ETV Bharat / sports

আজি ভাৰত-বাংলাদেশে এছিয়া কাপত প্ৰদৰ্শন কৰিব নিজৰ শক্তি

ভাৰত আৰু বাংলাদেশ ক্ৰিকেট টীমে আজি এছিয়া কাপৰ চুপাৰ ৪ ত মুখামুখি হ'ব ।

IND VS BAN POSSIBLE PLAYING 11
আজি ভাৰত-বাংলাদেশে এছিয়া কাপত প্ৰদৰ্শন কৰিব নিজৰ শক্তি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 24, 2025 at 3:12 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ: এছিয়া কাপ ২০২৫ ৰ চুপাৰ-৪ ত মুখামুখি হ'ব ভাৰত আৰু বাংলাদেশ । এই মেচ ডুবাই ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত আজি নিশা ৮ বজাৰ পৰা আৰম্ভ হ'ব । ভাৰতীয় টীমে এই মেচত জয়ী হৈ নিজৰ স্থিতি স্থায়ী কৰিব বিচাৰিব, ইফালে বাংলাদেশেও বিজয় লাভ কৰি ফাইনেলৰ দিশে আৰু এখোজ আগবঢ়াৰ উদ্দেশ্যৰে খেলপথাৰত নামিব । ভাৰতক নেতৃত্ব দিব সূৰ্যকুমাৰ যাদৱে ৷ ইফালে লিটন দাসে বাংলাদেশৰ অধিনায়ক হিচাপে খেলিব । মেচৰ পূৰ্বে আহক জানো পিটচ ৰিপ’ৰ্ট, ভাৰত-বাংলাদেশৰ পৰস্পৰৰ বিৰুদ্ধে ৰেকৰ্ডৰ লগতে দুয়োটা টীমৰ মূল একাদশৰ বিষয়ে ।

পৰস্পৰৰ বিৰুদ্ধে দুয়োটা দলৰ ৰেকৰ্ড:

ভাৰত আৰু বাংলাদেশৰ পৰস্পৰৰ ৰেকৰ্ডৰ কথা যদি কোৱা হয়, তেন্তে ভাৰত বাংলাদেশৰ ওপৰত যথেষ্ট প্ৰভাৱশালী । এই দুয়োটা টীমে এতিয়ালৈকে প্ৰায় ১৭ খন T-20 মেচ খেলিছে । ইয়াৰ মাজত ভাৰতীয় ক্ৰিকেট টীমে ১৬ খনতেই বিজয় সাব্যস্ত কৰিছে, বিপৰীতে বাংলাদেশে মাত্ৰ এখন মেচত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে । এনে পৰিপ্ৰেক্ষিতত ভাৰতে আজি নিজৰ ৰেকৰ্ড আৰু অধিক মজবুত কৰিবলৈ বিচাৰিব ।

ডুবাই ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামৰ পিটচ ৰিপ’ৰ্ট:

ভাৰত-বাংলাদেশৰ মেচ আজি ডুবাই ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত খেলা হ'ব । ভাৰতে এছিয়া কাপৰ বেছিভাগ মেচ এই খেলপথাৰতে খেলি আহিছে । এই পিটচ সদায় স্পিন বলাৰৰ সহায়ক বুলি প্ৰমাণিত হৈছে । একেদৰে বেটছমেনসকলেও এবাৰ স্থিতি লোৱাৰ পিছতে দীঘলীয়া সময়ৰ বাবে খেলিব পাৰে । এই পিটচত বেগী বলাৰসকলৰ বাবে সুযোগ কম । এতিয়ালৈকে এছিয়া কাপত এই পিটচত আটাইতকৈ বেছি স্ক'ৰ ১৭৪, যি ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সংগ্ৰহ কৰিছিল ৷ বিপৰীতে আটাইতকৈ কম স্ক'ৰ ৫৭ ৰাণ, যি ইউ এ ইয়ে ভাৰতৰ বিৰুদ্ধে সংগ্ৰহ কৰিছিল ।

