গুমি: এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈৰ আকৰ্ষণীয় প্ৰদৰ্শন । বৃহস্পতিবাৰে ভাৰতীয় দলটোৱে তিনিটা স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হয় । লগে লগে পইণ্ট তালিকাত ভাৰত তৃতীয় স্থানৰ পৰা দ্বিতীয় স্থানলৈ উন্নীত হয় আৰু জাপানক পিছ পেলায় । ধাৰাসাৰ বৰষুণে খেলত বিধি-পথালি দিলেও ভাৰতৰ বাবে স্বৰ্ণজয়ত বাধা নাহিল । প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ ভাৰতে ৫ টা স্বৰ্ণ, ৬ টা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ।
১০০ মিটাৰ হাৰ্ডলছত ডিফেণ্ডিং চেম্পিয়ন জ্যোতিয়ে প্ৰথম হাৰ্ডলছত লাহে লাহে আৰম্ভণি কৰে । অৱশ্যে চীনৰ ৱু য়ানি আৰু জাপানৰ ইউমি তানাকাৰ সংঘৰ্ষৰ মাজতে দৌৰৰ শেষৰ ফালে তেওঁ গতি লাভ কৰে । ভাৰতীয় স্প্ৰিণ্টাৰগৰাকীয়ে দুয়োগৰাকী প্ৰতিদ্বন্দ্বীক অতিক্ৰম কৰি ফিনিচিং লাইনৰ দিশে আগবাঢ়ি যায় । খেলুৱৈগৰাকীয়ে কেৱল স্বৰ্ণ পদক লাভ কৰাই নহয়, ১২.৯৬ ছেকেণ্ডতে চেম্পিয়নশ্বিপৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় ।
🚨 JYOTHI YARRAJI IS A ASIAN CHAMPION 🏆
— The Khel India (@TheKhelIndia) May 29, 2025
She broke the Championship Record in Women's 100m Hurdles with a stunning timing of 12.96s in the Asian Athletics Championship 💪
Look at the amazing acceleration at last by her, 4th Gold Medal for India 🇮🇳🥇
pic.twitter.com/3gWCpAwZ5U
৩০০০ মিটাৰ ষ্টীপলচেজত ৰাষ্ট্ৰীয় অভিলেখধাৰী অবিনাশ সাবলেয়ে অতি সহজেই নিজৰ ইভেণ্টত আধিপত্য বিস্তাৰ কৰে । ৮.২০:৯২ ছেকেণ্ডৰ ভিতৰতে দৌৰত জয়লাভ কৰি ১৯৮৯ চনত ডিনা ৰামৰ পিছত এই ইভেণ্টত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় । আনহাতে জাপানৰ য়ুটাৰো নিনা (৮:২৪.৪১) আৰু কাটাৰৰ জাকাৰিয়া এলহালামীয়ে (৮:২৭.১২) ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ।
3 Gold medals🥇 for India at 26th Asian #Athletics Championships!
— SAI Media (@Media_SAI) May 29, 2025
India's domination continues at 26th Asian Athletics Championships in Gumi, South Korea, clinching 3 Gold medals🥇.
Meet our medallists & their categories 👇🏻
Avinash Sable: Gold🥇 in Men's 3000m Steeplechase,… pic.twitter.com/0NPcOePhUY
মহিলাৰ ৪x৪০০ মিটাৰ ৰিলে দলে আন এক স্বৰ্ণ পদক লাভ কৰে । জিষ্ণা মেথিউ, ৰূপল চৌধুৰী, কুঞ্জা ৰাজিতা আৰু সুভা ভেংকটেছনৰ দলে ৩:৩৪.১৯ ছেকেণ্ডত দৌৰ সমাপ্ত কৰে । ১২ বছৰৰ পাছত এই ইভেণ্টত ভাৰতৰ হৈ সোণৰ পদক লাভ কৰা দল হিচাপে পৰিগণিত হয় ।
Asian Athletics Championships: India JUMPS to 2nd spot on the medal tally with 14 medals including 5 Gold at end of Day 3. #AAC2025 pic.twitter.com/GOSUDhS0H1
— India_AllSports (@India_AllSports) May 29, 2025
ইফালে পুৰুষৰ ৪x৪০০ মিটাৰ ৰিলে দলে ৰূপৰ পদক লাভ কৰে । জয় কুমাৰ, ধৰ্মবীৰ চৌধুৰী, মনু থেক্কিনালিল সাজী আৰু বিশাল টি কেৰ দলটোৱে উন্নত প্ৰদৰ্শন কৰিছিল যদিও কাটাৰৰ দলটোক অতিক্ৰম কৰিব নোৱাৰিলে ।