নতুন দিল্লী : ভাৰতীয় বক্সিং ফেডাৰেচনৰ সভাপতি অজয় সিঙে বুধবাৰে এক অভিযোগ উত্থাপন কৰে যে অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী লাভলীনা বৰগোহাঁইকে ধৰি অসমৰ বক্সাৰসকলক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত বি এফ আইৰ নিলম্বিত সচিবপ্ৰধান হেমন্ত কলিতাই বাধা আৰোপ কৰিছে । অৱশ্যে হেমন্ত কলিতাই এই অভিযোগ খণ্ডন কৰে ।
নতুন দিল্লীত অনুষ্ঠিত এক 'জৰুৰী সংবাদমেল'ত সিঙে কয় যে ৬৯ কিলোগ্ৰাম শাখাৰ টকিঅ' গেমছৰ পদক বিজয়ীগৰাকীয়ে বৃহস্পতিবাৰৰ পৰা গ্ৰেটাৰ নয়ডাত আৰম্ভ হোৱা গুৰুত্বপূৰ্ণ ঘৰুৱা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী । কিন্তু হেমন্ত কলিতাই তেওঁক ইয়াৰ পৰা নাম প্ৰত্যাহাৰ কৰিবলৈ কয় ।
উল্লেখ্য যে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ সুধীৰ কুমাৰ জৈনৰ তদন্তত বিত্তীয় অব্যৱস্থাৰ বাবে দোষী সাব্যস্ত হোৱা হেমন্ত কলিতা হৈছে অসম বক্সিং সন্থাৰ সচিব ।
অজয় সিঙে কয়, "অসমে খেলুৱৈসকলক মহিলা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত নিৰুৎসাহিত কৰিছে ।"
"লাভলীনাই সমৰ্থনৰ এটা ভিডিঅ' ৰেকৰ্ড কৰিছে । কিন্তু বিষয়াসকলে এটা ফোন লাভ কৰে যে তেওঁক হেমন্ত কলিতাই প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰিবলৈ কৈছিল । যিহেতু তেওঁ অসমৰ বক্সিং ক্ষেত্ৰৰ বাবে যথেষ্টখিনি অৱদান আগবঢ়াইছে, সেয়ে তেওঁ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বিষয়ে পুনৰ বিবেচনা কৰি আছে ।" সিঙে কয় ।
সিঙে লগতে কয়, "আমি শুনিছোঁ ৰে'ল আৰু বিমান দুয়োটাৰে বহু টিকট বাতিল কৰা হৈছে ।"
অৱশ্যে হেমন্ত কলিতাই কয় যে এই অভিযোগবোৰ সম্পূৰ্ণ ভিত্তিহীন আৰু এই বিবাদ প্ৰতিযোগিতাখনৰ তাৰিখক লৈহে আছিল ।
"এইবোৰ মোক বদনাম কৰিবলৈ কৰা হৈছে । মই তেনেকুৱা কোনো কাম কৰা নাই । আৰম্ভণিৰে পৰাই ৰাজ্যিক গোটবোৰ মহিলা চেম্পিয়নশ্বিপৰ তাৰিখক লৈ অসন্তুষ্ট আছিল । কেইবাখনো ৰাজ্যই এই সন্দৰ্ভত বি এফ আই লৈ পত্ৰও লিখিছিল ।" হেমন্ত কলিতাই পি টি আইৰ আগত কয় ।
উল্লেখ্য যে বি এফ আয়ে 22 খন ৰাজ্যৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰতিযোগীৰ তালিকা লাভ কৰিছে । কিন্তু প্ৰায় দুবছৰৰ পিছত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ বাবে কিমান বক্সাৰ উপস্থিত থাকে সেয়া লক্ষণীয় হ'ব ।
আনহাতে, নিলম্বনৰ বিষয়ে সোধাত হেমন্ত কলিতাই নিজৰ নিৰ্দোষিতাৰ সিদ্ধান্তত অটল থাকে আৰু কয় যে তেওঁ এই সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাব ।
"মই এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাম । যদি পুঁজিৰ কোনো অপব্যৱহাৰ ঘটিছে, তেন্তে সভাপতিক দোষী সাব্যস্ত কৰিব লাগে । কিয়নো তেওঁহে সকলো চেকত স্বাক্ষৰ কৰে ।"
লগতে তেওঁ প্ৰশ্ন কৰে, "ইয়াৰ উপৰি, কাৰ্যকৰী সমিতিৰ বৈঠকত এই বিষয়টো সন্মত হৈছিল যে নৈতিক সমিতিয়ে বিষয়টো তদন্ত কৰিব । তেনেহ'লে এই কামৰ বাবে এজন ন্যায়াধীশক কিয় নিযুক্ত কৰা হৈছিল ?"
