এখন মেচ, বহু অভিলেখ; বিশ্বকাপৰ এইখন ৰোমাঞ্চকৰ মেচত ভংগ হৈছিল বহু অভিলেখ
মহিলা বিশ্বকাপ ২০২৫ৰ ভাৰত বনাম অষ্ট্ৰেলিয়াৰ খেলৰ সময়ত বহু অভিলেখ গঢ়িছিল ।

Published : October 14, 2025 at 7:57 AM IST
হায়দৰাবাদ : ১২ অক্টোবৰ দেওবাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হয় মহিলা বিশ্বকাপ ২০২৫ৰ ত্ৰয়োদশ মেচ ৷ ভাৰতে নিৰ্ধাৰণ কৰি দিয়া ৩৩১ ৰাণৰ বিশাল লক্ষ্য অষ্ট্ৰেলিয়াই ৪৯ অভাৰত ৭ উইকেট হেৰুৱাই উপনীত হয় আৰু মহিলাৰ এদিনীয়া ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰাণ অনুসৰণ কৰোতা হিচাপে পৰিগণিত হয় ৷ এই ৰোমাঞ্চকৰ খেলখনত কেইবাটাও বিশ্ব অভিলেখো সৃষ্টি হয় ৷ সেই অভিলেখকেইটা জানো আহক ৷
- এই খেলখনত স্মৃতি মান্ধনাই ৮০ ৰাণ সংগ্ৰহ কৰি ৫,০০০ এদিনীয়া ৰাণ সংগ্ৰহ কৰা আটাইতকৈ কম বয়সীয়া আৰু দ্ৰুততম মহিলা বেটছমেন হিচাপে পৰিগণিত হয় ৷
- মান্ধনাই কেলেণ্ডাৰ বছৰত ১০০০ ৰাণ অতিক্ৰম কৰা প্ৰথমগৰাকী মহিলা বেটছমেন হিচাপে পৰিগণিত হয় ৷ তেওঁ ১৮ ইনিংছত ১০৬২ ৰাণ সংগ্ৰহ কৰে ৷
- মেচখনত মান্ধনা আৰু প্ৰতীক ৰাৱলে ১৫৫ ৰাণৰ আৰম্ভণিৰ অংশীদাৰিত্ব ভাগ কৰিছিল, যিটো মহিলা বিশ্বকাপৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিক ৷
- এই মেচখনত মুঠ ১৩টা ছয় মৰা হৈছিল, যিটো মহিলাৰ এদিনীয়া বিশ্বকাপৰ ইতিহাসত এখন খেলত সৰ্বাধিক ছয় ৷
- অষ্ট্ৰেলিয়াই ৩৩১ ৰাণৰ লক্ষ্যত উপনীত হয়, যিটো মহিলাৰ এদিনীয়া ক্ৰিকেটৰ সৰ্বাধিক চেজ ৷
- অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ এনাবেল চাথাৰলেণ্ডে জন্মদিনত পাঁচ উইকেট দখল কৰা প্ৰথমগৰাকী মহিলা আৰু এদিনীয়া ক্ৰিকেটত সামগ্ৰিকভাৱে দ্বিতীয়গৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় ৷
- অষ্ট্ৰেলিয়াৰ অধিনায়ক এলিছা হিলীয়ে ২১টা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ১০৭টা বলত ১৪২ ৰাণ সংগ্ৰহ কৰে ৷ মহিলাৰ এদিনীয়া ইতিহাসৰ সৰ্ববৃহৎ সফল চেজত এইটোৱেই সৰ্বোচ্চ স্ক’ৰ ৷
- এলিছা হিলীয়ে ১০০খন এদিনীয়া মেচত জয়লাভ কৰা প্ৰথমগৰাকী মহিলা উইকেটকীপাৰ হিচাপে পৰিগণিত হয় ৷
মহিলা বিশ্বকাপ ২০২৫ত ভাৰতৰ প্ৰদৰ্শন
মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ দখলৰ অন্যতম দাবীদাৰ ভাৰতীয় মহিলা দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে জয়েৰে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিছিল আৰু তাৰ পিছত দ্বিতীয়খন খেলত পাকিস্তানক পৰাস্ত কৰিছিল ৷ কিন্তু পৰৱৰ্তী দুখন মেচত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ বাবে তেওঁলোকৰ বাবে শীৰ্ষ চাৰিটা স্থান অক্ষুণ্ণ ৰখাত অসুবিধাৰ সৃষ্টি হৈছে ৷ ভাৰতীয় দলটোৱে এতিয়াও ইংলেণ্ড, নিউজীলেণ্ড, বাংলাদেশৰ বিৰুদ্ধে খেলিব লাগিব ৷ ছেমিফাইনেল স্থানৰ দৌৰত থাকিবলৈ হ’লে তেওঁলোকে তিনিখন মেচৰ ভিতৰত কমেও দুখন খেলত জয়ী হ’ব লাগিব ৷ বৰ্তমান ভাৰতে চাৰিখন মেচত দুখন জয় আৰু দুখন পৰাজয়ৰ সৈতে পইণ্ট তালিকাত তৃতীয় স্থানত আছে ৷
লগতে পঢ়ক : বিশ্বকাপত একেৰাহে দ্বিতীয়টো পৰাজয় ভাৰতৰ; হিলীৰ আকৰ্ষণীয় শতক

