ক্ৰিকেটৰ ময়দানত পুনৰাই সমুখ সমৰত নামিব ভাৰত-পাকিস্তান
চলিত বৰ্ষৰ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫ ৷ প্ৰতিযোগিতাখন নিৰপেক্ষ স্থানত অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই অধিক ৷ অনুৰাগীয়ে পুনৰ উপভোগ কৰিবলৈ পাব ভাৰত-পাকিস্তানৰ মেচ ৷


Published : February 28, 2025 at 6:04 PM IST
হায়দৰাবাদ: ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ প্ৰস্তুতিমূলক ইভেণ্ট হিচাপে পৰিগণিত হ’বলগীয়া এছিয়া কাপ চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাখন নিৰপেক্ষ স্থানত অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই অধিক ৷
এই প্ৰতিযোগিতা আয়োজনৰ অধিকাৰ ভাৰতৰ হাতত আছে যদিও পি টি আইৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে প্ৰতিযোগিতাখন নিৰপেক্ষ স্থানত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ সেই অনুসৰি, সংযুক্ত আৰৱ আমিৰশ্বাহী নাইবা শ্ৰীলংকাত এই টুৰ্ণামেণ্ট অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই অধিক ৷
2025 Asia Cup has now increased from 6 teams to 8 team.
— Kausthub Gudipati (@kaustats) February 27, 2025
The HIGHEST number of teams the men's Asia Cup ever had.
Teams for 2025 T20 Asia Cup (likely in UAE)
India🇮🇳
Pakistan🇵🇰
Sri Lanka🇱🇰
Bangladesh🇧🇩
Afghanistan🇦🇫
UAE🇦🇪
Oman🇴🇲
Hong Kong🇭🇰
Oman and Hong Kong initially didn't… pic.twitter.com/ii1M6KfFMp
সংবাদ সংস্থা পি টি আইৰ উদ্ধৃতিৰে এছিয়ান ক্ৰিকেট কাউন্সিলৰ এক সূত্ৰই জনোৱা মতে, "প্ৰতিযোগিতাখন ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব । ভাৰতৰ আয়োজনৰ অধিকাৰ আছে যদিও সংযুক্ত আৰৱ আমিৰশ্বাহী বা শ্ৰীলংকাত ইয়াৰ খেলসমূহ অনুষ্ঠিত হ'ব পাৰে" ৷
উল্লেখ্য যে, ভাৰতত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ পূৰ্বে এছিয়া কাপ ৫০ অভাৰৰ ফৰ্মেটত অনুষ্ঠিত হৈছিল । ভাৰত, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ, আফগানিস্তান, সংযুক্ত আৰৱ আমিৰশ্বাহী, ওমান আৰু হংকং এই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰা আঠটা দল হ’ব আৰু তেওঁলোকক চাৰিটাকৈ দুটা গ্ৰুপত ভাগ কৰা হ’ব । প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে ছুপাৰ ফ’ৰত প্ৰৱেশ কৰিব, য’ত প্ৰতিটো দলে অন্ততঃ এবাৰকৈ ইটোৱে আনটোৰ মুখামুখি হ’ব ৷ ইয়াৰ পিছত পইণ্ট তালিকাৰ প্ৰথম দুটা স্থানত থকা দলসমূহে ইটোৱে আনটোৰ বিৰুদ্ধে ফাইনেলত অংশগ্ৰহণ কৰিব ৷
ভাৰত আৰু পাকিস্তানে একেটা গ্ৰুপতে স্থান লাভৰ সম্ভাৱনা আছে ৷ সেয়া হ’লে শেহতীয়াকৈ চেম্পিয়নছ ট্ৰফীত হোৱা মুখামুখিৰ পিছত ২০২৫ চনত অনুৰাগীসকলে পুনৰ তিনিখন ভাৰত-পাকিস্তানৰ মেচ উপভোগ কৰাৰ সুযোগ লাভ কৰিব ৷
বি চি চি আইৰ আয়োজনৰ অধিকাৰ থকাৰ পাছতো চলিত চেম্পিয়নছ ট্ৰফীত সংঘটিত হোৱা পৰিঘটনাসমূহ বিবেচনা কৰিলে পাকিস্তানে ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা ক্ষীণ ৷ পৰৱৰ্তী টি-২০ বিশ্বকাপ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব ৷ তেতিয়াও শ্ৰীলংকাত পাকিস্তানে নিজৰ মেচ খেলাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক: স্বপ্নভংগ ! চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ আয়োজক পাকিস্তান - CHAMPIONS TROPHY 2025