ইফালে অজয় সিঙে অৱশ্যে এই কথা দৃঢ়তাৰে কয় যে তেওঁৰ তদন্তৰ আহ্বান জনোৱাৰ অধিকাৰ আছে ।
"যেতিয়া মোক ছাইৰ (ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ) দ্বাৰা অভিযোগটো চোৱা-চিতা কৰিবলৈ কোৱা হৈছিল, মই বিষয়টো কাৰ্যকৰী সমিতিৰ ওচৰলৈ লৈ যাওঁ । লগতে কওঁ যে আমি এক সঠিক তদন্ত কৰা প্ৰয়োজন আৰু তেওঁলোকে (সচিব আৰু কোষাধ্যক্ষ) সন্মত হৈছিল । তেওঁলোকো সভাত উপস্থিত আছিল আৰু ইয়াত সন্মত হৈছিল ।"
অজয় সিঙে কয়, "কাৰ্যকৰী সমিতিৰ বৈঠকৰ প্ৰস্তাৱ উপলব্ধ আৰু তদন্তৰ বাবে নৈতিকতা আয়োগলৈ যোৱাৰ বাবে কোনো অনুৰোধ কৰা হোৱা নাছিল ।"
উল্লেখ্য যে শীঘ্ৰে অনুষ্ঠিত হ'বলগীয়া বি এফ আই নিৰ্বাচনত সভাপতি পদৰ চাৰিগৰাকী প্ৰাৰ্থীৰ ভিতৰত হেমন্ত কলিতাও আছিল । কিন্তু সংস্থাটোত বিভিন্ন ভূমিকাত দুটা কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত তেওঁ 'কুলিং অফ পিৰিয়ড' অতিবাহিত কৰিব লাগিব বুলি বিবেচনা কৰি তেওঁৰ মনোনয়ন প্ৰত্যাখ্যান কৰা হয় ।
আন এক ঘটনাত দিল্লী উচ্চ ন্যায়ালয়ে বি এফ আইৰ এই আদেশ স্থগিত ৰাখে, য'ত কেৱল ইয়াৰ অনুমোদিত ৰাজ্যসমূহৰ নিৰ্বাচিত সদস্যসকলক নিৰ্বাচনত তেওঁলোকৰ নিজ নিজ গোটক প্ৰতিনিধিত্ব কৰিবলৈ অনুমতি প্ৰদান কৰিছিল । অজয় সিঙে কয় যে বি এফ আয়ে এই সিদ্ধান্তটোৰ বিৰুদ্ধে আপীল কৰিব ।
আনহাতে, ৭ মাৰ্চৰ জাননীৰ বাবে প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰক সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত অযোগ্য গণ্য কৰা হয় । ঠাকুৰৰ নাম হিমাচল প্ৰদেশ সংস্থাৰ দ্বাৰা প্ৰেৰণ কৰা হৈছিল । কিন্তু ৭ মাৰ্চৰ আদেশ অনুসৰি তেওঁ নিৰ্বাচিত সদস্য নোহোৱাৰ বাবে ইয়াক নাকচ কৰা হয় । ইফালে ঠাকুৰৰ গোটেও বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ত এই জাননীখনক পৃথকে প্ৰত্যাহ্বান জনোৱাৰ বাবে সাজু হৈছে ।