ETV Bharat / sports

12 বছৰীয়া অপেক্ষাৰ অন্ত; অসমৰ দখলত ৰাষ্ট্ৰীয় চাব জুনিয়ৰ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খিতাপ - SUB JUNIOR BOYS NATIONAL FOOTBALL

SUB JUNIOR BOYS NATIONAL FOOTBALL CHAMPIONSHIP: এযুগ ধৰি কৰা অপেক্ষাৰ মিঠা ফল ৷ কোনো এখনো খেলত পৰাজয় বৰণ নকৰাকৈ ৰাষ্ট্ৰীয় চাব জুনিয়ৰ ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে অসমে ৷ উৎসাহিত অসম ফুটবল সন্থাৰ বিষয়ববীয়াসকল ৷ 40 বছৰৰ পিছত যোৰহাটত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ হিচাপে অসম দলৰ অধিনায়ক তন্ময় বৰুৱা আৰু শ্ৰেষ্ঠ গ’লৰক্ষকৰ বঁটা নাজুৰ বড়োলৈ আগবঢ়োৱা হয় ৷

SUB JUNIOR BOYS NATIONAL FOOTBALL CHAMPIONSHIP
12 বছৰীয়া অপেক্ষাৰ অন্ত (ETV Bharat Assam)
author img

By ETV Bharat Sports Team

Published : September 21, 2024 at 12:40 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট, 21 ছেপ্টেম্বৰ: সুদীৰ্ঘ 40 বছৰৰ অন্তত যোৰহাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত শেষ হাঁহি মাৰিলে অসম দলে । প্ৰায় 12 বছৰৰ পিছত ৰাষ্ট্ৰীয় চাব জুনিয়ৰ টায়াৰ 2 প্ৰতিযোগিতাত প্ৰতিপক্ষ হাৰিয়ানাক পৰাস্ত কৰি খিতাপ দখল কৰে অসমে ৷ অসমৰ দলটোৱে হাৰিয়ানাক 11-0 গ’লত পৰাজিত কৰি এই খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷

অসমৰ এই সাফল্যক লৈ উৎফুল্লিত হৈ পৰে অসম ফুটবল সন্থাৰ বিষয়ববীয়াসকল ৷ সন্থাৰ উপ-সভাপতি শান্তনু পূজাৰীয়ে এই ফলাফল সন্দৰ্ভত এনেদৰে কয়, "সুদীৰ্ঘ 12 টা বছৰৰ মূৰকত অসমে এনেদৰে ৰাষ্ট্ৰীয় চাব জুনিয়ৰ ফুটবল চেম্পিয়নশ্বিপত চূড়ান্ত খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷ অৱশ্যে এয়া টায়াৰ 2, যি খেল ৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচনৰ দ্বাৰা আয়োজিত । টায়াৰ 2 ৰ অধীনত 17 খন ৰাজ্য আছিল যদিও 15 খন ৰাজ্যইহে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । উক্ত প্ৰতিযোগিতাত অসমে এখনো খেলত পৰাজিত নোহোৱাকৈ নিজৰ গ্ৰুপত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হয় ।’’

ৰাষ্ট্ৰীয় চাব জুনিয়ৰ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খিতাপ দখল অসমৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "আজি চূডান্ত খেলখনত অসমে দৃষ্টিনন্দন প্ৰদৰ্শন দাঙি ধৰি প্ৰতিপক্ষ হাৰিয়ানাক 11 টাকৈ গ’ল প্ৰদান কৰিবলৈ সক্ষম হয় । 12 টা বছৰৰ মূৰত পুনৰ ৰাষ্ট্ৰীয় খিতাপ দখল কৰা অসম দলটোক আৰু ইয়াৰ লগত জড়িত সকলোকে অসম ফুটবল সন্থাৰ হৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো । আগন্তুক সময়ত এই বিজয়ে অসমত যে ফুটবলৰ সম্ভৱনাময় পৰিৱেশ সৃষ্টি হৈছে, তাকে প্ৰতীয়মান কৰিছে ।’’

আনহাতে, দলটোৰ এগৰাকী প্ৰশিক্ষকে কয়, "ভৱিষ্যতে অসম দলে আৰু উন্নত খেল প্ৰদৰ্শন কৰিব বুলি আশা কৰিছো ৷ যদি দলৰ খেলুৱৈসকলক গুণগত আৰু উচ্চ মানদণ্ডৰ প্ৰশিক্ষণ আৰু সুবিধা আগবঢ়াই, তেতিয়াহ’লে আৰু ভাল খেল প্ৰদৰ্শন কৰিব পাৰিব । আমাৰ বিজয়ৰ মূল কাৰণ হ’ল কষ্ট, বুজাপৰা আৰু সহায়-সহযোগিতা । আজি ফুটবলক লৈ সকলোতে সজাগতা যথেষ্ট বৃদ্ধি পাইছে ৷’’ এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসম দলৰ প্ৰশিক্ষকগৰাকীয়ে পূৰ্বতে খেলি অহা খেলসমূহৰ কথা উল্লেখ কৰি নষ্টালজিক হৈ পৰে ৷

উল্লেখ্য যে, সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ দ্বাৰা আয়োজিত আৰু যোৰহাট ক্ৰীড়া সন্থাৰ পৰিচালনাত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতা যোৰহাট ষ্টেডিয়াম আৰু মৰিয়নীৰ বাপুজী ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত হৈছিল ৷ যোৰহাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় চাব জুনিয়ৰ ফুটবল প্ৰতিযোগিতাত তেলেংগানা, জন্মু আৰু কাশ্মীৰৰ লগতে লক্ষদ্বীপ আৰু আন্দামান-নিকোবৰৰ দৰে কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহেও অংশগ্ৰহণ কৰিছিল ।

লগতে পঢ়ক: 22 ছেপ্টেম্বৰত ডিব্ৰুগড়ত অসম অলিম্পিক সন্থাৰ নিৰ্বাচন; একেটা দিনতে হ’ব বাৰ্ষিক সাধাৰণ সভা - ASSAM OLYMPIC ASSOCIATION ELECTION