ETV Bharat / sports

অশ্বিনে হঠাৎ অৱসৰ লোৱাৰ কাৰণ কি ?

ৰবিচন্দ্ৰন অশ্বিনে যোৱা ১৮ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ।

R Ashwin Retirement
অশ্বিনে হঠাৎ অৱসৰ লোৱাৰ কাৰণ (AP)
author img

By ETV Bharat Assamese Team

Published : December 21, 2024 at 2:06 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : ভাৰতীয় অলৰাউণ্ডাৰ ৰবিচন্দ্ৰন অশ্বিনে শেহতীয়াকৈ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ মাজতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে । ইয়াৰ পিছতে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । কিছুমানে অশ্বিনৰ সিদ্ধান্তৰ প্ৰশংসা কৰাৰ লগতে আনহাতে আন একাংশই ইয়াক ভাৰতীয় দলৰ ড্ৰেছিং ৰুমত চলি থকা সংঘাতৰ সৈতে জড়িত বুলি দাবী কৰিছে । আনকি অশ্বিনৰ পিতৃয়েও কৈছিল যে তেওঁৰ পুত্ৰ কেইবাবাৰো অপমানিত হৈছিল, যাৰ ফলত তেওঁ এই গুৰুত্বপূৰ্ণ পদক্ষেপ ল'বলৈ বাধ্য হৈছে ।

অশ্বিনে কি প্ৰতিশ্ৰুতি দিছিল ?

ব্ৰিছবেনৰ গাব্বাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ পিছতে অশ্বিনে হঠাতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্তৰ বিষয়ে মুকলিকৈ মতামত আগবঢ়াইছে অশ্বিনে । অশ্বিনে প্ৰকাশ কৰিছে যে তেওঁ ২০১২ চনত তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিৰ দিনতে নিজকে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ ভাৰতক ঘৰুৱা মাটিত আৰু কোনো টেষ্ট শৃংখলাত পৰাজিত হ'বলৈ নিদিয়ে ।

অশ্বিনৰ এটা বিশেষ ভিডিঅ' প্ৰকাশ বি চি চি আইৰ

শেহতীয়াকৈ বি চি চি আয়ে অভিজ্ঞ অফ স্পিনাৰ অশ্বিনৰ এটা বিশেষ ভিডিঅ' প্ৰকাশ কৰে য'ত তেওঁৰ কেৰিয়াৰৰ সকলো গুৰুত্বপূৰ্ণ উইকেট আৰু অন্যান্য মহান মুহূৰ্তসমূহ দেখুওৱা হৈছে । বিশেষ ভিডিঅ'টোত এম এছ ধোনীৰ নেতৃত্বত মেন ইন ব্লুৱে ২০১২ চনত ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত ১-২ ত পৰাজিত হোৱাৰ পিছত অশ্বিনে ভাৰতক আন এটা শৃংখলাত পৰাজিত হ'বলৈ নিদিয়াৰ তেওঁৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰা হৈছে ।

বি চি চি আয়ে প্ৰকাশ কৰা ভিডিঅ'টোত অশ্বিনে কৈছে, "চাওঁক,মই নাজানো ক'ৰ পৰা আৰম্ভ কৰো । সঁচাকৈ ক'বলৈ গ'লে, মই ২০১২ চনতে নিজকে এটা প্ৰতিশ্ৰুতি দিছিলো । আমি ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত পৰাজিত হৈছিলো, যি এক কঠিন শৃংখলা আছিল । সেই সময়ত মোৰ কেৰিয়াৰ আৰম্ভ হৈছিল আৰু মই নিজে নিজকে কৈছিলো যে মই আৰু ভাৰতক শৃংখলাত পৰাজিত হ'বলৈ নিদিও । আপুনি যিমানে উইকেট নলওঁক, ১০ বছৰ পাছত আপোনাৰ এইবোৰ মনত নাথাকে । স্মৃতিবোৰেই গুৰুত্বপূৰ্ণ ।"

