ETV Bharat / sports

পিকলবল, উত্তৰ-পূবত ইয়াৰ প্ৰসাৰৰ নতুন পদক্ষেপ কি ?

বহুতে পিকলবলৰ বিষয়ে জ্ঞাত নহয় । কিন্তু এই পিকলবল খেলিয়ে অসমৰ খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে ।

Assam Pickleball Association
পিকলবল কি...উত্তৰ-পূৱত ইয়াৰ প্ৰসাৰৰ নতুন পদক্ষেপ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 16, 2025 at 10:09 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : পিকলবল কি আপুনি জানেনে ? হয়টো বহুতৰ বাবে এইটো এটা নতুন শব্দ । কিন্তু টেনিছ, বেডমিণ্টন আদিৰ দৰেই বহু দেশত এই পিকলবল ক্ৰীড়া অতি জনপ্ৰিয় । অৱশ্যে ভাৰতত ইয়াৰ প্ৰসাৰ এতিয়ালৈ বেছি হোৱা নাই । অসম তথা উত্তৰ পূৰ্বাঞ্চলৰো বহুলোক এই বিধ ক্ৰীড়াৰ বিষয়ে জ্ঞাত নহয় । কিন্তু তাৰ পিছতো একাংশ ক্ৰীড়া সংগঠক তথা খেলুৱৈৰ প্ৰচেষ্টাত পিকলবলে অসমত খোপনি পুতিবলৈ ধৰিছে ।

পিকলবল খেলৰ প্ৰতি আগ্ৰহী প্ৰতিভাসমূহৰ বিকাশ আৰু খেলবিধৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে ইতিমধ্যে গঠন হৈছে অসম পিকলবল সন্থা (এপিএ)। এই সন্থাই এতিয়া অসম তথা উত্তৰ পূবত এইবিধ ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

পিকলবল কি...উত্তৰ-পূবত ইয়াৰ প্ৰসাৰৰ নতুন পদক্ষেপ (ETV Bharat)

অসমত পিকলবল খেলৰ উন্নয়ন আৰু প্ৰসাৰৰ লক্ষ্যৰে গঠিত অসম পিকলবল সন্থাই গুৱাহাটীত শনিবাৰে এক সংবাদমেলো সম্বোধন কৰে । য'ত সন্থাৰ যাত্ৰা, শেহতীয়াকৈ এই ক্ৰীড়াত অসমৰ খেলুৱৈৰ সফলতা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত এই খেলক জনপ্ৰিয় কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা অভিলাসী পৰিকল্পনাৰ কথা সদৰী কৰে । লগতে চতুৰ্থ ৰাষ্ট্ৰীয় পিকলবলত অসমক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

  • পিকলবলত অসমৰ খেলুৱৈৰ সফলতা

সংবাদমেল সম্বোধন কৰি অসম পিকলবল সন্থাৰ সম্পাদিকা তথা পিকলবল খেলুৱৈ নাজনীন ৰহমানে কয়, ‘‘শেহতীয়াকৈ গ্ৰেটাৰ নয়দাৰ বেনেট ইউনিভাৰ্চিটিত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পিকলবল চেম্পিয়নশ্বিপত অসম পিকলবল সন্থাৰ খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা প্ৰতিফলিত হৈছে । এই প্ৰতিযোগিতাত অসমৰ প্ৰতিনিধি দলটোৱে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে । অসমৰ হৈ ৫০ প্লাছ মহিলা একক শাখাত ববিতা মোহন লাংথাছাই ৰূপৰ পদক আৰু ৫০ প্লাছ মহিলা ডাবলছ শাখাত নাজনীন ৰহমান আৰু ববিতা লাংথাছাই ব্ৰঞ্জৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় পিকলবল মানচিত্ৰত অসমৰ সবল উপস্থিতি নিশ্চিত কৰিছে ।"

  • পিকলবল কি ?

পিকলবল খেল সন্দৰ্ভত তেওঁ কয়, "১৯৬৫ চনতে আৰম্ভ হোৱা এই খেলবিধৰ আমেৰিকা, ইউকে, জাপান, চীনকে ধৰি বিভিন্ন দেশত জনপ্ৰিয়তা আছে । ১০ পৰা ৮০ বছৰ বয়সৰ যিকোনো লোকে এই খেলবিধ খেলিব পাৰে । এই খেলবিধত ৪০ শতাংশ মহিলাই অংশগ্ৰহণ কৰে । আগন্তুক অলিম্পিকত এই খেলবিধ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে । কিন্তু বহু লোকে পিকলবলৰ কথা নাজানে বা এই খেলবিধৰ প্ৰতি সজাগতাৰ অভাৱ আছে । সেয়েহে অসম পিকলবল সন্থাই উত্তৰ-পূব ভাৰতত এই খেলক এক প্ৰধান খেল হিচাপে গঢ়ি তোলাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে । অসম পিকলবল সন্থাই এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যলৈ ইয়াৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে ।"

তেওঁ লগতে কয়, "উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান ৰাজ্যসমূহত আধুনিক পিকলবল সুবিধাযুক্ত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন, আন্তঃৰাজ্যিক প্ৰতিযোগিতাৰ আয়োজন, যুৱ প্ৰগতি কাৰ্যসূচী, বিভিন্ন বয়সৰ আৰু সমাজৰ লোকৰ মাজত খেলবিধ জনপ্ৰিয় কৰি তুলিবলৈ সজাগতা অভিযান, কৰ্মশালা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰাৰ লগতে চৰকাৰ আৰু ক্ৰীড়া সংস্থাৰ সৈতে সহযোগিতা স্থাপন কৰা হ'ব ।"

লগতে পঢ়ক : Shocking: বিশ্ব চেম্পিয়ন ডি গুকেশে এখনো মেচত জয়ী হ’ব নোৱাৰিলে - WORLD CHAMPION D GUKESH