ETV Bharat / sports

লক্ষ্ণৌক ৩৭ ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত পঞ্জাৱ

টছত পৰাস্ত হোৱাৰ পাছত পঞ্জাবে প্ৰথমে বেটিং কৰি ২৩৬ ৰাণ সংগ্ৰহ কৰে, যাৰ প্ৰতিক্ৰিয়াস্বৰূপে লক্ষ্ণৌৰ দলে মাত্ৰ ১৯৯ ৰাণহে কৰিবলৈ সক্ষম হয় ।

IPL 2025
লক্ষ্ণৌক ৩৭ ৰাণত পৰাস্ত পঞ্জাৱৰ (AP)
author img

By ETV Bharat Assamese Team

Published : May 5, 2025 at 9:34 AM IST

2 Min Read
Choose ETV Bharat

ধৰ্মশালা : আই পি এল ২০২৫ৰ ৫৪ সংখ্যক মেচত পঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৩৭ ৰাণত পৰাস্ত কৰে ৷ ধৰমশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰভসীমৰণ সিঙৰ ধুমুহাময় ইনিংছ আৰু আৰ্শদীপ সিঙৰ চোকা বলিঙে পঞ্জাৱক ৩৭ ৰাণত এক দৰ্শনীয় জয় প্ৰদান কৰে । এই জয়ৰ জৰিয়তে পঞ্জাব কিংছে পইণ্ট তালিকাৰ দ্বিতীয় স্থান দখল কৰিছে ৷

এই মেচখনত প্ৰভসীমৰণ সিঙৰ উজ্জ্বল ৯১ ৰাণৰ বাবেই পি বি কে এছে নিৰ্ধাৰিত অভাৰত ৫ উইকেট হেৰুৱাই ২৩৬ ৰ বিশাল স্ক’ৰ কৰে ৷ ইয়াৰ পিছত আৰ্শদীপে এডেন মাৰ্ক্ৰাম, মিচেল মাৰ্ছ আৰু নিকোলাছ পুৰাণক পাৱাৰ প্লেত আউট কৰি মেচখন পি বি কে এছৰ সপক্ষে আনে ৷ লক্ষ্ণৌৰ হৈ ষষ্ঠ উইকেটৰ বাবে আয়ুষ বদোনিয়ে ৪০টা বলত ৫টা চাৰি আৰু ৫টা ছয়ৰে ৭৪ ৰাণ আৰু আব্দুল ছামাদে ২৪টা বলত ২টা চাৰি আৰু ৪ টা ছয়ৰে ৮১ ৰাণৰ অংশীদাৰিত্ব আগবঢ়ায় যদিও এল এছ জিয়ে ২০ অভাৰত ৭ উইকেট হেৰুৱাই মাত্ৰ ১৯৯ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু মেচখনত ৩৭ ৰাণত পৰাস্ত হয় ।

লক্ষ্ণৌৰ হৈ অধিনায়ক ঋষভ পণ্টে ১৭টা বলত ৩ টা চাৰিৰ সহায়ত ১৮ ৰাণ সংগ্ৰহ কৰে আৰু অষ্টম অভাৰত আজমাতুল্লাহ উমৰজাৰ বলত ডেভিদ মিলাৰে তেওঁৰ কেছ ধৰে ৷ পঞ্জাৱৰ হৈ আৰ্শদীপ সিঙে ৪ অভাৰত ১৬ ৰাণত ৩ উইকেট আৰু আজমতুল্লাহ উমৰজাই ২ উইকেট দখল কৰে ৷

ইয়াৰ পূৰ্বে পঞ্জাৱৰ হৈ প্ৰভসীমৰণ সিঙে ৪৮টা বলত ৯১ ৰাণৰ ইনিংছ খেলিছিল য’ত ৬টা চাৰি আৰু ৭টা ছয় আছিল ৷ অধিনায়ক আয়াৰে ২৫টা বলত ৪টা চাৰি আৰু ২টা ছয়ৰে ৪৫ ৰাণ সংগ্ৰহ কৰে ৷ জোছ ইংলিছে ৩০ ৰাণ আৰু শশাংক সিঙে ৩৩ ৰাণ আগবঢ়ায় ৷ লক্ষ্ণৌৰ হৈ দিগবেশ ৰাথী আৰু আকাশ সিঙে ২টাকৈ উইকেট দখল কৰে ৷ লক্ষ্য খেদি ফুৰাৰ সময়ত লক্ষ্ণৌ দলে ১৫ অভাৰত ১৪৫ ৰাণত ৫ উইকেট হৰুৱায় ৷

লগতে পঢ়ক : অথলে গ’ল ৰিয়ান পৰাগৰ বিধ্বংসী ইনিংছ, ৰোমাঞ্চকৰ মেচত মাত্ৰ এক ৰাণত পৰাস্ত ৰাজস্থান ৰয়েলছ

চি এছ কেক ২ ৰাণত পৰাস্ত কৰি প্লে অফত প্ৰৱেশ আৰ চি বিৰ

হায়দৰাবাদক পৰাস্ত কৰি পইন্ট তালিকাৰ দ্বিতীয় স্থানত গুজৰাট