বাংলাদেশক পৰাস্ত কৰি এছিয়া কাপ ২০২৫ৰ ফাইনেলত ভাৰত
বাংলাদেশক ৪১ ৰাণত পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় ভাৰত । মেচখনত অভিষেকে আন এক উজ্জ্বল ইনিংছ খেলে ৷

Published : September 25, 2025 at 9:28 AM IST
হায়দৰাবাদ : এছিয়া কাপ ২০২৫ ছুপাৰ 4ৰ চতুৰ্থখন খেলত বৃহস্পতিবাৰে ভাৰতে বাংলাদেশক ৪১ ৰাণত পৰাস্ত কৰে ৷ ইয়াৰ লগে লগে ভাৰতে এছিয়া কাপৰ ১৭ সংখ্যক সংস্কৰণৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় ৷
ভাৰতৰ ১৬৮ ৰাণৰ প্ৰত্যুত্তৰত বাংলাদেশ ১২৭ ৰাণত অল আউট হয় ৷ ছৈফ হাছানে ৫১ বলত ৬৯ ৰাণ আৰু পাৰভেজ হুছেইনৰ ২১ ৰাণৰ বাহিৰে আন কোনো বাংলাদেশী বেটছমেনে দ্বৈত সংখ্যাত উপনীত হ’ব নোৱাৰিলে ৷
ভাৰতৰ হৈ সৰ্বাধিক সফল বলাৰ কুলদীপ যাদৱে ৪ অভাৰত ১৮ ৰাণত ৩টা উইকেট দখল কৰে ৷ বুমৰাহ আৰু বৰুণে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে অক্ষৰ পেটেল আৰু তিলক বাৰ্মাই এটাকৈ উইকেট দখল কৰে ৷
That’s all she wrote. India win & qualify for the Final! ✌🏻
— AsianCricketCouncil (@ACCMedia1) September 24, 2025
The 🇮🇳 bowlers were on the money from the get go, choking the 🇧🇩 batters & cruising to a mammoth win.#INDvBAN #DPWorldAsiaCup2025 #ACC pic.twitter.com/50JVbiaeFu
অভিষেকৰ আন এক বিস্ফোৰক ইনিংছ
বেটৰ সৈতে অভিষেক শৰ্মাই আন এক উজ্জ্বল ইনিংছ খেলি ৩৭টা বলত ৭৫ ৰাণ সংগ্ৰহ কৰে, য’ত ৬টা চাৰি আৰু ৫টা ছয় আছিল ৷ তেওঁক প্লেয়াৰ অৱ দ্য মেচ নিৰ্বাচিত কৰা হয় ৷ ইয়াৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে উজ্জ্বল ইনিংছৰ বাবে অভিষেককো এই বঁটা প্ৰদান কৰা হৈছিল ৷
First Finalist 🔐
— AsianCricketCouncil (@ACCMedia1) September 24, 2025
India have booked their berth in the Final and are guaranteed to take the field on Sunday, with an opportunity to fight for Asian glory! ✨#INDvBAN #DPWorldAsiaCup2025 #ACC pic.twitter.com/izrkkmtYFC
ইয়াৰ উপৰিও গিলে ১৯টা বলত ২৯ ৰাণ সংগ্ৰহ কৰে ৷ শেষত হাৰ্দিকে ২৯টা বলত গুৰুত্বপূৰ্ণ ৩৮ ৰাণ সংগ্ৰহ কৰি ভাৰতক ৬ উইকেটত ১৬৮ ৰাণ সংগ্ৰহ কৰাত সহায় কৰে ৷ বাংলাদেশৰ হৈ ৰাছাদ হুছেইন আছিল সৰ্বাধিক সফল বলাৰ ৷ তেওঁ ৩ অভাৰত ২৭ ৰাণত ২টা উইকেট দখল কৰাৰ বিপৰীতে তজিম, মুস্তাফিজুৰ আৰু চাইফুদ্দিনে এটাকৈ উইকেট দখল কৰে ৷
বাংলাদেশ বনাম পাকিস্তানৰ মেচখন হ’ব ছেমি ফাইনেল সদৃশ
২৫ ছেপ্টেম্বৰত পাকিস্তান আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ ২০২৫ৰ পৰৱৰ্তী মেচখন ছেমি ফাইনেলৰ দৰে হ’ব, কিয়নো বিজয়ী দলটোৱে প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়টো দল হিচাপে পৰিগণিত হ’ব আৰু তাৰ পিছত ২৮ ছেপ্টেম্বৰত খিতাপ মেচত ভাৰতৰ বিৰুদ্ধে খেলিব ৷
গতিকে এই মেচখন বাংলাদেশৰ বাবে যিমান গুৰুত্বপূৰ্ণ হ’ব, পাকিস্তানৰ বাবেও সিমানেই গুৰুত্বপূৰ্ণ হ’ব ৷ যদিহে পাকিস্তানে এই মেচত জয়লাভ কৰে তেন্তে ভাৰত আৰু পাকিস্তানে তৃতীয়বাৰৰ বাবে প্ৰতিযোগিতাখনত মুখামুখি হ’ব ৷ ইয়াৰ উপৰিও প্ৰতিযোগিতাখনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ব ভাৰত আৰু পাকিস্তানৰ মাজত খিতাপৰ মেচ ৷

