এছিয়া কাপৰ পূৰ্বে ক্ৰিকেটক চিৰবিদায় ভাৰতীয় তাৰকা লেগ স্পিনাৰৰ
এছিয়া কাপ ২০২৫ ৰ পূৰ্বে টীম ইণ্ডিয়াৰ এগৰাকী তাৰকা লেগ স্পিনাৰে সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে ।

Published : September 4, 2025 at 4:32 PM IST
নতুন দিল্লী: ৯ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ ২০২৫ ত অংশগ্ৰহণ কৰিব টীম ইণ্ডিয়াই ৷ তাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলটোৰ অনুৰাগীৰ বাবে আছে এটা বেয়া লগা খবৰ ৷
বৃহস্পতিবাৰে ভাৰতীয় ক্ৰিকেটাৰ অমিত মিশ্ৰই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে । ইয়াৰ লগে লগে ভাৰতীয় লেগ স্পিনাৰ অমিত মিশ্ৰৰ ২৫ বছৰীয়া ক্ৰিকেট কেৰিয়াৰৰ অন্ত পৰে ।
সামাজিক মাধ্যমত অমিত মিশ্ৰৰ আবেগিক পোষ্ট
অমিত মিশ্ৰই নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰি অৱসৰৰ কথা ঘোষণা কৰে । পোষ্টটো আছিল এনেধৰণৰ, ‘‘আজি ২৫ বছৰৰ মূৰত ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছো । যি খেল মোৰ প্ৰথম প্ৰেম, মোৰ গুৰু আৰু মোৰ সুখৰ সৰ্বোচ্চ উৎস হৈ আহিছে । এই যাত্ৰা অপৰিসীম আবেগেৰে ভৰি আছে । এয়া গৌৰৱ, কষ্ট, শিক্ষণ আৰু আবেগৰ মুহূৰ্ত । বি চি চি আই, হাৰিয়ানা ক্ৰিকেট এছ’চিয়েশ্যন, মোৰ প্ৰশিক্ষক, সহায়ক কৰ্মচাৰী, সতীৰ্থ আৰু অনুৰাগীসকলৰ প্ৰতি মই গভীৰভাৱে কৃতজ্ঞ, যিসকলৰ বিশ্বাস আৰু সমৰ্থনে মোক প্ৰতিটো খোজতে শক্তি প্ৰদান কৰিছিল ৷’’
Today, after 25 years, I announce my retirement from cricket — a game that has been my first love, my teacher, and my greatest source of joy.
— Amit Mishra (@MishiAmit) September 4, 2025
This journey has been filled with countless emotions — moments of pride, hardship, learning, and love. I am deeply grateful to the BCCI,… pic.twitter.com/ouEzjU8cnp
মিশ্ৰই পুনৰ লিখিছে, ‘‘প্ৰথম দিনৰ সংগ্ৰাম আৰু ত্যাগৰ পৰা আৰম্ভ কৰি খেলপথাৰত কটোৱা অবিস্মৰণীয় মুহূৰ্তলৈকে প্ৰতিটো অধ্যায়ৰ এক অভিজ্ঞতাই মোক ক্ৰিকেটাৰ আৰু এজন মানুহ হিচাপে গঢ় দিছে । মোৰ উত্থান-পতনৰ মাজেৰে মোৰ লগত শক্তিশালীভাৱে থিয় দিয়াৰ বাবে মোৰ পৰিয়ালক ধন্যবাদ । এই যাত্ৰাক ইমান বেছি বিশেষ কৰি তোলাৰ বাবে মোৰ সতীৰ্থ আৰু গুৰুসকলক ধন্যবাদ ।’’
‘‘এই অধ্যায়ৰ সামৰণি মাৰি মোৰ হৃদয় কৃতজ্ঞতা আৰু মৰমেৰে উপচি পৰিছে । ক্ৰিকেটে মোক সকলো দিছে আৰু এতিয়া মই সেই খেলখনক কিবা এটা ঘূৰাই দিবলৈ আগ্ৰহী, যিয়ে মোক আজিৰ তাৰিখত এনেকৈ থিয় হ’ব পৰাকৈ এনেদৰে সৃষ্টি কৰিলে’’- বুলি পোষ্টটোৰ শেষত ক্ৰিকেটাৰগৰাকীয়ে উল্লেখ কৰে ৷
অমিত মিশ্ৰৰ ক্ৰিকেট কেৰিয়াৰ
২০০৩ চনত বাংলাদেশত অনুষ্ঠিত হোৱা ত্ৰিদেশীয় এদিনীয়া শৃংখলাত ভাৰতৰ হৈ আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটোৱা অমিত মিশ্ৰই ২০০৮ চনত মোহালীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটায় । ২০১০ চনত ক্ৰিকেটাৰগৰাকীয়ে টি-২০ ক্ৰিকেটতো অভিষেক ঘটায় ।
ভাৰতৰ হৈ অমিতে ২২ খন টেষ্ট মেচৰ ৪০ টা ইনিংছত ৭৬ টা উইকেট দখল কৰে । তেওঁৰ নামত আছে ৩৬ খন এদিনীয়া মেচত ৬৪ টা উইকেট দখলৰ কৃতিত্ব । ১০ খন টি-২০ মেচত ১৬ টা উইকেট দখল কৰিছে বাওঁহতীয়া লেগস্পিনাৰগৰাকীয়ে ।
ক্ৰিকেটাৰগৰাকীৰ আই পি এল কেৰিয়াৰ
