সন্মানীয় আই লীগত অসমক প্ৰতিনিধিত্ব কৰিব ছয়গাঁও এফ চিয়ে
অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগৰ ফাইনেলত বঙাইগাঁৱৰ ইলেভেন ষ্টাৰ ক্লাবক ৪-০ গ'লত পৰাস্ত কৰে ছয়গাঁও এফ চিয়ে ।

Published : June 11, 2025 at 7:38 PM IST
মিৰ্জা: দক্ষিণ কামৰূপৰ ছয়গাঁও এফ চিয়ে ইণ্ডিয়ান ফুটবল লীগ থ্ৰীত অসমক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰিছে । আই লীগ নামেৰে পৰিচিত ভাৰতীয় ফুটবলৰ সন্মানীয় প্ৰতিযোগিতাখনত খেলিবৰ বাবে যোগ্যতা অৰ্জন কৰা ছয়গাঁও ফুটবল ক্লাবৰ খেলুৱৈ, কৰ্মকৰ্তাসকলক বুধবাৰে ছয়গাঁৱত স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজে বিপুল সম্বৰ্ধনা জনায় ।
উল্লেখ্য যে দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ ২০২৪-২৫ বৰ্ষৰ ছুপাৰ লীগৰ চেম্পিয়ন সূত্ৰে অসম ফুটবল সন্থাৰ সৰ্বোচ্চ সন্মানীয় প্ৰতিযোগিতা অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগৰ ২০২৪- ২৫ বৰ্ষৰ সংস্কৰণত খেলাৰ সুযোগ লাভ কৰিছিল ছয়গাঁও এফ চিয়ে ।
প্ৰথম প্ৰৱেশতেই মঙলবাৰে ঢকুৱাখনাত চেম্পিয়ন হোৱাৰ লগে লগে ছয়গাঁৱত একপ্ৰকাৰ বিজয় উৎসৱ আৰম্ভ হয় । আনহাতে, বুধবাৰে পুৱা দলটো ঢকুৱাখনাৰ পৰা কুকুৰমাৰা আহি পোৱাৰ লগে লগে ছয়গাঁও এফ চিৰ সভাপতি বিশ্বজিৎ দাস, সম্পাদক অভিজিৎ দাস, প্ৰশিক্ষক শান্তনু বসু সহিতে সকলো খেলুৱৈক ছয়গাঁৱলৈ বিশাল সমদলেৰে আদৰি অনা হয় । বিভিন্নজনে খিতাপ অৰ্জন কৰা দলটোক অঞ্চলটোলৈ কঢ়িয়াই অনা অনন্য কৃতিত্বৰ বাবে আদৰণি জনায় ।
উল্লেখ্য যে ঢকুৱাখনাৰ ক্ৰীড়াপ্ৰেমীৰ অন্তৰ জয় কৰি মঙলবাৰে ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ মাতমৰা বিষ্টুৰাম ক্ৰীড়া ক্ষেত্ৰত বিৰ দি বাট নোপোৱা পৰিৱেশত ১৫ হাজাৰোধিক ক্ৰীড়াপ্ৰেমীৰ উছাহত ছয়গাঁও দলটোৱে ৰাজ্যিক প্ৰিমিয়াৰ লীগৰ ফাইনেলত বঙাইগাঁৱৰ ইলেভেন ষ্টাৰ ক্লাবক ৪-০ গ'লত পৰাস্ত কৰে ।
লগতে চেম্পিয়ন ছয়গাঁও দলটোৱে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠত্বৰ আন বঁটাকেইটাও লাভ কৰে । দলটোৰ অধিনায়ক শুভম চেত্ৰী, গ'লৰক্ষক হাবিজুৰ দেৱান আৰু মৃদুল দলেয়ে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ গ'লৰক্ষক আৰু সৰ্বোচ্চ গ'লদাতাৰ বঁটা লাভ কৰে ।
দলটোৰ এই প্ৰদৰ্শন উৎসাহিত ছয়গাঁও এফ চিৰ সভাপতি বিশ্বজিৎ দাসে কয়, "এইখন ছয়গাঁৱৰ খেলপথাৰ । ইয়াত ক্ৰীড়া সংগঠন আমাৰ ছয়গাঁও ক্ৰীড়া সন্থা আছে । এই খেলপথাৰতে আমি সৰুৰে পৰা খেলিছিলোঁ । আৰু ছয়গাঁৱৰ নামটো ৰাজ্যিক পৰ্যায়ত উজলাবৰ বাবে এই ফিল্ডতে দৃঢ় প্ৰতিজ্ঞ হৈছিলোঁ । যদি আমি কষ্ট কৰোঁ, যদি আমি টাৰ্গেট এটা লওঁ যে আমি ষ্টেপ বাই ষ্টেপ যাম । প্ৰথম আমি ইয়াতে লীগত চেম্পিয়ন হ'লোঁ, দক্ষিণ কামৰূপ লীগত আমি চেম্পিয়ন হ'লোঁ । তাৰ পিছত আমি শুনিলোঁ ৭-৮ বছৰ বিৰতিৰ মূৰত এইবাৰ আছাম ফুটবল এছোচিয়েচনে আছাম ষ্টেট প্ৰিমিয়াৰ লীগ পাতিব ।"
আই লীগত সুযোগ লাভ সন্দৰ্ভত তেওঁ কয়, "প্ৰথম মেচত আমি গ্ৰীণভেলী এফ চি, ১৫ বছৰ পুৰণি দল, তেওঁলোকক আমি ১ গ'লত পৰাস্ত কৰিলোঁ । তাৰ পিছত আমাৰ মনোবল আহি গ'ল যে যদি আমি গ্ৰীণভেলীক হৰুৱাইছোঁ যিয়ে নহওক পাৰিম ... আমি প্ৰথম ছেমি ফাইনেলিষ্ট হিচাপে যোগ্যতা অৰ্জন কৰিলোঁ । তাৰ পিছত টাৰ্গেট হ'ল ফাইনেল । সেইটোৱে হ'ল । ইয়াৰ পিছত আই লীগ আহিব ছেপ্টেম্বৰ-অক্টোবৰত । আমাৰ হাতত বেছি সময় নাই । আমি হাৰ্ডৱৰ্ক কৰিব লাগিব । ৰাষ্ট্ৰীয় পৰ্যায়ৰ আই লীগত আমি ছয়গাঁৱৰ নাম নিশ্চয় উজলাবলৈ সক্ষম হ'ম ।"

