কাৰ ভাগ্যত আছে অভেল টেষ্ট জয়, অন্তিম দিনা ভাৰতক লাগে ৪ টা উইকেট আৰু ইংলেণ্ডক ৩৫ ৰাণ
প্ৰতিকূল বতৰৰ বাবে অভেল টেষ্টৰ চতুৰ্থ দিন সময়ৰ পূৰ্বেই বন্ধ কৰিবলগীয়া হয় । পঞ্চম দিন হ'ব উভয় দলৰ বাবে গুৰুত্বপূৰ্ণ ।

Published : August 4, 2025 at 11:28 AM IST
হায়দৰাবাদ : পোহৰৰ অভাৱ আৰু পৰৱৰ্তী সময়ত বৰষুণৰ ফলত অভেলত পঞ্চম টেষ্টৰ চতুৰ্থ দিনা নিৰ্ধাৰিত সময়ৰ পূৰ্বে খেল শেষ কৰিবলগীয়া হয় । এতিয়া ৰোমাঞ্চকৰ খেলখনৰ পঞ্চম দিনা জয়ী হ'বলৈ ইংলেণ্ডক আৰু ৩৫ ৰাণৰ প্ৰয়োজন হোৱাৰ বিপৰীতে বিস্ময়কৰ জয়ৰ বাবে ভাৰতক ৪ টা উইকেটৰ প্ৰয়োজন ।
বৰষুণৰ বাবে মেচখনৰ ফলাফলৰ বাবে পঞ্চম দিনলৈ অপেক্ষা কৰিবলগীয়া হ'ল । অৰ্থাৎ চলি থকা ৫ খনীয়া ৰোমাঞ্চকৰ শৃংখলাৰ প্ৰতিখন টেষ্ট অন্তিম দিনলৈকে লৈ যোৱা হৈছে । চতুৰ্থ দিনটোত ইংলেণ্ডে ৩৭৪ ৰাণৰ টাৰ্গেট সম্পূৰ্ণ কৰিবলৈ সাজু যেন দেখা গৈছিল । যাৰ নেতৃত্ব দিছিল জ' ৰুট আৰু হেৰী ব্ৰুকে । দুয়োগৰাকী বেটছমেনে শতক অৰ্জন কৰিছে ।
ৰুট-ব্ৰুকৰ শতক
দেওবাৰে মেচৰ চতুৰ্থ দিনা ক্ৰিকেটৰ দীৰ্ঘতম সংস্কৰণত দুৰ্দান্ত ফৰ্ম অব্যাহত ৰখা ৰুটে কেৰিয়াৰৰ ৩৯ সংখ্যক টেষ্ট শতক অৰ্জন কৰে । ১৫২ টা বলত ১০৫ ৰাণ সংগ্ৰহ কৰি ৰুটে প্ৰাক্তন ক্ৰিকেটাৰ গ্ৰেহাম থৰ্পক তেওঁৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জনায় । হেৰী ব্ৰুকে ৯৮ বলত ১১১ ৰাণ সংগ্ৰহ কৰে ৷ দীঘলীয়া ফৰ্মেটত তেওঁৰ দশম শতক আছিল ।
ৰুট আৰু ব্ৰুকৰ ১৯৫ ৰাণৰ এক কাউণ্টাৰ পাৰ্টনাৰশ্বিপৰ ফলত ইংলেণ্ডক এতিয়ালৈকে দ্বিতীয় সৰ্বোচ্চ টাৰ্গেট সম্পূৰ্ণ কৰাৰ আশা দেখুৱাইছে ।
ভাৰতীয় বলাৰৰ প্ৰতিৰোধ
খেলখনত ইংলেণ্ডৰ বিজয় প্ৰায় নিশ্চিত যেন লাগিছিল যদিও ভাৰতীয় পেচাৰসকলে হিট বেক কৰে আৰু তাৰ পিছত প্ৰসিদ্ধ কৃষ্ণই ৰুট আৰু জেকব বেথেলক আউট কৰি ভাৰতক মেচখনত নতুন টুইষ্ট দিয়ে । মেঘাছন্ন পৰিস্থিতিৰ বাবে ভাৰতে ছিম মুভমেণ্ট পাইছিল আৰু খেলখনত জেমী স্মিথ আৰু জেমী অভাৰটনৰ সন্মুখত সমস্যাৰ সৃষ্টি কৰিছিল ।
ভাৰতে খেলখনত নিজৰ স্থিতি শক্তিশালী কৰাৰ পূৰ্বে বৰষুণে হস্তক্ষেপ কৰে আৰু আম্পায়াৰে দিনটোৰ বাবে খেলখন বন্ধ কৰি দিয়ে । সেই সময়ত ইংলেণ্ডে ৬ উইকেটত ৩৩৯ ৰাণ কৰিছিল আৰু এতিয়াও জয়ী হ'বলৈ ৩৫ ৰাণৰ প্ৰয়োজন ।
অভেল টেষ্টৰ পঞ্চম দিনৰ বতৰৰ প্ৰতিবেদন
পঞ্চম দিনা মেচখন ভাৰতৰ পক্ষত যাব নে ইংলেণ্ডে ৩-১ ত শৃংখলা জয় কৰিবলৈ সক্ষম হ'ব সেয়া লক্ষ্যণীয় হ'ব ৷ এই সকলোবোৰৰ মাজতে বতৰেও অতি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে । একুৱেদাৰৰ তথ্য অনুসৰি দুপৰীয়াৰ পূৰ্বে বৰষুণ নহয় । কিন্তু দুপৰীয়া ২ বজাৰ পিছত বৰষুণৰ সম্ভাৱনা ৬০ শতাংশলৈ বৃদ্ধি পাব পাৰে । পুৱাৰ অধিৱেশনত বতৰ ডাৱৰীয়া হৈ থাকিব, যিয়ে ভাৰতীয় বলাৰসকলক নতুন বলৰ সৈতে সহায় কৰিব পাৰে ।
লগতে পঢ়ক :ডুবাইত হ’ব ভাৰত-পাকিস্তানৰ মেচ, এছিয়া কাপ ২০২৫ৰ স্থান ঘোষণা এচিচিৰ - ASIA CUP 2025

