নতুন দিল্লী: ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শিখৰ ধৱনে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদীক উভতি ধৰিছে ৷ শেহতীয়াকৈ পাকিস্তানী ক্ৰিকেটাৰগৰাকীয়ে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত প্ৰকাশ কৰা মন্তব্যৰ পিছতে ধৱনে তেওঁক যোগ্য প্ৰত্যুত্তৰ দিয়ে ৷
এই সন্দৰ্ভত ধৱনে কয় ‘‘আপুনি ইতিমধ্যে ইমান তললৈ নামিছে, আৰু কিমান তললৈ যাব, অপ্ৰয়োজনীয় মন্তব্য প্ৰকাশ কৰাৰ পৰিৱৰ্তে আপোনাৰ দেশৰ অগ্ৰগতিৰ ওপৰত গুৰুত্ব দিয়াটোৱেই ভাল ।’’
Kargil mein bhi haraya tha, already itna gire hue ho aur kitna giroge, bewajah comments pass karne se acha hai apne desh ki taraqqi mai dimag lagao @SAfridiOfficial. Humein hamari Indian Army par bohot garv hai. Bharat Mata Ki Jai! Jai Hind!https://t.co/5PVA34CNSe
— Shikhar Dhawan (@SDhawan25) April 28, 2025
ভাৰতীয় সেনাক লৈ শ্বাহিদ আফ্ৰিদীৰ বিতৰ্কিত মন্তব্য
কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত শ্বাহিদ আফ্ৰিদীয়ে ভাৰতীয় সেনাক লৈ প্ৰকাশ কৰিছিল বিতৰ্কিত মন্তব্য ৷
আফ্ৰিদীয়ে কৈছিল, ‘‘আপোনালোকৰ কাশ্মীৰত ৮ লাখ সৈন্য আছে আৰু তাৰপিছতো এনেকুৱা হৈছে ৷ ইয়াৰ অৰ্থ হ’ল আপোনালোক অসাৰ, অযোগ্য আৰু আপোনালোকে জনসাধাৰণক নিৰাপত্তা দিয়াত অসমৰ্থ ।’’
শ্বাহিদ আফ্ৰিদীক উভতি ধৰিলে শিখৰ ধৱনে
ইয়াৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ শিখৰ ধৱনে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত আফ্ৰিদীক উচিত প্ৰত্যুত্তৰ দি পোষ্ট কৰে ।
ধৱনে এনেদৰে লিখিছে, ‘‘আমিও কাৰ্গিলত পৰাস্ত হৈছিলো । ইতিমধ্যে ইমান তললৈ নামিছে, আৰু কিমান তললৈ নামিব ? অপ্ৰয়োজনীয় মন্তব্য দিয়াৰ পৰিৱৰ্তে নিজৰ দেশৰ প্ৰগতিৰ ওপৰত গুৰুত্ব দিয়াই ভাল । আমাৰ ভাৰতীয় সেনাক লৈ আমি অতি গৌৰৱান্বিত । ভাৰত মাতৃ জীয়াই থাকক ! জয় হিন্দ !"
ভাৰতীয় সংবাদ মাধ্যমকো ইতিকিং কৰিছিল আফ্ৰিদীয়ে
আফ্ৰিদীয়ে ইয়াতেই থমকি ৰোৱা নাছিল ৷ বৰঞ্চ ভাৰতীয় সংবাদ মাধ্যমে কৰা এই বৰ্বৰ কাণ্ডৰ কভাৰেজক উপহাস কৰি বলীউডৰ প্ৰডাকচনৰ সৈতে তুলনা কৰিছিল ৷ পাকিস্তানী ক্ৰিকেটাৰগৰাকীয়ে লগতে কৈছিল যে ভাৰতীয় ক্ৰিকেটাৰসকলে কোনো প্ৰমাণ অবিহনে এই আক্ৰমণৰ বাবে পাকিস্তানক দোষাৰোপ কৰাটো ভুল ।
টি আৰ এফে লৈছিল পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ দায়িত্ব
পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু ঘটিছিল ২৮ জনকৈ পৰ্যটকৰ ৷ নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (LeT) ৰ সৈতে জড়িত ৰেজিষ্টেন্স ফ্ৰণ্টে (TRF) ইতিমধ্যে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে, যিটো পাকিস্তানৰ পৰা পৰিচালিত হয় ।
২০১৯ চনৰ পুলৱামা আক্ৰমণৰ পিছত কাশ্মীৰত সংঘটিত হোৱা অন্যতম ভয়াৱহ আক্ৰমণ হিচাপে চিহ্নিত হৈছে পহলগামৰ এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা । এই আক্ৰমণক সমগ্ৰ বিশ্বই গৰিহণা দিয়াৰ লগতে ভাৰতে এই কাণ্ডৰ বাবে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনক জগৰীয়া কৰে ।