম টি-২০, কেনবেৰা

৩১ অক্টোবৰ - দ্বিতীয় টি-২০, মেলবৰ্ণ

২ নৱেম্বৰ - তৃতীয় টি-২০, হোবাৰ্ট

৬ নৱেম্বৰ - চতুৰ্থ টি-২০, গোল্ড কোষ্ট

৮ নৱেম্বৰ - পঞ্চম টি-২০, ব্রিজবেন

লগতে পঢ়ক : তিনি দিনতেই আত্মসমৰ্পণ: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ তৃতীয় সৰ্ববৃহৎ জয়

ভাৰত বনাম ৱেষ্ট ইণ্ডিজ: ১৬২ ৰাণত ইনিংছ সামৰিলে ৱেষ্ট ইণ্ডিজে, ছিৰাজৰ ৫ উইকেট দখল

ভাৰতৰ আগত শিৰনত পাকিস্তানৰ, বি চি চি আইৰ ওচৰত ক্ষমা বিচাৰিলে মহছিন নকভিয়ে