UAE ত এছিয়া কাপ আয়োজন কৰিবলৈ সাজু BCCI, সমুখ-সমৰত লিপ্ত হ’ব ভাৰত-পাকিস্তান
ছেপ্টেম্বৰ মাহত আয়োজন কৰিব পৰা যাব প্ৰতিযোগিতাখন । এই কথাত সন্মতি প্ৰকাশ কৰিছে বি চি চি আইয়ে ।


Published : July 24, 2025 at 11:48 PM IST
হায়দৰাবাদ : এছিয়া কাপ ২০২৫ৰ আয়োজন সন্দৰ্ভত ডাঙৰ খবৰ ওলাইছে । সংবাদ মাধ্যমৰ বাতৰি যদি বিশ্বাস কৰা হয়, তেন্তে ভাৰতত এই প্ৰতিযোগিতা আয়োজন কৰা নহ’ব । বৰঞ্চ ভাৰতে আয়োজন কৰিবলগীয়া এই প্ৰতিযোগিতাখন এতিয়া ইউ এ ইত অনুষ্ঠিত হ’ব । এ চি চিৰ এখন বৈঠকৰ পাছত এই ঘোষণা কৰা হৈছে, য’ত ২৫খন সদস্য দেশৰ আটাইকেইখন দেশে অংশগ্ৰহণ কৰি স্থান সন্দৰ্ভত আলোচনা কৰে । বি চি চি আইক ভাৰ্চুৱেলি প্ৰতিনিধিত্ব কৰিছিল ইয়াৰ উপ-সভাপতি ৰাজীৱ শুক্লাই ।
এচিচিৰ এক সূত্ৰই নাম প্ৰকাশ নকৰাৰ চৰ্তত পিটিআইক জনোৱা মতে, "বি চি চি আইয়ে ইউ এ ইত এছিয়া কাপ আয়োজন কৰিব । ভাৰতে ডুবাইত সকলো খেল খেলাৰ সম্ভাৱনা আছে । সূচী সন্দৰ্ভত এতিয়াও আলোচনা চলি আছে ।"
বি চি চি আইৰ সম্পাদক দেৱজিৎ শইকীয়াই পি টি আইক কয়, "আমাৰ উপাধ্যক্ষ ৰাজীৱ শুক্লা জীয়ে এ চি চিৰ বৈঠকত অংশ লৈছিল । তেওঁ সদস্যসকলক অৱগত কৰিব । মই জল্পনা-কল্পনাত বিশ্বাস নকৰো, গতিকে কেইদিনমানৰ পিছত আনুষ্ঠানিকভাৱে গম পাব ।"

ঢাকাত এ চি চিৰ সভাপতি তথা পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী মহছিন নাকভিয়েও এই মহাদেশীয় প্ৰতিযোগিতাত ভাৰত-পাকৰ সম্ভাৱ্য মেচৰ বিষয়ে সোধাত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল । নাকভিয়ে সাংবাদিকৰ আগত কয়, "আমি অতি সোনকালে ঘোষণা কৰিম । আমি বি চি চি আইৰ সৈতে আলোচনা কৰিছো আৰু কিছুমান বিষয় আছে যিবোৰ আমি সোনকালে সমাধান কৰিম । ২৫ জন সদস্যই প্ৰত্যক্ষ বা ভাৰ্চুৱেলভাৱে সভাত অংশগ্ৰহণ কৰিছিল । আমি সকলোৱে একমত ।"
এছিয়া কাপ ২০২৫ সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ত অনুষ্ঠিত হ’ব, আবুধাবি আৰু ডুবাইত অনুষ্ঠিত হ’ব মেচ । এনে পৰিস্থিতিত ভাৰত আৰু পাকিস্তানৰ মাজত মেচো দেখা যায় । এছিয়া কাপত ভাৰত আৰু পাকিস্তানক একেটা গ্ৰুপতে স্থান দিয়া হ’ব । এনে পৰিস্থিতিত দুয়োৰে মাজত কমেও তিনিখন মেচ অনুষ্ঠিত হ’ব, যদিহে দুয়োটা দল ফাইনেলত প্ৰৱেশ কৰে ।

খবৰ অনুসৰি ৭ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ এছিয়া কাপৰ আয়োজন কৰিব পৰা যাব । তাৰিখসমূহ এতিয়াও নিশ্চিত হোৱা নাই । এছিয়া কাপৰ সূচী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব বি চি চি আইৰ উপ সভাপতি ৰাজীৱ শুক্লা আৰু এ চি চিৰ অধ্যক্ষ মহছিন নাকভিয়ে । এইবাৰ এছিয়া কাপ টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব । কাৰণ ২০২৬ চনত ভাৰত আৰু পাকিস্তানে যৌথভাৱে টি-২০ বিশ্বকাপৰ আয়োজন কৰিবলৈ গৈ আছে ।
ভাৰত-পাকিস্তানে ইখনে-সিখনৰ লগত ক্ৰিকেট খেলিব নিবিচাৰে । ইয়াৰ কাৰণ হৈছে পহলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী আক্ৰমণ । ইয়াৰ পিছত ভাৰতে অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰে । এতিয়া ভাৰতে ক্ৰীড়াক্ষেত্ৰত পাকিস্তানৰ সৈতে কোনো সম্পৰ্ক নৰখাৰ স্থিতি গ্ৰহণ কৰিছে ।

