ETV Bharat / sports

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ইতিহাস ৰচনা কৰি গৃহ চহৰত অংকিতা

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ব্ৰঞ্জ পদকৰে উজলিল অসমৰ মহিলা নেটবল দল ৷ মহিলা নেটবল দলৰ খেলুৱৈ অংকিতাক গৃহ চহৰ ডিব্ৰুগড়ত সম্বৰ্ধনা ক্ৰীড়া সংগঠন-ৰাইজৰ ৷

38th National Games
ৰাষ্ট্ৰীয় ক্ৰীড়াত ব্ৰঞ্জ পদক জয়ী অসমৰ দল (ETV Bharat Asssam)
author img

By ETV Bharat Assamese Team

Published : February 16, 2025 at 8:18 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: উত্তৰাখণ্ডত অনুষ্ঠিত হোৱা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ব্ৰঞ্জৰ পদকৰে উজলিল অসম দল । ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ মহিলা নেটবল দলটোৱে তৃতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনাত উৎফুল্লিত হৈছে ক্ৰীড়াপ্ৰেমী । দেশৰ বিভিন্ন ৰাজ্যৰ ৮ টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত সফলতা লাভ কৰি স্ব-গৃহত উপস্থিত হৈছে খেলুৱৈসকল । প্ৰথমবাৰৰ বাবে মহিলা নেটবল দলৰ খেলুৱৈয়ে ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক জিকি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয় ৷

অসমৰ মহিলা নেটবল দলক প্ৰতিনিধিত্ব কৰি ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ব্ৰঞ্জৰ পদকৰে ইতিহাস গঢ়িবলৈ সক্ষম হোৱা ডিব্ৰুগড় জিলাৰ লাহোৱালৰ অংকিতা চেতিয়াক শনিবাৰে বাণীপুৰ ৰে'লৱে ষ্টেচনত উপস্থিত হোৱাত অনুৰাগীসকলে বিপুল আদৰণি জনায় । এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে প্ৰতিভাৱান খেলুৱৈগৰাকীক নিজ গৃহ জাপিসজীয়ালৈ আদৰি অনা হয় । ইয়াৰ পাছতে খেলুৱৈ গৰাকীৰ লাহোৱালৰ জাপিসজীয়া গৃহত বিভিন্ন দল-সংগঠনে ফুলাম গামোচা, ফুলৰ থোপা, জাপিৰে সম্বৰ্ধনা জনায় ।

অংকিতাক গৃহ চহৰ ডিব্ৰুগড়ত সম্বৰ্ধনা ক্ৰীড়া সংগঠন-ৰাইজৰ (ETV Bharat Asssam)

ৰাষ্ট্ৰীয় পৰ্যায়ত এনেদৰে এগৰাকী খেলুৱৈয়ে সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱাত এতিয়া লাহোৱালৰ ক্ৰীড়া অনুৰাগীসকলৰ মাজত আনন্দৰ পৰিৱেশ সূচনা হৈছে ।

38th National Games
ৰাষ্ট্ৰীয় ক্ৰীড়াত ব্ৰঞ্জ পদক জয়ী অসমৰ দল (ETV Bharat Asssam)

কোন কোন খেলুৱৈ আছিল অসমৰ মহিলা নেটবল দলটোত:

  • ললিতা ডেকা- তামুলপুৰ,
  • হৰ্মিলা বড়ো- তামুলপুৰ,
  • হীৰামণি ডেকা- তামুলপুৰ,
  • অংকিতা চেতিয়া- ডিব্ৰুগড়,
  • হৰিপ্ৰিয়া ডেকাবৰুৱা- শিৱসাগৰ,
  • বনশ্ৰী কোঁৱৰ- চৰাইদেউ,
  • প্ৰেৰণা গগৈ- চৰাইদেউ
  • গানাইশ্ৰী বড়ো- বাক্সা,
  • ছোনিয়া বড়ো- বাক্সা,
  • মৈদাঙ্গশ্ৰী বড়ো- বাক্সা ।

অসম দলৰ ডিব্ৰুগড়ৰ অংকিতা চেতিয়াৰ মনৰ কথা:

অসমৰ মহিলা নেটবল দলক প্ৰতিনিধিত্ব কৰি ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ব্ৰঞ্জৰ পদকৰে ইতিহাস গঢ়িবলৈ সক্ষম হোৱা ডিব্ৰুগড় জিলাৰ লাহোৱালৰ অংকিতা চেতিয়াই সংবাদ মাধ্যমত কয়, "এই সফলতা লাভ কৰি আনন্দিত হৈ পৰিছো । এই সফলতাৰ বাবে মোৰ মা-দেউতা আৰু প্ৰশিক্ষণ দিয়া ছাৰসকলক ধন্যবাদ জনাইছো । তেওঁলোকৰ সহায়ৰ বাবেই মই আগবাঢ়িব পাৰিছো । অসমৰ উপৰিও এই প্ৰতিযোগিতাত কৰ্ণাটক, পাঞ্জাৱ, দিল্লী, হাৰিয়ানাৰ, ছত্তিশগড় আদি ৰাজ্যৰ দলে অংশগ্ৰহণ কৰিছিল । মই ২০২০ চনৰ পৰা খেল খেলিবলৈ আৰম্ভ কৰিছিলো । বকুল হাইস্কুল খেলপথাৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিলো । নতুন প্ৰজন্মক পঢ়াৰ সমান্তৰালকৈ খেলা-ধূলা কৰিবলৈ আহ্বান জনালে প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ।

লগতে পঢ়ক: লাভলীনা-অংকুশিতাৰ হাতৰ যাদুৰে ৰাষ্ট্ৰীয় ক্ৰীড়াত প্ৰথম স্বৰ্ণ অসমৰ: বক্সিঙত পাঁচটা পদক অৰ্জন