২০০৮ চনৰ পৰা ২০২৪ চনলৈ অমিত মিশ্ৰই আই পি এল খেলিছিল । এই সময়ছোৱাত তেওঁ ১৬২ খন মেচত ১৭৪ টা উইকেট দখল কৰে । আই পি এলত তিনিটা হেট্ৰিকো অৰ্জন কৰিছে মিশ্ৰই । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত এনে কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী বলাৰ হিচাপেও পৰিচিত হয় ভাৰতীয় ক্ৰিকেটাৰগৰাকী ।
আই পি এলত তিনিটা ভিন্ন দলৰ হৈ হেট্ৰিক অৰ্জন কৰিছে মিশ্ৰই । ২০০৮ চনত দিল্লী ডেয়াৰডেভিলছ (বৰ্তমান দিল্লী কেপিটেলছ), ২০১১ চনত কিংছ একাদশ পঞ্জাৱ (বৰ্তমান পঞ্জাব কিংছ) আৰু ২০১৩ চনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ হেট্ৰিক অৰ্জন কৰে অমিত মিশ্ৰই ৷
অমিত মিশ্ৰৰ নামত আছে এই বিশেষ অভিলেখসমূহ
তেওঁ ২০১৩ চনত জিম্বাব’ৱেত অনুষ্ঠিত পাঁচখন মেচৰ শৃংখলাত ১৮ টা উইকেট দখল কৰি দ্বিপাক্ষিক এদিনীয়া শৃংখলাত সৰ্বাধিক উইকেট দখল কৰি জাভাগল শ্ৰীনাথৰ বিশ্ব অভিলেখৰ সৈতে সমতা অৰ্জন কৰে । ২০১৪ চনত বাংলাদেশত অনুষ্ঠিত টি-২০ বিশ্বকাপতো ক্ৰিকেটাৰগৰাকীয়ে অংশগ্ৰহণ কৰে ৷ ইয়াত তেওঁ ১০ টা উইকেট দখল কৰাৰ লগতে ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে পৰাজিত হৈ ৰাণাৰ্ছ আপৰ সন্মান লাভ কৰে ৷
অমিত মিশ্ৰই ২০১৭ চনত ভাৰতৰ হৈ অন্তিমখন মেচ খেলিছিল । ইয়াৰ পিছত মিশ্ৰই ঘৰুৱা ক্ৰিকেট আৰু আই পি এলত খেল অব্যাহত ৰাখিছিল । আই পি এল ২০২৪ ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হোৱা খেলখনেই আছিল তেওঁৰ কেৰিয়াৰৰ অন্তিমখন প্ৰতিযোগিতামূলক ক্ৰিকেট খেল ৷
২৫ বছৰীয়া কেৰিয়াৰত মিশ্ৰৰ বাবে কোনটো মুহূৰ্ত আছিল বিশেষ ?
অমিত মিশ্ৰই আই এন এছৰ সৈতে হোৱা বাৰ্তালাপত কিছুমান বিশেষ কথাৰ ওপৰত আলোকপাত কৰে । তেওঁক সোধা হৈছিল, আপোনাৰ ক্ৰিকেট কেৰিয়াৰৰ কোনটো কৃতিত্ব বা মুহূৰ্ত আপোনাৰ বাবে আটাইতকৈ স্মৰণীয় ? উত্তৰত ক্ৰিকেটাৰগৰাকীয়ে কৈছিল - ‘‘এনে বহু মুহূৰ্ত আছে যদিও এটা বিশেষ মুহূৰ্তৰ কথা উল্লেখ কৰিব বিচাৰিছো । মোহালীত টেষ্ট ক্ৰিকেটত হোৱা মোৰ অভিষেক । সেই সময়তে অনিল (কুম্বলে) ভাই আঘাতপ্ৰাপ্ত হৈছিল আৰু মোৰ ওপৰত বহুত চাপ পৰিছিল ৷ কাৰণ সমগ্ৰ সংবাদ মাধ্যমে কৈছিল- অনিল ভাইয়ে ইমানদিনে টেষ্ট দলৰ বাবে যি কৰিলে, সেয়া মই কৰিব পাৰিলে ভাল আছিল ।’’
মিশ্ৰই পুনৰ কয়, ‘‘এইটো এটা বিশেষ মুহূৰ্ত আছিল, যেতিয়া অনিল ভাইয়ে মোক পুৱা মেচখনত খেলিম বুলি কৈছিল আৰু মোক পেছাদাৰীভাৱে খেলিবলৈ আৰু উন্নত প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰিছিল । তাৰপিছত মই মোৰ অভিষেক মেচত পাঁচ উইকেটৰ হলকে ধৰি মুঠ ৮ টা উইকেট দখল কৰিলোঁ আৰু সেইটোৱেই মোৰ কেৰিয়াৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু স্মৰণীয় মুহূৰ্ত হৈ সদায় মনত জিলিকি থাকিব ।’’
‘‘তাৰপিছত মই বহুতো ভাল ভাল স্মৃতি গঢ়াৰ সুযোগ পালো । কিন্তু টেষ্ট অভিষেকটোও বিশেষ, কাৰণ মই অনুভৱ কৰিছিলো যে ভাৰতৰ হৈ টেষ্ট খেলিবলৈ ইয়াতকৈ স্মৰণীয় আৰু ভাল পৰিস্থিতি কেতিয়াও হ’ব নোৱাৰিলেহেঁতেন । যেনেকৈ অনিল ভাই বাহিৰ হৈছিল আৰু মই তেওঁৰ ঠাই ল’বলৈ আহিছিলো । এয়া মোৰ বাবে আটাইতকৈ ডাঙৰ কৃতিত্ব যেন লাগিল আৰু ই মোৰ মনৰ পৰা কেতিয়াও বাহিৰ নহয়’’ বুলি ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
লগতে পঢ়ক: অবৈধ বেটিং এপৰ সৈতে জড়িতৰ সন্দেহত ক্ৰিকেটাৰ শিখৰ ধৱনলৈ ই ডিৰ চমন