ডুবাই খেলপথাৰত সৰ্বাধিক টি-২০ স্ক’ৰ হৈছে ২২২ ৰাণ । এই ৰাণ সংগ্ৰহৰ অভিলেখ আছে ভাৰতৰ নামত । আনহাতে ৱেষ্ট ইণ্ডিজে সংগ্ৰহ কৰিছে সৰ্বনিম্ন ৫৬ ৰাণ । ডুবাইৰ খেলপথাৰত গড় স্ক’ৰ ১৪৫ৰ পৰা ১৫৫ ৰাণৰ ভিতৰত । সেয়েহে ইয়াত টছ অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হৈছে । ইয়াত প্ৰথমে বেটিং কৰা দলটোৱে সদায় বিপৰ্যয়ৰ সন্মুখীন হৈ আহিছে ।

এইসকল খেলুৱৈৰ ওপৰত গুৰুত্ব দিয়া হ’ব :

এই টুৰ্ণামেণ্টত অভিষেক শৰ্মাই পাৱাৰ প্লেত ভাল প্ৰদৰ্শন কৰিছিস, তেওঁ মাত্ৰ ৬১ বলত ১৩২ ৰাণ সংগ্ৰহ কৰি গড়ে ২১৬.২৯ স্ক'ৰ সংগ্ৰহ কৰিছে । ভাৰতীয় অনুৰাগীয়ে পুনৰ এবাৰ তেওঁৰ ওপৰত আশা কৰিছে । শিৱম ডুবেই তেওঁ ৩৯ খন আন্তঃৰাষ্ট্ৰীয় T-20 মেচত মাত্ৰ তিনিবাৰৰ নিজৰ সম্পূৰ্ণ চাৰি অভাৰ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে দুবাৰত তেওঁ গৌতম গম্ভীৰৰ কোচিঙত বলিং কৰিছিল । তেওঁ ইউ এ ইৰ বিৰুদ্ধে ৩ আৰু পাকিস্তানৰ বিৰুদ্ধে দুটা উইকেট সংগ্ৰহ কৰে । কুলদ্বীপ যাদৱে ৯ উইকেটৰ সৈতে এই টুৰ্ণামেণ্টত সৰ্বাধিক উইকেট সংগ্ৰহ কৰা ভাৰতীয় বলাৰ হিচাপে বিবেচিত হয় । এইগৰাকী খেলুৱৈৰ প্ৰতি আজি অনুৰাগীয়ে যথেষ্ট আশা ৰাখিব ।

ইফালে বাংলাদেশৰ মুস্তাফিজুৰ ৰহমানে টুৰ্ণামেণ্টত ৭ টা উইকেট সংগ্ৰহ কৰে । তেওঁ টীমটোৰ বেছি উইকেট সংগ্ৰহ কৰা বলাৰ হিচাপে বিবেচিত হৈছে । তেওঁ ১৫০ T20 উইকেটৰ পৰা এটা উইকেট আতৰত আছে । বেটছমেনৰ ভিতৰত টীমটোৰ তৌহিদ হৃদয় আৰু লিটন দাসৰ পৰা ৰাণৰ আশা কৰিব । এই টুৰ্ণামেণ্টত দুয়ো ক্ৰমে, ১২৭ আৰু ১১৯ ৰাণ সংগ্ৰহ কৰিছে ।

দুয়োটা দলৰ খেলুৱৈসকল হ'ল:

ভাৰত:

অভিষেক শৰ্মা, শুভমন গিল, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), তিলক বাৰ্মা, সঞ্জু ছেমচন, শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী ।

বাংলাদেশ:

লিটন দাস (উইকেট কিপাৰ/অধিনায়ক), তাঞ্জিদ হাছান তামিম, মহম্মদ ছৈফ হাছান, তৌহিদ হৃদয়, ছামিম হোছেইন, জাকিৰ আলী, মেহিদি হাছান/ৰিশদ হোছেইন, নাছুম আহমেদ, শ্বোৰিফুল ইছলাম/তাঞ্জিম চাকিব, মুস্তাফিজুৰ ৰহমান আৰু টাস্কিন আহমেদ ।

লগতে পঢ়ক: ১৫ লাখৰ সোণৰ মোবাইল ক'ভাৰেৰে বিৰাট কোহলীক সন্মান এগৰাকী অনুৰাগীৰ

আই চি চিৰ চাবুক চলিল এখন ডাঙৰ দেশৰ ওপৰত, ক্ৰিকেট ব'ৰ্ডক কৰিলে নিলম্বন