১২ বছৰৰ বাবে ঘৰুৱা ১৮ খন টেষ্ট শৃংখলা জয় ভাৰতৰ

ইংলেণ্ডৰ হাতত শৃংখলাটো পৰাজিত হোৱাৰ পিছত, ভাৰতে ১২ বছৰৰ দীঘলীয়া সময় ধৰি ঘৰুৱা পৰিস্থিতিত নিজৰ আধিপত্য বজাই ৰাখিছিল, ঘৰুৱা মাটিত ১৮ খন টেষ্ট শৃংখলাত জয়ী হৈছিল । যি ধাৰা নিউজীলেণ্ডে ভাঙিছিল । ৯২ বছৰত প্ৰথমবাৰৰ বাবে তিনি বা ততোধিক মেচৰ শৃংখলাত ভাৰতক পৰাস্ত কৰিছিল । সেই সময়ছোৱাত, অশ্বিনে ভাৰতৰ ১২ বছৰতকৈ অধিক সময়ৰ ঘৰুৱা আধিপত্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, ৫৩ খন মেচত ২০.০৪ গড়ে ৩২০ টা উইকেট দখল কৰিছিল, যাৰ ভিতৰত আছিল ২৪ বাৰ পাঁচটা উইকেট আৰু ৫ বাৰ ১০ টা উইকেট লাভৰ কৃতিত্ব ।

ইয়াৰ উপৰিও, অভিজ্ঞ অলৰাউণ্ডাৰজনে ৬৪ টা ইনিংছত তিনিটা শতক আৰু ৬ টা অৰ্ধ-শতকৰ সৈতে ২৪.২৭ গড়ে ১৫০৫ ৰাণ সংগ্ৰহ কৰে । অশ্বিনে এই কথাও কৈছে যে তেওঁ কেতিয়াও তেওঁৰ কেৰিয়াৰত ইমান বোৰ উইকেট ল'ব বুলি আশা কৰা নাছিল ।

'ইমান উইকেট লম বুলি মই নিজেও নাজানিছিলো'

অশ্বিনে কয়, "যদি কোনোবাই মোক ২০১১ চনত ক'লে হয় যে মই ইমান উইকেট লম, মই ২০২৪ চনৰ ১৮ ডিচেম্বৰত অৱসৰ লম । মই তেওঁক বিশ্বাস নকৰিলোহেঁতেন, কিয়নো মই জানিছিলো যে এইখন মই ভাল পোৱা খেল, কিন্তু মই কেতিয়াও ইমান মৰম, ইমান উইকেট আৰু ইমান ৰাণ সংগ্ৰহ কৰাৰ আশা কৰা নাছিলো । মই বহুত সুখী আৰু যিসকলে মোক সমৰ্থন আৰু প্ৰত্যাহ্বান জনাইছিল তেওঁলোকৰ প্ৰতি মোৰ গভীৰ কৃতজ্ঞতা আছে । আজি, মই বহুত সুখী । ধন্যবাদ ।"

অশ্বিনে ১০৬ খন মেচত ৫৩৭ টা উইকেট লাভ কৰি টেষ্টত ভাৰতৰ দ্বিতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপে অৱসৰ গ্ৰহণ কৰে । তেওঁ খেলৰ আটাইতকৈ দীঘল ফৰ্মেটত যুটীয়াভাৱে সৰ্বাধিক প্লেয়াৰ অফ দ্য ছিৰিজ বঁটা (১১)ৰ অভিলেখ গঢ়িছে আৰু দ্বিতীয় সৰ্বাধিক ৫ টা উইকেট (৩৭) সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক :সকলোৰে সময় আহে আৰু আজি মোৰ যোৱাৰ সময়: অশ্বিনৰ বক্তব্যত আবেগিক সতীৰ্থ - R ASHWIN RETIREMENT